ফিফা বিশ্বকাপ ২০২৬ ৰ বাবে আৰ্জেণ্টিনাৰ দল ঘোষণা, ষষ্ঠবাৰলৈ বিশ্বকাপৰ যুঁজত নামিব মেছি
আৰ্জেণ্টিনাৰ মুখ্য প্ৰশিক্ষক লিয়নেল স্কাল’নিয়ে ১১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া আগন্তুক ফিফা বিশ্বকাপ ২০২৬ৰ বাবে ডিফেণ্ডিং চেম্পিয়ন দলটোৰ ২৬ জনীয়া খেলুৱৈ তালিকা ঘোষণা কৰে ।


By ANI
Published : May 29, 2026 at 9:10 AM IST
বুয়েনছ আয়াৰ্ছ (আৰ্জেন্টিনা): অহা ১১ জুনৰ পৰা আৰম্ভ হ’ব বিশ্ব ফুটবলৰ মহাৰণ ফিফা বিশ্বকাপ ২০২৬ ৷ আমেৰিকা, কানাডা আৰু মেক্সিকোই যৌথভাৱে আয়োজন কৰিছে ফিফা বিশ্বকাপ ৷ আমেৰিকাৰ ১১ খন, মেক্সিকোৰ ৩ খন আৰু কানাডাৰ দুখন চহৰত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ ২০২৬ ৰ মেচসমূহ । প্ৰায় এমাহ ধৰি চলিবলগীয়া এই ফুটবলৰ মহাৰণত এইবাৰ অংশ ল’ব ৪৮ টা দলে । পূৰ্বৰ সংস্কৰণত মুঠ দলৰ সংখ্যা আছিল ৩২ টা । ১১ জুনৰ পৰা ১৯ জুলাই পৰ্যন্ত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ ৷
আৰ্জেণ্টিনাৰ মুখ্য প্ৰশিক্ষক লিয়নেল স্কাল’নিয়ে ১১ জুনৰ পৰা আমেৰিকা, কানাডা আৰু মেক্সিকোত আৰম্ভ হ’বলগীয়া আগন্তুক ফিফা বিশ্বকাপ ২০২৬ৰ বাবে ডিফেণ্ডিং চেম্পিয়ন দলটোৰ ২৬ জনীয়া খেলুৱৈ তালিকা ঘোষণা কৰে । যোৱা সপ্তাহত ইণ্টাৰ মিয়ামিক প্ৰতিনিধিত্ব কৰাৰ সময়ত বাওঁফালৰ হামষ্ট্ৰিঙৰ সমস্যাৰ বাবে শেহতীয়াকৈ উদ্বেগ প্ৰকাশ কৰাৰ পিছতো ফিফা বিশ্বকাপত ষষ্ঠবাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে দলটোৰ অধিনায়ক লিয়নেল মেছি ।
The greatest show in the world is ready. Are you? 🏆#FIFAWorldCup pic.twitter.com/ISxLhuLUkm
— FIFA World Cup (@FIFAWorldCup) April 1, 2026
২০২২ চনত কাটাৰত লাভ কৰা খিতাপ ৰক্ষাৰ বাবে সাজু হোৱা আৰ্জেণ্টিনাৰ অভিযানৰ মূল শক্তি হৈছে ৩৮ বছৰীয়া ফৰৱাৰ্ডগৰাকী । পূৰ্বৰ সংস্কৰণৰ সময়ছোৱাত আৰ্জেণ্টিনাৰ বিজয়ী দৌৰত মেছিয়ে মুখ্য ভূমিকা পালন কৰিছিল ৷ প্ৰতিযোগিতাখনৰ সময়ছোৱাত ৭টা গ’ল দিছিল আৰু তিনিটা এছিষ্ট পঞ্জীয়ন কৰিছিল ।
প্ৰতিযোগিতাখনৰ বাবে আৰ্জেণ্টিনাই দুখন আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচৰ জৰিয়তে প্ৰস্তুতি আৰম্ভ কৰিব । লিয়নেল স্কাল’নিৰ দলটোৱে ৬ জুনত হণ্ডুৰাছৰ বিৰুদ্ধে খেলিব আৰু তাৰ পাছত ৯ জুনত আইচলেণ্ডৰ বিৰুদ্ধে খেলিব ।
ৱাৰ্ম আপ ফিক্সচাৰ সম্পূৰ্ণ হোৱাৰ পিছত ডিফেণ্ডিং চেম্পিয়ন দলটোৱে প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ খেলখনৰ পূৰ্বে নিজৰ বেছ কেম্প কানছাছ চিটিলৈ যাব । ফিফা বিশ্বকাপ ২০২৬ৰ গ্ৰুপ জেত স্থান লাভ কৰা আৰ্জেণ্টিনাই ১৬ জুনত আলজেৰিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব আৰু তাৰ পিছত অষ্ট্ৰিয়া আৰু জৰ্ডানৰ বিৰুদ্ধে খেলিব ।
আৰ্জেণ্টিনাৰ প্ৰস্তুতিৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়ত এই দল ঘোষণা কৰা হৈছে, কিয়নো স্কাল’নিয়ে বিশ্বব্যাপী প্ৰতিযোগিতাখনৰ পূৰ্বে কম্বিনেচনসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু খেলুৱৈৰ ফিটনেছৰ মূল্যায়ন অব্যাহত ৰাখিছে ।
আৰ্জেণ্টিনাই ঘোষণা কৰা সম্পূৰ্ণ দলটো হ’ল-
গ’লৰক্ষক: এমিলিয়ানো মাৰ্টিনেজ, জেৰ’নিমো ৰুলি আৰু জুয়ান মুছ’
ডিফেণ্ডাৰ: গনজালো মণ্টিয়েল, নাহুৱেল মলিনা, লিছাণ্ড্ৰ’ মাৰ্টিনেজ, নিকোলাছ অটামেণ্ডি, লিওনাৰ্ডো বালেৰ্ডি, ক্রিষ্টিয়ান ৰোমাৰো, নিকোলাছ টাগ্লিয়াফিকো, ফাকুণ্ডো মেডিনা
মিডফিল্ডাৰ: জিওভানি লো চেলছ’, লিয়াণ্ড্ৰ’ পেৰেডেছ, ৰড্ৰিগো ডি পল, এক্সেকুৱেল পালাচিঅ’ছ, এনজো ফাৰ্নাণ্ডেজ, এলেক্সিছ মেক এলিষ্টাৰ, ভেলেণ্টিন বাৰ্কো
ফৰৱাৰ্ড: লিয়নেল মেছি, নিকোলাছ গনজালেজ, জিউলিয়ানো চিমিওনে, লাউটাৰো মাৰ্টিনেজ, জোচে মেনুৱেল লোপেজ, জুলিয়ান আলভাৰেজ, থিয়াগো আলমাডা, নিকো পাজ
লগতে পঢ়ক: আইপিএল ২০২৬ৰ প্লে অফৰ সূচী চূড়ান্ত; জানক কেতিয়া, কোন দলৰ মাজত ক’ত হ’ব খেল

