ETV Bharat / sports

অৱসৰ ল'ব ! ২০২৬ চনৰ বিশ্বকাপেই হ’ব ৰ’নাল্ডোৰ কেৰিয়াৰৰ অন্তিম বিশ্বকাপ

শুকুৰবাৰৰ খেলত আয়াৰলেণ্ডক পৰাস্ত কৰিব পাৰিলে ৰ’নাল্ডোৰ পৰ্তুগালে বিশ্বকাপ ২০২৬ ৰ মূল মঞ্চত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব ।

Cristiano Ronaldo
ক্ৰিষ্টিয়ানো ৰ’নাল্ডো (Getty Images)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 8:06 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: সাধাৰণতে বৰ্ধিত বয়সে এগৰাকী ফুটবলাৰৰ শৰীৰত প্ৰভাৱ পেলায় আৰু সিয়ে তেওঁলোকৰ খেলৰ মান হ্ৰাস কৰে । কিন্তু পৰ্তুগীজ ফুটবলাৰ তথা তাৰকা খেলুৱৈ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ ক্ষেত্ৰত সেয়া যেন প্ৰযোজ্য নহয়, যি ৪০ বছৰ বয়সতো অপ্ৰতিৰোধ্য হৈ আছে ৷

২০২৫-২৬ ছিজনৰ আৰম্ভণিলৈকে ছৌদি ক্লাব আল নাছাৰৰ সৈতে নতুন চুক্তি স্বাক্ষৰ কৰিছে তাৰকা ফুটবলাৰগৰাকীয়ে । তেওঁ চলিত ছিজনত ১১ খন খেলত ১০ টা গ’ল দিয়াৰ লগতে দুটা এছিষ্ট প্ৰদান কৰে । এইবাৰ নিজৰ দেশৰ জাৰ্ছী পিন্ধি দ্বিতীয়বাৰৰ বাবে ইউ এফ এ নেশ্যনছ লীগ জয় কৰাৰ পিছত চি আৰ ৭ এ আগন্তুক বছৰৰ বিশ্বকাপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । এনে সময়তে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰগৰাকীয়ে অৱসৰৰ কথা ঘোষণা কৰিছে ।

শেহতীয়াকৈ ৰিয়াধত অনুষ্ঠিত শীৰ্ষ সন্মিলনৰ ভ্ৰমণৰ সময়তে ৰ’নাল্ডোৱে নিশ্চিত কৰিছে যে ২০২৬ চনৰ বিশ্বকাপ হ’ব তেওঁৰ কেৰিয়াৰৰ অন্তিমখন প্ৰতিযোগিতা ৷ অভিলেখসংখ্যক ৯৫৩ টা গ’ল দিয়া এইগৰাকী খেলুৱৈয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ এবছৰ বা দুবছৰৰ পাছত ফুটবল জগতৰ পৰা বিদায় ল’ব ৷

উল্লেখ্য যে, বিশ্বকাপৰ সৈতে জড়িত এক প্ৰশ্নৰ উত্তৰত ৰ’নাল্ডোৱে কয় যে ২০২৬ চনৰ বিশ্বকাপেই হ’ব তেওঁৰ কেৰিয়াৰৰ অন্তিম বিশ্বকাপ ৷

ফুটবলাৰগৰাকীয়ে কয়, ‘‘নিশ্চয়কৈ হয় ৷ মোৰ বয়স ৪১ হ’ব আৰু মই ভাবো যে সেইটোৱেই হ'ব সবাতোকৈ ডাঙৰ প্ৰতিযোগিতাৰ সেই বিশেষ মুহূৰ্ত । সঁচা কথা ক’বলৈ গ’লে এবছৰ বা দুবছৰলৈকে মই খেলৰ সৈতে জড়িত থাকিম ।’’

দুবাৰকৈ ইউৰো ২০১৬ আৰু নেশ্যনছ লীগ জয়ী হোৱাৰ পিছতো ৰ’নাল্ডো বিশ্বকাপ জয়ৰ ক্ষেত্ৰত নিজৰ প্ৰধান প্ৰতিদ্বন্দ্বী লিঅ’নেল মেছিৰ তুলনাত পিছপৰি আছে । ২০২২ চনত মেছিয়ে নিজৰ জাতীয় দল আৰ্জেণ্টিনাৰ হাতত বিশ্বকাপৰ ট্ৰফী তুলি দিয়াৰ বিপৰীতে ৰ’নাল্ডোৱে ৬ বাৰকৈ বিশ্বকাপত অংশগ্ৰহণ কৰিও ট্ৰফী জয় কৰিবলৈ সক্ষম হোৱা নাই ৷

বৰ্তমান ৰ’নাল্ডোৱে অভিলেখৰ ক্ষেত্ৰত মাইলৰ খুঁটি স্পৰ্শ কৰিবলৈ কিছুদূৰহে বাকী আছে ৷ খেলুৱৈগৰাকীৰ ১০০০ গ’ল সম্পূৰ্ণ হ’বলৈ মাত্ৰ ৪৭ টা গ’লহে বাকী আছে । তদুপৰি আন্তঃৰাষ্ট্ৰীয় ফুটবলত তেওঁৰ নামত আছে ১৪৩ টা গ’ল, যিটো যিকোনো ফুটবলাৰৰ ক্ষেত্ৰতে সৰ্বাধিক গ’ল বুলি বিবেচিত হৈছে ।

লগতে পঢ়ক: সন্ত্ৰাসবাদ ! দোমোজাত পাকিস্তান-শ্ৰীলংকা শৃংখলা, বোমা বিস্ফোৰণৰ পিছত ঘৰলৈ ঘূৰি আহিবলৈহে সাজু খেলুৱৈ