ETV Bharat / sports

পঞ্চদশ বাক্সা বড়োলেণ্ড শ্বহীদ স্বৰ্ণকাপ ফুটবলৰ চূড়ান্ত মেচত বিজয়ী ছালবাগান এফ চি

এই মেচত ছালবাগান এফ চি গোসাইগাঁও দলে বাৰহুংসা এথলেটিকছ ক্লাৱ কোকৰাঝাৰক ২-০ গলত পৰাজিত কৰে ৷

Bodoland Martyrs Gold Cup
পঞ্চদশ বাৰ্ষিকবাক্সা জিলা বড়োলেণ্ড শ্বহীদ স্বৰ্ণকাপ ফুটবল মেচ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 30, 2025 at 2:54 PM IST

2 Min Read
Choose ETV Bharat

বাক্সা: বড়োলেণ্ড শ্বহীদ স্বৰ্ণকাপ ফুটবলৰ ফাইনেল খেলত বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হ’ল ছালবাগান এফ চি গোসাইগাঁও দলে ৷ বৰমাত চলি থকা পঞ্চদশ বাৰ্ষিক বাক্সা জিলা বড়োলেণ্ড শ্বহীদ স্বৰ্ণকাপ ফুটবলৰ ফাইনেল খেলত ছালবাগান এফ চি গোসাইগাঁও দলে বাৰহুংসা এথলেটিকছ ক্লাৱ কোকৰাঝাৰক ২-০ গলত পৰাজিত কৰে ৷

এই খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ছালবাগান এফ চি গোসাইগাঁও দলৰ ৭ নং জাৰ্চি পৰিহিত ৰাজকুমাৰ হেমৰঙে ৷ খেলখনৰ শ্ৰেষ্ঠ গলৰক্ষকৰ সন্মান লাভ কৰে ২১ নং জাৰ্চি পৰিহিত চানচাৰাং মুছাহাৰীয়ে ৷ বাক্সা জিলা বড়োলেণ্ড শ্বহীদ স্বৰ্ণকাপ ফুটবল ট্ৰফি ২০২৫-ৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে মৈখুম নাৰ্জাৰীয়ে ৷

পঞ্চদশ বাৰ্ষিক বাক্সা জিলা বড়োলেণ্ড শ্বহীদ স্বৰ্ণকাপ ফুটবল মেচ (ETV Bharat Assam)

ফাইনেল খেলখন উদ্বোধন কৰে বি টি চিৰ ই এম বিজিৎগৌৰা নাৰ্জাৰীয়ে ৷ এই খেলত উপস্থিত থাকে বাক্সা জিলা স্পৰ্টচ এছ’চিয়েশ্যনৰ সভাপতি তথা প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী ৷

Bodoland Martyrs Gold Cup
পঞ্চদশ বাৰ্ষিক বাক্সা জিলা বড়োলেণ্ড শ্বহীদ স্বৰ্ণকাপ ফুটবল মেচ (ETV Bharat Assam)

হিতেশ বসুমতাৰীয়ে কয়, ‘‘পৃথক বড়ো ৰাজ্য দাবী আন্দোলনত শ্বহীদ হোৱাসকলৰ স্মৃতিত প্ৰতি বছৰে এই ফুটবল খেল চলি আহিছে ৷ প্ৰতি বছৰৰ দৰে এইবাৰো বাক্সা জিলা বড়োলেণ্ড শ্বহীদ স্বৰ্ণকাপ ফুটবল ট্ৰফি ২০২৫ বৰমাৰ জুলি মৈদানত অনুষ্ঠিত হৈছে ৷ আৰ্থিক ফালৰ পৰা যথেষ্ট দুৰ্বল কাৰণে এই প্ৰতিযোগিতাখন বিস্তৃত কৰিব পৰা নাই ৷ পূৰ্বতে এই প্ৰতিযোগিতা সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ সমানে আছিল ৷ মণিপুৰ, মিজোৰাম, কেৰালা, পঞ্জাব, মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ পৰা যোগদান কৰিছিল ৷ এই ফুটবল প্ৰতিযোগিতাৰ নামত বছৰত বি টি চি চৰকাৰে পাঁচ লাখ টকা বহন কৰে ৷ এই টকাই যথেষ্ট নহয় ৷ তাৰোপৰিও ট্ৰফিসমূহো ব্যক্তি বিশেষে দান দিছে ৷’’

লগতে পঢ়ক : নৃত্য-গীতৰ মাজেৰে এইবছৰৰ বাবে সামৰণি পৰিল তৃতীয় মিচিং ক্ৰীড়া মহোৎসৱ