ETV Bharat / sports

কমনৱেলথ গেমছ ২০২৬ত লাভলীনা বৰগোঁহাইৰ ৰূপৰ পদক লাভ, ফাইনেলত গ্ৰীণট্ৰিৰ হাতত পৰাস্ত লাভলীনা

চলিত কমনৱেলথ গেমছৰ মহিলাৰ ৭৫ কেজি শাখাৰ ফাইনেলত পৰাস্ত লাভলীনা বৰগোহাঁই ৷

Lovlina Borgohain
লাভলীনা বৰগোঁহাইৰ ৰূপৰ পদক লাভ (fb@lovlinaborgohain)
author img

By ETV Bharat Assamese Team

Published : August 1, 2026 at 10:54 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বান-বিভীষিকা, দুখ-বেদনাৰ মাজতে ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল অসম সন্তান বক্সাৰ লাভলীনা বৰগোঁহায়ে ৷ চলিত কমনৱেলথ গেমছৰ মহিলাৰ ৭৫ কেজি শাখাৰ ফাইনেলত পৰাস্ত হলেও ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ গৌৰৱ, ভাৰতীয় তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে ৷

ভাৰতীয় সময় অনুসৰি নিশা অনুষ্ঠিত উত্তেজনা পূৰ্ণ মেছখনত অষ্ট্ৰেলিয়াৰ বক্সাৰ এমা-ছু গ্ৰীণট্ৰিৰ হাতত ৪-১ পইন্টত পৰাস্ত হয় লভলিনা ৷ উল্লেখ্য যে, কমনৱেলথ গেমছৰ ৰূপৰ পদক লাভ কৰি লভলিনাই ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, লাভলীনা বৰগোঁহায়ে কমনৱেলথ গেমছৰ মহিলাৰ ৭৫ কেজি শাখাৰ ছেমি ফাইনেলত আফগানিস্তানৰ তুভালুৰ তাৰোণা টাফাকিক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ৷

বক্সাৰগৰাকীয়ে সোণৰ পদক লাভ কৰিব বুলি আশা কৰি আছিল যদিও অষ্ট্ৰেলিয়াৰ বক্সাৰ এমা-ছু গ্ৰীণট্ৰিৰ হাতত পৰাস্তত হোৱাৰ লগে লগে লাভলীনা বৰগোঁহায়ে ৰবপৰ পদকতে সন্তুষ্ট থাকিব লগীয়া হ'ল ৷

আনহাতে লাভলীনা বৰগোঁহাইৰ সফলতাক প্ৰশংসা কৰি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,"কমনৱেলথ গেমছ ২০২৬ত ৰূপৰ পদক জয় কৰি পুনৰবাৰ সমগ্ৰ অসম আৰু দেশবাসীক গৌৰৱান্বিত কৰাৰ বাবে অসম কন্যা লাভলীনা বৰগোহাঁয়লৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা । এই সাফল্য অসমৰ যুৱ প্ৰজন্মৰ বাবে বিশেষকৈ উদীয়মান খেলুৱৈক সপোন দেখিবলৈ আৰু সেই সপোন বাস্তৱায়িত কৰিবলৈ সাহস যোগোৱাৰ বাটত উৎসাহৰ এটি উৎস হৈ ৰ’ব। আমি বিশ্বাস কৰো, ভৱিষ্যতৰ দিনবোৰতো তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত ভাৰত আৰু অসমৰ নাম অধিক উজ্জ্বল কৰি তুলিব।"

লগতে পঢ়ক: কমনৱেলথৰ ফাইনেলত লাভলীনা, উৎফুল্লিত পৰিয়াল