ETV Bharat / sports

বিশ্বকাপৰ পৰা বিদায় দক্ষিণ আফ্ৰিকাৰ; প্ৰথম নকআউট মেচত কানাডাৰ জয়

শেহতীয়া ফিফাৰ বিশ্ব ৰেংকিঙত ৩০ নম্বৰ স্থানত থকা কানাডাই শনিবাৰে হিউষ্টনত নেদাৰলেণ্ড বা মৰক্কোৰ বিৰুদ্ধে খেলিব।

FIFA 2026
বিশ্বকাপৰ ৰাউণ্ড অব ৩২ৰ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম গ'ল দি উল্লাস কানাডাৰ ষ্টিফেন ইউষ্টাকিঅ'ৰ (৭) (AP)
author img

By ETV Bharat Assamese Team

Published : June 29, 2026 at 4:31 PM IST

4 Min Read
Choose ETV Bharat

ইংলউড : দেওবাৰৰ পৰা (ভাৰতীয় সময় মতে সোমবাৰে পুৱতি নিশা) আৰম্ভ হৈছে চলিত বিশ্বকাপ ফুটবলৰ নকআউট পৰ্যায়ৰ মেচ । ৰাউণ্ড অব ৩২ৰ প্ৰথমখন মেচত সোমবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হয় কানাডাই । মেচখনত কানাডাই জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ বিশ্বকাপ অভিযানৰ অন্ত পৰে ।

কানাডাই বিশ্বকাপৰ প্ৰথমখন নকআউট মেচত জয়লাভ কৰাৰ ঠিক পিছতেই ষ্টেডিয়ামত সৃষ্টি হোৱা হুলস্থুলীয়া পৰিৱেশৰ মাজতে প্ৰশিক্ষক জেছি মাৰ্ছ খেলপথাৰত প্ৰৱেশ কৰি চিঞৰি চিঞৰি নিজৰ দলৰ খেলুৱৈসকলক একত্ৰিত কৰি হৃদয়েৰে নিজৰ বাৰ্তা জনায় ।

তেওঁ কয়, “আপোনালোক আজি কানাডাৰ নায়ক !" মাৰ্ছে কয় । "এই দেশৰ সেইসকল ল'ৰা-ছোৱালীৰ বাবে আপোনালোক কানাডাৰ নায়ক যিসকলে ফুটবল খেলে । আপোনালোকৰ বাবেই এই খেলবিধৰ এক উজ্জ্বল ভৱিষ্যত আছে । আপোনালোক কোন সেই কথা ভাবি আপোনালোকে গৌৰৱ কৰা উচিত । এই খেলক লৈ গৌৰৱ কৰা উচিত । আপোনালোকে কেতিয়াও সাহস হেৰুওৱা নাছিল । আপোনালোকে প্ৰতিটো পইণ্ট, প্ৰতিটো মুহূৰ্তৰ বাবে যুঁজিছে । আপোনালোক কানাডাৰ নায়ক !”

মেচৰ অন্তিম সময়ত ষ্টিফেন ইউষ্টাকিঅ’ৰ এক নাটকীয় গ’লেৰে কানাডাই দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে । কানাডাৰ ব্যস্ত ক্ৰীড়া কেলেণ্ডাৰত ফুটবল কেতিয়াও মূল ইভেণ্ট হোৱা নাই আৰু দলটোৱে এই গ্ৰীষ্মকালত মাত্ৰ তৃতীয়টো বিশ্বকাপতহে খেলি আছে । কিন্তু মাৰ্ছে উপলব্ধি কৰে যে দেওবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১-০ গ’লত এই ঐতিহাসিক বিজয় হৈছে এনে এক ধৰণৰ কৃতিত্ব, যিয়ে এটা প্ৰজন্মৰ বাবে সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে ।

ছ’ফি ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ সুদৃঢ় ৰক্ষণ বিভাগক পৰাভূত কৰিবলৈ ৯০ মিনিটতকৈ অধিক সময় বিফল হোৱা আৰু হতাশাগ্ৰস্ত হোৱাৰ পিছত কানাডাই পলকতে ইতিহাস ৰচনা কৰে । এলিষ্টাৰ জনষ্টনে বক্সত দিয়া দীঘলীয়া পাছটো পোনে পোনে ইউষ্টাকিঅ’ৰ ভৰিত পৰে ।

নিকটৱৰ্তী লছ এঞ্জেলছ এফ চিত পেছাদাৰীভাৱে খেলা মিডফিল্ডাৰগৰাকীয়ে অতি শান্তভাৱে বলটো বুকুৰে গ্ৰহণ কৰি তললৈ নমাই আনে আৰুওপৰলৈ উঠাৰ লগে লগে ৰণৱেন উইলিয়ামছৰ নেটৰ তলৰ কোণলৈ জোৰেৰে কিক মাৰে । ইয়াৰ পিছতে তেওঁ কানাডাৰ ৰিজাৰ্ভ বেঞ্চৰ সৈতে বিজয় উদযাপন কৰিবলৈ দৌৰি যায় ।

ইউষ্টাকিঅ’ই কয়, "আমি ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছোঁ । আমাৰ গ্ৰুপটো অতি বিশেষ । আমাৰ এনে লাগে যেন আমি সকলো ভাই ভাই । আমি যেতিয়া ইজনে সিজনৰ বাবে যুঁজ দিওঁ, যেতিয়া আমি ইজনে সিজনৰ বাবে খেলো তেতিয়া এনেকুৱা বিশেষ কথা হ’ব পাৰে । মই বহুত সুখী, কিন্তু একে সময়তে এইটোও ক’ব নিবিচাৰোঁ যে কাম শেষ হৈছে ।”

এতিয়া শেহতীয়া ফিফাৰ বিশ্ব ৰেংকিঙত ৩০ নম্বৰ স্থানত থকা কানাডাই শনিবাৰে হিউষ্টনত নেদাৰলেণ্ড বা মৰক্কোৰ বিৰুদ্ধে খেলিব ।

টৰণ্টো আৰু ভেংকুৱাৰত গ্ৰুপৰ প্ৰথম তিনিখন মেচ খেলাৰ পিছত কানাডাৰ বাবে খেলপথাৰত ইতিহাস ৰচাৰ এক সুযোগ আছিল যদিও সেয়া সম্পূৰ্ণ নহ'ল । কিয়নো যোৱা বুধবাৰে ছুইজাৰলেণ্ডৰ হাতত ২-১ গ’লত পৰাস্ত হোৱাৰ ফলত নকআউট ৰাউণ্ডৰ বাবে ঘৰৰ বাহিৰত খেলিবলগা হয় । কিন্তু মাৰ্ছৰ সাহসেৰে উজ্জীৱিত দলটোৱে প্ৰতিযোগিতাখনৰ ৰাউণ্ড অব ৩২ৰ প্ৰথম মেচত জয়লাভ কৰি আৰু বিশ্বকাপৰ তিনিটা অভিযানৰ ভিতৰত প্ৰথমবাৰৰ বাবে ৰাউণ্ড অব ১৬ত প্ৰৱেশ কৰে ।

নিজ নিজ গ্ৰুপত দ্বিতীয় স্থান দখল কৰাৰ পিছত দক্ষিণ আফ্ৰিকা আৰু কানাডা দুয়োখন দেশেই বিশ্বকাপত নিজৰ দেশৰ হৈ প্ৰথম নকআউট বিজয়ৰ লক্ষ্যৰে খেলপথাৰত নামিছিল । দুয়োটা দলে দিনটোৰ একমাত্ৰ মেচখনেৰে নকআউট মেচৰ আৰম্ভণি কৰে ।

আনহাতে, মেচখনত পৰিজাত হোৱাৰ পিছত দক্ষিণ আফ্ৰিকাৰ প্ৰশিক্ষক হুগো ব্ৰুছে কয়, "আমি মেচখনত এইকাৰণেই হাৰিলোঁ কাৰণ বিপক্ষ দলটোৰ তুলনাত আমাৰ দলটোত শক্তি আৰু গতিৰ অভাৱ আছিল । নিশ্চিতভাৱে আমাৰ বাবে এইখন এক অতি কঠিন মেচ আছিল । কিন্তু যেতিয়া আমি পিছলৈ ঘূৰি চাওঁ, তেতিয়া দেখিম যে আমি যি কৰিলোঁ তাত আমি যথেষ্ট সন্তুষ্ট ।"

লগতে পঢ়ক :ফিফা বিশ্বকাপ ২০২৬: বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ’ল প্ৰদানৰ অভিলেখ মেছিৰ, শনিবাৰৰ খেলৰ আপডেট
লগতে পঢ়ক :বিশ্বকাপৰ ইৰাণ-ইজিপ্তৰ মেচত উৰিল ৰামধেনু পতাকা; কিয় উৰিল এই পতাকা ?