ETV Bharat / sports

বিশ্বকাপ ফুটবলত অপ্ৰতিৰোধ্য় ব্ৰাজিল

বিৰতি নোহোৱাকৈ খেলাৰ সুযোগ লাভ কৰা একমাত্ৰ দেশখনেই হৈছে ব্ৰাজিল । দেশখনে শেষবাৰৰ বাবে বিশ্বকাপ জয় কৰিবলৈ অপেক্ষা কৰিছিল ২৪ বছৰ ।

Brazil is the most successful nation in World cup football history
বিশ্বকাপ ফুটবলত অপ্ৰতিৰোধ্য় ব্ৰাজিল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 5:23 PM IST

11 Min Read
Choose ETV Bharat

নয়ন কুমাৰ শৰ্মা

ফুটবল বুলি ক'লেই দুচকুত ভাহি উঠে ব্ৰাজিলৰ যাদু । ছাম্বা নৃত্য়ৰ তালে তালে ফুটবলৰ ছন্দোময় শিল্পই প্ৰাণ পাই উঠা দেশখনেই হৈছে ব্ৰাজিল । বিশ্বকাপ ফুটবল বুলিলেতো কোনো কথাই নাই । এই দেশখনে বিশ্ব ফুটবলত ইমান তাৰকা খেলুৱৈৰল জন্ম দিছে যে নাম কৈ শেষ কৰিব নোৱাৰি । কলা মুকুতা পেলেৰ পৰা আৰম্ভ কৰি নেইমাৰলৈকে ক'ত যে কিমান নাম ! সম্ভৱতঃ ব্ৰাজিলেই এনে এখন দেশ, যিখন দেশৰ অংশগ্ৰহণ অবিহনে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা হৈ পৰিব অৰ্থশূন্য় । থমকি ৰ'ব ফুটবল শিল্পৰ ছন্দ ।

দক্ষিণ আমেৰিকাৰ দৈত্য হিচাপে পৰিচিত এই দলটোৱে ২০০২ চনৰ পিছত কোনো ট্ৰফী হাতত তুলি ল'বলৈ সক্ষম হোৱা নাই । অন্তিমবাৰ খিতাপ দখলৰ পিচত পাঁচখন প্ৰতিযোগিতাৰ ভিতৰত চাৰিখনত কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বিদায় ল'বলগীয়া হৈছে এইদেশখনে ।

উল্লেখ্য় যে শেষবাৰৰ বাবে ব্ৰাজিলে বিশ্বকাপ জয় কৰিবলৈ ২৪ বছৰ অপেক্ষা কৰিছিল । দেশখনে উত্তৰ আমেৰিকাৰ মাটিত নিজৰ পৰাজয়ৰ গ্লানিৰ অন্ত পেলাই আমেৰিকা '৯৪ বিশ্বকাপৰ চনত খিতাপ দখল কৰিছিল । দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত এইবাৰ কাৰ্লো এন্সেল’টিৰ দলটোৱে কানাডা, মেক্সিকো আৰু আমেৰিকাত ইতিহাসৰ পুনৰাবৃত্তি কৰিবলৈ সক্ষম হ'ব ? নেইমাৰ আৰু ভিনি জুনিয়ৰে ১৯৯৪ চনৰ জয়ৰ দৃশ্যপটলৈ ওভতাই নিব পাৰিব নে ?

Brazil is the most successful nation in World cup football history
বিশ্বকাপ ফুটবলত অপ্ৰতিৰোধ্য় ব্ৰাজিল (ETV Bharat Assam)

এইবাৰ ব্ৰাজিলে ১৩ জুনত নিউয়ৰ্ক নিউ জাৰ্চি ষ্টেডিয়ামত মৰক্কোৰ বিৰুদ্ধে প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব । ইয়াৰ পিচতেই দলটোৱে ১৯ জুনত হাইটিৰ বিপক্ষে ফিলাডেলফিয়া ষ্টেডিয়ামত আৰু ২৪ জুনত স্কটলেণ্ডৰ বিৰুদ্ধে মিয়ামি ষ্টেডিয়ামত খেলিব ।

এইবাৰৰ বিশ্বকাপত ব্ৰাজিলৰ দল :

এলিছন এডাৰচন ৱেভাৰটন(গ’লৰক্ষক), এলেক্স চেণ্ড্ৰ', ব্ৰেমাৰ ডানিলো, ডগলাছ চান্টোছ, গেব্ৰিয়েল মেগালহিছ, ইবানেজ লিঅ' পেৰেইৰা, মাৰ্কিনহছ ৱেছলি( ডিফেণ্ডাৰ), ব্ৰুনো গুইমাৰেছ, কেচেমিৰো ডানিলো, ছান্টোছ ফেবিনহো, লুকাছ পাকেটা (মিডফিল্ডাৰ), এণ্ড্ৰিক গেব্ৰিয়েল, মাৰ্টিনেলি ইগ'ৰ, থিয়াগো লুইজ, হেনৰিক মেথিউছ, নেইমাৰ, জুনিয়ৰ ৰাফিনহা আৰু ৰায়ন ভিনিচিয়াছ জুনিয়ৰ (ফৰোৱাৰ্ড)।

মুখ্য প্ৰশিক্ষক :

২০২৫ চনৰ ২৬ মে’ৰ পৰা ব্ৰাজিলৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক কাৰ্লো এন্সেল’টিৰ লগতে সহকাৰী প্ৰশিক্ষক হিচাপে আছে ইংলেণ্ডৰ পল ক্লেমেণ্ট আৰু ইটালীলুইজি ভিটো লাছালা ।

আমি যদি বিশ্বকাপ ফুটবলৰ ইতিহাসৰ পৃষ্ঠা লুটিয়াই চাও তেতিয়াহ'লে দেখিবলৈ পাও যে এই মেগা প্ৰতিযোগিতাখনিত একমাত্ৰ ব্ৰাজিলেই এনে এখন দেশ যিখনে পাঁচবাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ।

খিতাপ দখলত শীৰ্ষত :

ব্ৰাজিলে বিশ্বকাপৰ ইতিহাসৰ একমাত্ৰ দল যিটো দলে এতিয়ালৈকে পাঁচবাৰ বিশ্বকাপৰ ট্ৰখীত চূম্বণ দিবলৈ সক্ষম হৈছে । তদুপৰি এই দলটোৱে দুবাৰকৈ ৰাণাৰ্ছআপ হোৱাৰো সৌভাগ্য অৰ্জন কৰিছে । তৃতীয় আৰু চতুৰ্থ স্থানো দখল কৰিছে । বিশ্বকাপত অংশগ্ৰহণ কৰাটোৱেই হৈছে যিকোনো দেশৰ বাবে গৌৰৱ । তাতে আকৌ এটা দলে পাঁচবাৰ খিতাপ দখল কৰাটো কিমান গৌৰৱ তথা সন্মানৰ কথা হ'ব পাৰে বাবি চাওঁকচোন !

নিজৰ মহাদেশৰ বাহিৰত জয়ৰ কৃতিত্ব :

ব্ৰাজিলে নিজ মহাদেশৰ বহু যোজন দূৰত ফিফা বিশ্বকাপ জয় কৰা চাৰিখন দেশৰ ভিতৰত অন্যতম হিচাপে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে । এই তালিকাত থকা আন তিনিখন দেশ হৈছে আৰ্জেণ্টিনা, স্পেইন আৰু জাৰ্মানী । ব্ৰাজিলে এতিয়ালৈকে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছুইডেন ১৯৫৮, চিলি ১৯৬২, মেক্সিকো ১৯৭০, আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৯৪ আৰু দক্ষিণ কোৰিয়া/ জাপান ২০০২ত বিজয়ৰ শেষ হাঁহিটি মাৰিবলৈ সক্ষম হৈছে ।

Brazil is the most successful nation in World cup football history
বিশ্বকাপ ফুটবলত অপ্ৰতিৰোধ্য় ব্ৰাজিল (ETV Bharat Assam)

বিৰতি নোহোৱাকৈ খেলাৰ সুযোগ :

১৯৩০ চনত উৰুগুৱেত অনুষ্ঠিত প্ৰথমখন বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰে পৰা ব্ৰাজিলেই হৈছে একমাত্ৰ দেশ যিখনে এবাৰো বিৰতি নোহোৱাকৈ খেলাৰ সুযোগ লাভ কৰিছে । প্ৰতিবাৰেই বিশ্বকাপত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছে একমাত্ৰ দেশখনৰ খেলুৱৈসকলৰ দুভৰিৰ যাদুৰে । এইবাৰৰ বিশ্বকাপৰ আগলৈকে ব্ৰাজিলে ১১৪খন মেচত অংশগ্ৰহণ কৰি ৭৬খনত বিজয়ী হৈছে । এইখিনিতে উল্লেখ কৰিব পাৰি যে ২২খন প্ৰতিযোগিতাত মাত্ৰ ১৯টা পৰাজিত হৈছে । এতিয়ালৈকে ১২৯টা গ’লৰ লগতে লাভ কৰিছে ২৪৭ পইণ্ট ।

সৰ্বশ্ৰেষ্ঠ প্ৰতিদ্বন্দ্বী আৰ্জেণ্টিনা :

ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাত ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত মেচকলৈ যিদৰে দৰ্শকৰ মাজত উন্মাদনা,উত্তাপ বৃদ্ধি পায়, তেনেদৰে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত মাৰাডোনাৰ দেশ আৰ্জেণ্টিনাক পৰম্পৰাগতভাৱে ব্ৰাজিলৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিদ্বন্দ্বী হিচাপে গণ্য় কৰা হয় ৷ ফিফা বিশ্বকাপৰ ইতিহাসত দুয়োখন দেশে চাৰিবাৰকৈ মুখামুখি হৈছে । ইয়াৰে ব্ৰাজিলে ১৯৭৪ চনত পশ্চিম জাৰ্মানী আৰু ১৯৮২ চনত স্পেইন বিশ্বকাপত বিজয়ী হ'বলৈ সক্ষম হৈছে । ইটালী ১৯৯০ বিশ্বকাপত এখন মেচতহে আৰ্জেণ্টিনাই বিজয়ী হৈছে । ১৯৭৮ৰ আৰ্জেণ্টিনা বিশ্বকাপত মেচখন ড্ৰ হয় ।

১৯৫০ চনৰ বিশ্বকাপ আৰু মাৰাকানাজো:

দ্বিতীয় বিশ্বযুদ্ধই ইউৰোপত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰাৰ পিছত ১৯৫০ চনৰ ফিফা বিশ্বকাপ আয়োজনৰ বাবে ব্ৰাজিলৰ প্ৰচেষ্টা সফল হৈছিল । প্ৰতিযোগিতাখনৰ গ্ৰুপ পৰ্যায়ত ব্ৰাজিলে ৰিঅ' ডি জেনেইৰ'(তেতিয়াৰ ব্ৰাজিলৰ ৰাজধানী)ৰ মাৰাকানাত মেক্সিকোক ৪-০ গ'লত পৰাস্ত কৰে । আনহাতে চাও পাওলোৰ পাকায়েম্বুত চুইজাৰলেণ্ডৰ সৈতে ২-২ গ'লত সমতা স্থাপন কৰিবলৈ সক্ষম হয় । আনহাতে মাৰাকানালৈ উভতি আহি যুগোস্লাভিয়াক ২-০ গ'লত পৰাস্ত কৰে ।

আধুনিক ইউনিফৰ্ম আৰু বাৰ্ণৰ যুদ্ধ:

১৯৫৪ চনত ছুইজাৰলেণ্ডত অনুষ্ঠিত বিশ্বকাপত ব্ৰাজিলে এলডিৰ শ্ব্লীয়ে ডিজাইন কৰা নতুন ইউনিফৰ্ম পৰিধান কৰি মেচত অংশগ্ৰহণ কৰে । ইয়াত সেউজীয়া ৰঙৰ ডিটেইলযুক্ত হালধীয়া চাৰ্ট, নীলা শ্বৰ্ট আৰু বগা মোজা আছিল । দলটোৱে আজিও এই জাৰ্চি পৰিধান কৰি আছে । ব্ৰাজিলৰ গ্ৰুপ পৰ্যায়ৰ দুখন মেচত মেক্সিকোক ৫-০ গ'লত পৰাস্ত কৰে । আনহাতে যুগোস্লাভিয়াৰ সৈতে ১-১ গ'লত সমতা স্থাপন কৰে । অৱেশ্য়ে কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলে ফুটবলৰ ইতিহাসৰ অন্যতম কুৎসিত মেচ হিচাপে চৰ্চা হোৱা খেলত হাংগেৰীৰ হাতত ৪-২ গ'লত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল । এই মেচখনক 'বাৰ্ণৰ যুদ্ধ' হিচাপে জনা যায় ।

পেলেৰ দুভৰিৰ যাদুৰে ব্ৰাজিলৰ প্ৰথম সোণালী যুগ :

১৯৫৮ চনত পেলেৰ দুভৰিৰ যাদুৰে ব্ৰাজিলৰ প্ৰথম সোণালী যুগৰ আৰম্ভ হৈছিল । ছুইডেনত অনুষ্ঠিত বিশ্বকাপত ব্ৰাজিলে গ্ৰুপৰ প্ৰথমখন খেলত অষ্ট্ৰিয়াক ৩-০ গ'লত পৰাজিত কৰে । তাৰ পিছত ইংলেণ্ডৰ লগত খেলি গ'লশূন্য়ভাৱে সমতা স্থাপন কৰে । ছোভিয়েট ইউনিয়নৰ ফুটবলৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ তিনি মিনিট খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । মেচখনৰ প্ৰথম তিনি মিনিটত ভাভাই ব্ৰাজিলক অগ্ৰগতি দিয়ে আৰু তেওঁলোকে মেচখন ২-০ গ'লত জয়লাভ কৰে । ৱেলছৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰাৰ একমাত্ৰ গ'লটো পেলেই কৰে আৰু ছেমি ফাইনেলত ফ্ৰান্সক ৫-২ গ'লত পৰাস্ত কৰে । ব্ৰাজিলে ফাইনেলত ছুইডেনৰ বিৰুদ্ধে ৫-২ গ'লত জয়লাভ কৰি প্ৰথম বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ।

আনহাতে, ১৯৬২ চনত চিলিত অনুষ্ঠিত বিশ্বকাপত কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডক ৩-১ গ’লত পৰাজিত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে । ছেমিফাইনেলত চিলিক ৪-২ গ’লত পৰাস্ত কৰি চেকোস্লোভাকিয়াৰ বিৰুদ্ধে ফাইনেল খেলাৰ সুযোগ লাভ কৰে । ফাইনেলত চেকোস্লোভাকিয়াৰ বিৰুদ্ধে ৩-১ গ’লত জয়লাভ কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপত চূম্বণ দিবলৈ সক্ষম হয় ।

১৯৭০ চনত মেক্সিকোত অনুষ্ঠিত বিশ্বকাপত ব্ৰাজিল আছিল অপ্ৰতিৰোধ্য় । কাৰণ সেইবাৰ ইতিহাসৰ শ্ৰেষ্ঠ বিশ্বকাপ দল বুলি বহুলভাৱে গণ্য কৰা দলটোৱে খেলপথাৰত অৱতীৰ্ণ হৈছিল । এই দলটোৰ নেতৃত্বত আছিল পেলে, অধিনায়ক কাৰ্লোছ আলবাৰ্টো টৰেছ, জেইৰজিনহো, টষ্টাঅ', জেৰচন আৰু ৰিভেলিনো । গ্ৰুপ পৰ্যায়ৰ মেচৰ পৰা আৰম্ভ কৰি দলটোৱে ছয়খন খেলতে জয়লাভ কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছিল । ব্ৰাজিলে কোৱাৰ্টাৰ ফাইনেলত পেৰুৰ বিৰুদ্ধে ৪-২ গ'লত জয়লাভ কৰিবলৈ সক্ষম হয় । ছেমি ফাইনেলত প্ৰতিদ্বন্দ্বী আছিল শক্তিশালী উৰুগুৱে । ব্ৰাজিলে ৩-১ গ'লত উৰুগুৱে পৰাজিত কৰি ফাইনেলত ইটালীৰ বিৰুদ্ধে অৱতীৰ্ণ হয় । এই মেচখনত ব্ৰাজিলে ৪-১ গ'লত জয়লাভ কৰাই নহয়, চিৰদিনৰ বাবে হস্তগত কৰিছিল জুলছ ৰিমেট ট্ৰফী ।

ব্ৰাজিলৰ দ্বিতীয় সোণালী যুগ :

ইয়াৰ পিচত দলটোৱে কোনো সফলতা অৰ্জন নকৰাকৈয়ে ২৪ বছৰ অতিবাহিত কৰে । ক্ৰমাগতভাৱে ৬খন বিশ্বকাপত কোনো সাফল্য়ৰ মুখ নেদেখা দলটোৱে ১৯৯৪ চনত আমেৰিকাত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৰোমাৰিঅ',বেবেটো ,অধিনায়ক ডুংগা , গ'লৰক্ষক ক্লাউডিঅ' টাফাৰেল আৰু ডিফেণ্ডাৰ জৰ্জিনহ'ৰ দূৰ্দান্ত প্ৰদৰ্শনৰ বাবে অভিলেখসংখ্যক চতুৰ্থবাৰৰ বাবে বিশ্বকাপ জয়ৰ সোৱাদ লাভ কৰে । পাছাডেনাত অনুষ্ঠিত ফাইনেলত ব্ৰাজিল–ইটালীয়ে গ’লবিহীনভাৱে খেল সমাপ্ত কৰাত পেনাল্টি কিকৰ সহায় লোৱা হয় । ইটালীৰ অন্তিম পেনাল্টি কিক ৰবাৰ্ট’ বেজ্জিঅ’ই কাৰ্যকৰী কৰিব নোৱৰাত ব্ৰাজিলে বিজয়ৰ শেষ হাঁহিটি মাৰিবলৈ সক্ষম হয় ।

উপনাম:

ব্ৰাজিলৰ জাতীয় দলটো বিশ্বৰ বিভিন্ন প্ৰান্তত ভিন্ন নামেৰে পৰিচিত । এই দলটোক লিটিল কেনাৰী, আমাৰেলিনহা ছেলেচাণ, ভেড্ৰে এমাৰেলা আদি নামেৰে জনা যায় ।

ব্ৰাজিলৰ বিৰুদ্ধে সৰ্বাধিক মেচ খেলা দেশ:

বিশ্বকাপত ব্ৰাজিলৰ বিৰুদ্ধে সৰ্বাধিক মেচ খেলা দেশখন হ’ল ছুইডেন । ব্ৰাজিলে বিশ্বকাপত ছুইডেনৰ বিৰুদ্ধে সাতবাৰ অৱতীৰ্ণ হৈ পাঁচখন মেচত জয়ী হোৱাৰ বিপৰীতে দুখন ড্ৰ’(ফ্ৰান্স ১৯৩৮ আৰু স্পেইন ১৯৮২)খেলিছে । আন দুখন প্ৰতিদ্বন্দ্বী দেশ হ'ল ইটালী আৰু ফ্ৰান্স । ইটালীৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলত পৰাস্ত হৈছিল আৰু দুখন প্ৰতিযোগিতাত ব্ৰাজিলৰ দলটোক বাহিৰ কৰিছিল । ফ্ৰান্সে তিনিবাৰ ব্ৰাজিলক পৰাস্ত কৰিছে ( মেক্সিকো ১৯৮৬ ,ফ্ৰান্স ১৯৯৮ আৰু জাৰ্মানী ২০০৬ )। আনহাতে,নেডাৰলেণ্ড পাঁচখন মেচৰ ভিতৰত দুখনত ব্ৰাজিলক বাহিৰ কৰিছে (পশ্চিম জাৰ্মানী ১৯৭৪ আৰু দক্ষিণ জাৰ্মানী আফ্ৰিকা ২০১০ ) আৰু ব্ৰাজিলত ২০১৪ চনত তৃতীয় স্থানৰ বাবে মেচখনত জয়ী হয় ।

তিনিখন বিশ্বকাপৰ ফাইনেলত অংশগ্ৰহণ কৰা খেলুৱৈ :

বৰ্তমানলৈকে ব্ৰাজিলৰ এগৰাকী খেলুৱৈয়ে একেৰাহে তিনিখন বিশ্বকাপৰ ফাইনেলত অংশগ্ৰহণ কৰাৰ অভিলেখ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । এই খেলুৱৈগৰাকী হৈছে কাফু । ব্ৰাজিলৰ অভিলেখ সৃষ্টিকাৰী বিশ্বকাপৰ খেলুৱৈ কাফুয়ে এতিয়ালৈকে একেৰাহে তিনিখন বিশ্বকাপৰ ফাইনেলত অংশগ্ৰহণ কৰে । এইগৰাকী দুৰ্দান্ত খেলুৱৈয়ে ১৯৯৪, ১৯৯৮ আৰু ২০০২ত একেৰাহে খেলাৰ সুযোগ পাইছিল ।

বেছি প্ৰতিযোগিতাত অংশগ্ৰহণ :

দেশখনৰ আঠগৰাকী খেলুৱৈয়ে চাৰিবাৰ কৈ বিশ্বকাপত অংশগ্ৰহণৰ অভিলেখ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । গ’লৰক্ষক এমাৰছন লিইঅ'ই একেৰাহে চাৰিখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছিল ।

কাফু ডি ১৯৯৪, ১৯৯৮, ২০০২, ২০০৬ চন

কাষ্টিলো ১৯৫০, ১৯৫৪, ১৯৫৮, ১৯৬২ চন

ড্জালমা ছান্টোছ ১৯৫৪, ১৯৫৮, ১৯৬২, ১৯৬৬ চন

এমাৰছন লিইঅ' ১৯৭০, ১৯৭৪, ১৯৭৮, ১৯৮৬ চন

নিল্টন ছান্টোছ ১৯৫০, ১৯৫৪, ১৯৫৮, ১৯৬২ চন

পেলে ১৯৫৮, ১৯৬২, ১৯৬৬, ১৯৭০ চন

ৰোণাল্ডো ১৯৯৪, ১৯৯৮, ২০০২, ২০০৬ চন

থিয়াগো ছিলভা ২০১০, ২০১৪, ২০১৮, ২০২২ চন

বিশ্বকাপ চেম্পিয়ন :

১৯৫৮

১৯৬২

১৯৭০

১৯৯৪

২০০২

ফিফা ফেয়াৰ প্লে ট্ৰফী:

১৯৮২

১৯৮৬

১৯৯৪

২০০৬

১৯৯৪

গোল্ডেন বল বঁটা:

১৯৩৮: লিঅ’নিডাছ

১৯৫০: জিজিনহো

১৯৫৮: দিদি

১৯৬২: গেৰিঞ্চা

১৯৭০: পেলে

১৯৯৪: ৰোমাৰিঅ’

১৯৯৮: ৰোণাল্ডো

গ'ল্ডেন বুট বঁটা :

১৯৩৮: লিওনিডাছ

১৯৫০: আদেমিৰ

১৯৬২: গাৰিঞ্চা আৰু ভাভা

২০০২: ৰোণাল্ডো

ৰূপালী বুট বঁটা:

১৯৫৮: পেলে

১৯৭০: জেইৰজিনহো

১৯৮৬: কেৰেকা

২০০২: ৰিভাল্ডো

১৯৫০: চিকো

১৯৮২: জিকো

১৯৯৪: ৰোমাৰিঅ’

২০০৬: ৰোণাল্ডো

২০১৪: নেইমাৰ

দলীয় অভিলেখ :

  • সৰ্বাধিক অংশগ্ৰহণ ২২
  • খেলা সৰ্বাধিক খেল ১১৪
  • সৰ্বাধিক জয় ৭৬
  • সৰ্বাধিক গ'ল ২৩৭
  • সৰ্বাধিক গ'লৰ পাৰ্থক্য (+১২৯)

তালিকাৰ শীৰ্ষত:

ফাইনেল ৫ (১৫)

ছেমিফাইনেল ৮ (১৯)

কোৱাৰ্টাৰ ১০ (২০)

প্ৰি-কোৱাৰ্টাৰ ১৬ (২২)

একেৰাহে সৰ্বাধিক জয় (১১)

  • পৰাজয় নোহোৱা মেচ (১৩)
  • অপৰাজিত হৈ শেষ কৰা বেছিভাগ প্ৰতিযোগিতা (৭)
  • ১৯৭০ আৰু ২০০২ত সকলো খেলতে জয়লাভ কৰা একমাত্ৰ দল
  • চেম্পিয়ন হিচাপে সৰ্বাধিক গ'লৰ পাৰ্থক্য (+১৪, ২০০২), জাৰ্মানী (২০১৪)

পেলেৰ অভিলেখ:

তিনিখন ফিফা বিশ্বকাপ জয়লাভ কৰা একমাত্ৰ খেলুৱৈ

  • টুৰ্ণামেণ্টৰ আটাইতকৈ কম বয়সীয়া বিজয়ী (১৯৫৮, ১৭বছৰ ২৪৯ দিন)
  • আটাইতকৈ কম বয়সীয়া গ'লদাতা (১৯৫৮ বনাম ৱেলছ, ১৭ বছৰ ২৩৯ দিন)
  • আটাইতকৈ কম বয়সীয়া হেট্ৰিক স্ক'ৰাৰ (১৯৫৮ বনাম ফ্ৰান্স, ১৭ বছৰ ২৪৪ দিন )
  • ফাইনেলত আটাইতকৈ কম বয়সীয়া গ'লদাতা (১৯৫৮ বনাম ছুইডেন, ১৭ বছৰ ২৪৯ দিন)

লগতে পঢ়ক:ফিফা বিশ্বকাপ ২০২৬ৰ প্ৰথম দিনটোত উদ্বোধনী মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২-০ গ’লত মেক্সিকোৰ জয়, দঃ কোৰিয়াৰ হাতত পৰাস্ত চেক গণৰাজ্য

শ্বাকিৰাৰ দাই দাইৰে মেক্সিকোত শুভাৰম্ভ ফিফা বিশ্বকাপ ২০২৬, সমুখ সমৰত মেক্সিকো-দক্ষিণ আফ্ৰিকা

ফিফা বিশ্বকাপ ২০২৬: ৰক্তপাতহীন মহাৰণৰ বাবে অপেক্ষাৰত বিশ্বৰ কোটি কোটি ফুটবল অনুৰাগী