ETV Bharat / sports

অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত দলত থাকিবলৈ ৰোহিত আৰু বিৰাটলৈ নিৰ্দেশনা জাৰি বি চি চি আইৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে তাৰকা ভাৰতীয় যুটিটোক ঘৰুৱা ক্ৰিকেট খেলাৰ নিৰ্দেশ দিছে ।

BCCI ON ROHIT AND KOHLI
ফাইল ফটো: ৰোহিত শৰ্মা আৰু বিৰাট কোহলী (AFP)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 2:54 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছতো ভাৰতীয় দলত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ স্থান এতিয়াও নিশ্চিত হোৱা নাই ৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইয়াৰ ইংগিত দিছে ৷ ৰাষ্ট্ৰীয় দলৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ দুয়োগৰাকী খেলুৱৈকে ঘৰুৱা ক্ৰিকেট খেলাৰ নিৰ্দেশ দিছে ব’ৰ্ডে ৷

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন এদিনীয়া মেচত মুঠ ২০২ ৰাণ সংগ্ৰহ কৰি ৰোহিতে প্লেয়াৰ অৱ দ্য মেচ হিচাপে মনোনীত হোৱাৰ বিপৰীতে বিৰাটে দুখন মেচত শূন্যত আউট হোৱাৰ পিছত চূড়ান্ত মেচত অপৰাজিত ৭৪ ৰাণ সংগ্ৰহ কৰে ৷ টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ লোৱা দুয়োগৰাকী প্ৰবীণ খেলুৱৈয়ে ২০২৭ চনৰ বিশ্বকাপত খেলিবলৈ আগ্ৰহী ৷

বিজয় হাজাৰে ট্ৰফী মেচত খেলিব ৰোহিত আৰু বিৰাটে

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি অনুসৰি অহা ২৪ ডিচেম্বৰত ৰোহিত আৰু কোহলিয়ে বিজয় হাজাৰে ট্ৰফীৰ খেলত খেলিব পাৰে ৷ ডিচেম্বৰ মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে তিনিখন মেচৰ এদিনীয়া শৃংখলা আৰু জানুৱাৰী মাহত নিউজীলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ মাজত ঘৰুৱা কেলেণ্ডাৰত এইখনেই একমাত্ৰ এদিনীয়া মেচ ৷

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ৰোহিতে বিজয় হাজাৰে ট্ৰফীত খেলিব বুলি মুম্বাই ক্ৰিকেট সন্থাক অৱগত কৰিছে ৷ অৱশ্যে কোহলী সন্দৰ্ভত কোনো স্পষ্ট তথ্য পোৱা নাই ৷

ব’ৰ্ডৰ সূত্ৰই ইণ্ডিয়ান এক্সপ্ৰেছক জনোৱা মতে, "ব'ৰ্ড আৰু দল পৰিচালনা সমিতিয়ে দুয়োকে জনাইছে যে তেওঁলোকে যদি ভাৰতৰ হৈ খেলিব বিচাৰে তেন্তে ঘৰুৱা ক্ৰিকেট খেলিব লাগিব ৷ যিহেতু দুয়োজনে দুটা ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে, গতিকে মেচ ফিট হ'বলৈ ঘৰুৱা ক্ৰিকেট খেলিব লাগিব ৷"

কোহলী আৰু ৰোহিতৰ টি-২০ আৰু টেষ্ট কেৰিয়াৰ

২০২৪ চনৰ বিশ্বকাপৰ পিছত টি-২০ৰ পৰা অৱসৰ লোৱা ৩৭ বছৰীয়া কোহলী আৰু ৩৮ বছৰীয়া ৰোহিতে ২০২৪-২৫ অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত টেষ্ট কেৰিয়াৰৰ পৰা অৱসৰ ল’ব ৷

ৰোহিতে ৬৭খন টেষ্টত ৪৩০১ ৰাণ কৰাৰ বিপৰীতে বিৰাটে ১২৩খন টেষ্টত ৯১২৩ ৰাণ সংগ্ৰহ কৰিছে ৷ টি-২০ ইণ্টাৰনেশ্যনেলত হিটমেনে ১৫৯খন মেচত মুঠ ৪২৩১ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে কিঙে এই ফৰ্মেটত ১২৩খন মেচত ৪১৮৮ ৰাণ সংগ্ৰহ কৰিছে ৷

বিৰাট-ৰোহিতৰ শেষৰ মেচ

বিৰাট কোহলীয়ে শেষবাৰৰ বাবে ২০০৯-১০ ছিজনত বিজয় হাজাৰে ট্ৰফীত খেলিছিল ৷ ২০১০ চনৰ ১৮ ফেব্ৰুৱাৰীত গুৰগাঁৱত ছাৰ্ভিচেছৰ বিৰুদ্ধে দিল্লীৰ হৈ খেলিছিল ৷ দলৰ অধিনায়ক হোৱাৰ পিছতো বিৰাটে বেটেৰে বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল ৷ ৮টা বলত তিনি চাৰিটাৰ সহায়ত মাত্ৰ ১৬ ৰাণহে কৰে ৷ অৱশ্যে দিল্লীয়ে ৩১১ ৰাণ সংগ্ৰহ কৰি ছাৰ্ভিচেছক ১৯৮ ৰাণত অল আউট কৰি ১১৩ ৰাণত জয়লাভ কৰে ৷ ইয়াৰ পিছত বিৰাটে ব্যস্ততাৰ বাবে পুনৰ প্ৰতিযোগিতাখনত খেলিব নোৱাৰিলে ৷

হিটমেন ৰোহিত শৰ্মাই শেষবাৰৰ বাবে ২০১৮ চনৰ ১৭ অক্টোবৰত বিজয় হাজাৰে ট্ৰফীত খেলিছিল ৷সেইদিনা বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত হায়দৰাবাদৰ বিৰুদ্ধে ছেমি ফাইনেলত মুম্বাইৰ হৈ খেলিছিল ৷

লগতে পঢ়ক : টীম ইণ্ডিয়াই লাভ কৰিলে এদিনীয়াৰ নতুন অধিনায়ক, বেটছমেন হিচাপে দললৈ প্ৰত্যাৱৰ্তন ৰোহিত শৰ্মাৰ

ৰোহিত শৰ্মাৰ শতকৰে অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত ভাৰতৰ

ভাৰত-অষ্ট্ৰেলিয়া দ্বিতীয় এদিনীয়া: ছন্দলৈ উভতিল ৰোহিত শৰ্মা, অষ্ট্ৰেলিয়াৰ সন্মুখত ২৬৫ ৰাণৰ বিজয় লক্ষ্য