কলকাতা টেষ্টত বেটিঙৰ সময়ত ডিঙিত আঘাতপ্ৰাপ্ত ভাৰতৰ অধিনায়ক শুভমন গিল
কলকাতা টেষ্টৰ দ্বিতীয় দিনত বেটিং কৰাৰ সময়ত অধিনায়ক গিলৰ ডিঙিত স্পাম হোৱাটো নিশ্চিত কৰিছে বি চি চি আয়ে ।

By ANI
Published : November 15, 2025 at 5:34 PM IST
কলকাতা : ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন টেষ্ট মেচ কলকাতাত অনুষ্ঠিত হৈছে । টেষ্টৰ দ্বিতীয় দিনা ভাৰতে প্ৰথম ইনিংছত ৯ উইকেটত ১৮৯ ৰাণত সমাপ্ত কৰে আৰু অতিথি দলৰ ওপৰত ৩০ ৰাণৰ সামান্য অগ্ৰগতি লাভ কৰে । দক্ষিণ আফ্ৰিকাই ১৫৯ ৰাণ সংগ্ৰহ কৰিছিল ।
মেচখনৰ ডাঙৰ টাৰ্নিং পইণ্টটো আহিল যেতিয়া ভাৰতীয় অধিনায়ক শুভমন গিলে তিনিটা বলত চাৰি ৰাণ সংগ্ৰহ কৰি আঘাতপ্ৰাপ্ত হয় । দ্বিতীয় দিনাৰ প্ৰথম ইংনিছত ৩৫ নং অভাৰৰ পঞ্চম বলত গিলে দক্ষিণ আফ্ৰিকাৰ অফস্পিনাৰ চাইমন হাৰ্মাৰৰ বলত বেকৱাৰ্ড স্কোৱাৰৰ ওপৰেৰে এটা উজ্জ্বল ছুইপ শ্বট মাৰি চাৰি সংগ্ৰহ কৰা সময়তে এই ঘটনা সংঘটিত হয় । এই শ্বটটোৱে দৰ্শকক আপ্লুত কৰাৰ বিপৰীতে গিলে শ্ব'টটো মাৰি থিয় হৈ লগে লগে ডিঙিটো হাতেৰে হেঁচা মাৰি ধৰে ।
🚨 Update 🚨
— BCCI (@BCCI) November 15, 2025
Shubman Gill has a neck spasm and is being monitored by the BCCI medical team. A decision on his participation today will be taken as per his progress.
Updates ▶️ https://t.co/okTBo3qxVH #TeamIndia | #INDvSA | @IDFCFIRSTBank pic.twitter.com/ivd9LVsvZj
ভাৰতীয় দলৰ ফিজিঅ’ কমলেশ জৈনে খেলপথাৰত গিলৰ চেকআপ কৰাৰ সময়তো ভাৰতীয় অধিনায়কগৰাকীয়ে ডিঙিটোৰ বাওঁফালে ধৰি আছিল । ডিঙিৰ জঠৰতা ইমানেই বেছি আছিল যে তেওঁ সহজে লৰচৰ কৰিব পৰা নাছিল ।
গিলৰ আঘাতৰ সন্দৰ্ভত কি ক'লে বি চি চি আয়ে
চিকিৎসকৰ দলে গিলৰ আঘাতৰ নিৰীক্ষণ কৰি আছে যদিও অধিক মূল্যায়নৰ ভিত্তিত তেওঁক মেচত অংশগ্ৰহণৰ সিদ্ধান্ত লোৱা হ’ব । বি চি চি আয়ে এক অফিচিয়েল আপডেটত কয়, "শুভমন গিলৰ ডিঙিত স্পাম হৈছে আৰু বি চি চি আইৰ চিকিৎসকৰ দলে তেওঁক নিৰীক্ষণ কৰি আছে । আজি তেওঁৰ অংশগ্ৰহণৰ সিদ্ধান্ত তেওঁৰ অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি লোৱা হ'ব ।" মন কৰিবলগীয়া যে প্ৰথম ইনিংছত আঘাতপ্ৰাপ্ত হৈ অৱসৰ লোৱাৰ পিছত তেওঁ বেটিং কৰা নাছিল, দ্বিতীয় ইনিংছতো ফিল্ডিং কৰা নাছিল ।

ইয়াৰ পূৰ্বে ২০২৪ চনৰ অক্টোবৰ মাহত বেংগালুৰুত নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন টেষ্ট খেলত গিলে ডিঙিৰ জঠৰতাত ভুগিছিল, যাৰ বাবে তেওঁ মেচখনত অংশ ল’ব পৰা নাছিল ।
South Africa’s disciplined bowling limits India to a 30-run lead!
— Star Sports (@StarSportsIndia) November 15, 2025
Will India’s bowlers now exploit the conditions and pin down the defending WTC champions in the 2nd innings? 👀#INDvSA | 1st Test, Day 2, LIVE NOW 👉 https://t.co/uK1oWLgsfx pic.twitter.com/vQjVn6f0Cs
IND vs SA: প্ৰথম ইনিংছত ভাৰতৰ প্ৰদৰ্শন
টছত পৰাস্ত হোৱাৰ পাছত ভাৰতে প্ৰথমে ফিল্ডিং কৰি প্ৰথম দিনাই আলহী দলটোক ১৫৯ ৰাণত অল আউট কৰে । এই মেচখনত বুমৰাহে ৫টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল । ইয়াৰ পিছতে ভাৰতে প্ৰথম ইনিংছত দ্বিতীয় দিনা ১৮৯ ৰাণত সংগ্ৰহ কৰে । ৰাহুলে সৰ্বাধিক ৩৯ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পাছত সুন্দৰে ২৯ ৰাণ, পন্ত আৰু জাদেজাই ২৭ ৰাণ সংগ্ৰহ কৰে । দক্ষিণ আফ্ৰিকাৰ হৈ হাৰ্মাৰে ৪টা উইকেট দখল কৰাৰ বিপৰীতে জনছনে ৩টা উইকেট দখল কৰে ।

