ETV Bharat / sports

ভাৰত-শ্ৰীলংকা মহিলা টি-20 ক্ৰিকেটৰ দিন ঘোষণা বি চি চি আইৰ

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম আৰু কেৰালাৰ থিৰুৱনন্তপুৰমত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ খেলসমূহ ।

Womens cricket T20I Series
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ফাইল ফটো (IANS)
author img

By ETV Bharat Assamese Team

Published : November 28, 2025 at 7:26 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিব এক ঘৰুৱা দ্বিপাক্ষিক শৃংখলাত ৷ শুকুৰবাৰে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাৎ বি চি চি আয়ে ঘোষণা কৰে পাঁচখন খেলৰ এই টি-20 ক্ৰিকেট শৃংখলাৰ সূচী ।

বি চি চি আয়ে প্ৰকাশ কৰা সংবাদ মাধ্যমৰ এক বিজ্ঞপ্তিত এনেদৰে কোৱা হৈছে, ‘‘আগন্তুক আই ডি এফ চি ফাৰ্ষ্ট বেংক মহিলা টি-২০ শৃংখলাৰ সময়সূচী ঘোষণা বি চি চি আইৰ ৷ অহা মাহত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে পাঁচখন খেলৰ শৃংখলাত অংশগ্ৰহণ কৰিব ৷ বিশাখাপট্টনমৰ পৰা আৰম্ভ হ’বলগা এই শৃংখলাৰ বাকী মেচসমূহ থিৰুৱনন্তপুৰমত অনুষ্ঠিত হ’ব ।’’

২১ ডিচেম্বৰ দেওবাৰে বিশাখাপট্টনমৰ ডাঃ ৱাই এছ ৰাজশেখৰ ৰেড্ডী এ চি এ-ভি ডি চি এ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব শৃংখলাৰ প্ৰথমখন খেল । একেটা স্থানতে ২৩ ডিচেম্বৰত দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব ।

ইয়াৰ পিছত দল দুটাই বাকী খেলসমূহৰ বাবে কেৰালাৰ ৰাজধানী থিৰুৱনন্তপুৰমলৈ যাত্ৰা কৰিব । পৰৱৰ্তী তিনিখন খেল ক্ৰমে ২৬, ২৮ আৰু ৩০ ডিচেম্বৰত দক্ষিণৰ চহৰখনৰ গ্ৰীণফিল্ড ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল মেচত দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলটোক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে আই চি চি এদিনীয়া মহিলা ক্ৰিকেট বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰিছিল ভাৰতীয় মহিলা ক্ৰিকেটৰ দলটোৱে । দলটোৰ প্ৰশিক্ষক অমল মজুমদাৰে ঘৰুৱা ক্ৰিকেটত মুম্বাইক প্ৰতিনিধিত্ব কৰি আহিছে ।

আগন্তুক সপ্তাহত মহিলা ক্ৰিকেটৰ বাছনি সমিতিয়ে এই শৃংখলাৰ বাবে দল ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: WPL 2026: কোন দলত কোন খেলুৱৈ, কাৰ কিমান মূল্য ?