পাকিস্তানৰ বিৰুদ্ধে বাংলাদেশৰ এদিনীয়া শৃংখলা জয়
বিশ্বকাপৰ হতাশাৰ পিছত বাংলাদেশৰ বিৰুদ্ধেও পাকিস্তানৰ দুৰ্বল প্ৰদৰ্শন । ২-১ত শৃংখলা জয় বাংলাদেশৰ ।

Published : March 16, 2026 at 12:53 PM IST
হায়দৰাবাদ : পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত দুৰ্দান্ত প্ৰদৰ্শন বাংলাদেশৰ । ৩ খনীয়া শৃংখলাটোত ২-১ত পৰাস্ত পাকিস্তানী ক্ৰিকেট দলটো । বিশ্বকাপৰ পৰাই দুৰ্বল ফৰ্মত আছে পাকিস্তানী দলটো । বাংলাদেশৰ বিৰুদ্ধে শৃংখলাটোতো সেয়া স্পষ্ট হৈ পৰিল । দেওবাৰে মীৰপুৰৰ শ্বেৰ-ই-বাংলা নেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ১১ ৰাণত পৰাস্ত হয় । লগে লগে বাংলাদেশে শৃংখলাটোত জয়ী হয় । টি-২০ বিশ্বকাপত ছুপাৰ-৮ৰ পৰা বাহিৰ হোৱাৰ পিছত পাকিস্তানে আন এক হতাশাৰ সন্মুখীন হ’বলগীয়া হয় । লক্ষণীয় বিষয় যে ২০১৫ চনত খেলা দ্বিপাক্ষিক শৃংখলাত বাংলাদেশে পাকিস্তানক পৰাস্ত কৰিছিল, য'ত তৃতীয়খন মেচত দলটোৱে ক্লীন ছুইপ নিশ্চিত কৰিছিল ।
শেহতীয়া শৃংখলাটোত প্ৰথমখন মেচত পাকিস্তানে শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল । তাৰ পিছত দ্বিতীয়খন মেচত জয়েৰে শৃংখলালৈ উভতি আহিছিল । কিন্তু নিৰ্ণায়কত মেচত জয়ী হ'ব নোৱাৰিলে । টি-২০ বিশ্বকাপ হতাশাজনক হোৱাৰ পিছত এই জয়ে বাংলাদেশৰ মনোবল বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে ।
খেলখনত বাংলাদেশে প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৫ টা উইকেট হেৰুৱাই ২৯০ ৰাণ সংগ্ৰহ কৰে । তাঞ্জিদ হাছানে ৭ টা চাৰি আৰু ৭ টা ছিক্সাৰৰ সহায়ত ১০৭ ৰাণ সংগ্ৰহ কৰি প্ৰথমটো এদিনীয়া শতক অৰ্জন কৰে । আনহাতে পাকিস্তানৰ হৈ ছলমান আঘাইও ১০৬ ৰাণৰ ইনিংছ খেলে ।
বাংলাদেশৰ লিটন দাসে ৪১ ৰাণ, নাজমুল হুছেইন শান্তোৱে ২৭ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে তৌহিদ হৃদয়ে ৪৮ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হয় । পাকিস্তানৰ হৈ হাৰিছ ৰৌফে ৩ টা উইকেট দখল কৰাৰ বিপৰীতে আব্ৰাৰ আহমেদ আৰু শ্বাহীন আফ্ৰিদীয়ে ১ টাকৈ উইকেট দখল কৰে ।
সন্মুখত ২৯১ ৰাণৰ লক্ষ্য আছিল যদিও পাকিস্তানে প্ৰথম অৱস্থাতে আঘাতৰ সন্মুখীন হয় । কাৰণ ছাহিবজাদা ফাৰহান আৰু ছাদাকাত ৬ ৰাণতে আউট হয় । ছলমান আঘাই অৱশ্যে ৯৮ টা বলত ১০৬ ৰাণ সংগ্ৰহ কৰে । অৱশ্যে তেওঁলোকৰ প্ৰচেষ্টা যথেষ্ট নহ'ল ।
অন্তিম অভাৰত পাকিস্তানক ১৪ ৰাণৰ প্ৰয়োজন হৈছিল । কিন্তু ৰিছাদ হুছেইনে শ্বাহীন আফ্ৰিদীক আউট কৰি মেচখন আৰু শৃংখলা দখল কৰে । বাংলাদেশৰ হৈ তাস্কিন আহমেদে ৪ টা উইকেট দখল কৰি দলটোক খেলখনত উদ্ধাৰ কৰে । মুস্তাফিজুৰ ৰহমানে ৩ টা উইকেট লোৱাৰ বিপৰীতে নাহিদ ৰাণাই ২ টা উইকেট দখল কৰে ।
লগতে পঢ়ক :
৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ হাইভল্টেজ IPL মেচ : ১৫ মাৰ্চৰ পৰা টিকট মুকলি

