ETV Bharat / sports

ভাৰতত টি-২০ বিশ্বকাপ খেলিবলৈ অস্বীকাৰ বাংলাদেশৰ

টি-২০ বিশ্বকাপ ২০২৬ ৰ বাংলাদেশৰ গ্ৰুপ মেচসমূহ কলকাতাৰ ইডেন গাৰ্ডেন আৰু মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

T20 WORLD CUP 2026
বাংলাদেশৰ খেলুৱৈসকলৰ একাংশ (IANS)
author img

By ETV Bharat Assamese Team

Published : January 5, 2026 at 12:11 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: আই পি এল ২০২৬ ৰ পৰা ফাষ্ট বলাৰ মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত ভাৰত আৰু বাংলাদেশৰ মাজত বৃদ্ধি পাইছে উত্তেজনা । ইয়াৰ পিছতে দেশৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ তদাৰকৰ দায়িত্বত আছিফ নজৰুলে বাংলাদেশে টি-২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নোযোৱাটো নিশ্চিত কৰিছে ৷

এক ফেচবুক পোষ্টত নজৰুলে কয় যে বৈঠকৰ সময়ত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে টি-২০ বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণ নকৰাৰ সিদ্ধান্ত লৈছে । তেওঁ কয়, ‘‘বাংলাদেশে বিশ্বকাপ খেলিবলৈ ভাৰত ভ্ৰমণ নকৰে । বাংলাদেশ ক্ৰিকেট ব'ৰ্ডে আজি এই সিদ্ধান্ত গ্ৰহণ কৰিছে । ভাৰতীয় ক্ৰিকেট ব'ৰ্ডৰ আগ্ৰাসী সাম্প্ৰদায়িক নীতিৰ প্ৰেক্ষাপটত লোৱা এই সিদ্ধান্তক আমি আদৰণি জনাইছো ।’’

T20 WORLD CUP 2026
মুস্তাফিজুৰ ৰহমান (IANS)

মন কৰিবলগীয়া যে যোৱা মাহত কলকাতা নাইট ৰাইডাৰ্ছে আই পি এল ২০২৬ ৰ মিনি নিলামত মুস্তাফিজুৰ ৰহমানক ৯.২০ কোটি টকাত ক্ৰয় কৰিছিল আৰু তেওঁ বৰ্তমানলৈকে সৰ্বাধিক দামী বাংলাদেশী খেলুৱৈত পৰিগণিত হৈছিল । অৱশ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিৰ্দেশ অনুসৰি কে কে আৰে তেওঁক আই পি এল দলৰ পৰা বাদ দিয়ে ।

ইয়াৰ পূৰ্বে স্থান সলনি কৰাৰ কথা আছিল

বাংলাদেশত শেহতীয়াকৈ হিন্দুলোকৰ ওপৰত কৰা আক্ৰমণৰ পৰিপ্ৰেক্ষিততে একাংশ লোকৰ দাবী অনুসৰি বি চি চি আইয়ে মুস্তাফিজুৰক ভাৰতত খেলিবলৈ অনুমতি দিয়া নাছিল । ইয়াৰ পিছত নজৰুলে ভাৰতত নিজৰ খেলুৱৈসকলৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে আৰু খেলৰ স্থান সলনি কৰাৰ দাবীও উত্থাপন কৰে ।

ইয়াৰ পূৰ্বে নজৰুলে ফেচবুক পোষ্টত লিখিছিল, ‘‘মই ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক নিৰ্দেশ দিছো যে সমগ্ৰ বিষয়টোৰ লিখিত ব্যাখ্যা আই চি চিৰ ওচৰত দাখিল কৰিব লাগে । ব’ৰ্ডে স্পষ্টকৈ উল্লেখ কৰা উচিত যে যেতিয়া কোনো বাংলাদেশী ক্ৰিকেটাৰে চুক্তিবদ্ধ হৈ থকাৰ পিছতো ভাৰতত খেলিব নোৱাৰে, গতিকে বাংলাদেশৰ জাতীয় দলটোৱে বিশ্বকাপত অংশগ্ৰহণৰ বাবে দেশখনলৈ যাত্ৰা কৰাৰ সময়ত নিৰাপত্তা অনুভৱ কৰিব নোৱাৰে । বাংলাদেশৰ বিশ্বকাপৰ খেলসমূহ শ্ৰীলংকাত অনুষ্ঠিত কৰিবলৈ অনুৰোধ কৰিবলৈও মই ব’ৰ্ডক নিৰ্দেশ দিছো ।’’

বাংলাদেশ টি-২০ বিশ্বকাপৰ সূচী

ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, নেপাল, ইটালীৰ দলৰ সৈতে টি-২০ বিশ্বকাপৰ বাবে বাংলাদেশক গ্ৰুপ চিত অন্তৰ্ভুক্ত কৰা হৈছে । বাংলাদেশে ৭ ফেব্ৰুৱাৰীৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰম্ভ কৰিব অভিযান । ইয়াৰ পিছত ৯ ফেব্ৰুৱাৰীত ইটালী, ১৪ ফেব্ৰুৱাৰীত ইংলেণ্ড আৰু ১৭ ফেব্ৰুৱাৰীত নেপালৰ বিৰুদ্ধে খেলিব । এই তিনিখন খেল কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ৷ আনহাতে, মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত গ্ৰুপৰ অন্তিমখন খেল অনুষ্ঠিত হ’ব ।

আই পি এলৰ খেল সম্প্ৰচাৰত নিষেধাজ্ঞা

তদুপৰি, বাংলাদেশত আই পি এলৰ খেলৰ সম্প্ৰচাৰ বন্ধ কৰিবলৈ উপদেষ্টাগৰাকীক নিৰ্দেশ দিছে নজৰুলে । তেওঁ কয়, ‘‘তদুপৰি মই তথ্য আৰু সম্প্ৰচাৰ উপদেষ্টাক বাংলাদেশত আই পি এলৰ খেলৰ সম্প্ৰচাৰ বন্ধ কৰিবলৈ কৈছো । কোনো কাৰণতে আমি বাংলাদেশ ক্ৰিকেট, বাংলাদেশী ক্ৰিকেটাৰ বা বাংলাদেশৰ প্ৰতি কোনো ধৰণৰ অসন্মান সহ্য নকৰো ।”

ভাৰতলৈ নাহে পাকিস্তানৰ দলটো

নিৰাপত্তাজনিত কাৰণত পাকিস্তানেও ভাৰতত খেলিব নোৱাৰাৰ সিদ্ধান্ত লৈছে ৷ কাৰণ ভাৰতেও একে কাৰণতে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিছিল । যাৰ বাবে টি-২০ বিশ্বকাপত পাকিস্তানে নিজৰ সকলো মেচ কেৱল শ্ৰীলংকাতহে খেলিব ৷ আনকি আয়োজক দেশ ভাৰতেও শ্ৰীলংকালৈ গৈ নিজৰ এখন বিশ্বকাপৰ মেচত অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক: বাংলাদেশ-আই পি এল বিবাদ: শ্বাহৰুখৰ দলে ৰাখিব নোৱাৰিব মুস্তাফিজুৰ ৰহমানক, বি চি চি আইৰ নিৰ্দেশ