ETV Bharat / sports

বাবৰ আজমক ICCৰ জৰিমনা; তাৰকা বেটছমেনজনক কি শাস্তি বিহা হ’ল জানি লওক

শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলত বাবৰ আজমে আই চি চিৰ আচৰণ বিধি উলংঘা কৰিছিল ।

IANS PHOTO
বাবৰ আজম (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : November 18, 2025 at 11:55 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : পাকিস্তান, শ্ৰীলংকা আৰু জিম্বাবুৱেৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ ত্ৰিদলীয় শৃংখলাৰ পূৰ্বে পাকিস্তান ক্ৰিকেট ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে দলটোৰ তাৰকা বেটছমেন বাবৰ আজমক শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলৰ সময়ত আচৰণ বিধি উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰে ।

আই চি চিয়ে জনোৱা মতে, লেভেল ১ উলংঘাৰ বাবে বাবৰ আজমক মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহা হৈছে আৰু তেওঁৰ অনুশাসনমূলক অভিলেখত এটা ডেমেৰিট পইণ্ট সংযোজন কৰা হৈছে । যোৱা দুবছৰৰ ভিতৰত এয়া বাবৰৰ প্ৰথমটো ডিমেৰিট পইণ্ট ।

বাবৰক কিয় শাস্তি দিয়া হ’ল ?

আচলতে বাবৰে আউট হোৱাৰ পিছত হতাশাত ষ্টাম্পত আঘাত কৰিছিল । পাকিস্তানৰ ইনিংছৰ ২১ অভাৰত সংঘটিত হোৱা এই ঘটনাৰ পিছতে মেচৰ বিষয়াসকলে ততাতৈয়াকৈ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ বাধ্য হয় । লেভেল ১ উলংঘাৰ বাবে সৰ্বোচ্চ শাস্তি হ’ল তেওঁৰ মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা আৰু সৰ্বাধিক দুটা ডেমেৰিট পইণ্ট । বাবৰ আজমে আচৰণ বিধি উলংঘা কৰা বুলি স্বীকাৰ কৰিছে ।

বাবৰ আজমৰ আকৰ্ষণীয় প্ৰদৰ্শন :

তিনিখন খেলৰ এদিনীয়া শৃংখলাত পাকিস্তানে শ্ৰীলংকাক ক্লিন ছুইপ কৰিবলৈ সক্ষম হয় । তিনিওখন মেচতে বাবৰ আজমৰ প্ৰদৰ্শন আকৰ্ষণীয় আছিল, পাকিস্তানৰ আগশাৰীৰ ৰাণ সংগ্ৰহকাৰী হিচাপে ১৬৫ ৰাণ সংগ্ৰহ কৰাৰ লগতে ৮০৭ দিন আৰু ৮৩ ইনিংছৰ পিছত ২০ সংখ্যক এদিনীয়া শতকো অৰ্জন কৰিছিল ।

পাকিস্তান ক্ৰিকেট দলটোৱে এতিয়া টি-২০ ত্ৰিদলীয় শৃংখলাত শ্ৰীলংকা আৰু জিম্বাবুৱেৰ বিৰুদ্ধে খেলিব । ১৮ নৱেম্বৰত ৰাৱালপিণ্ডিত প্ৰথমখন খেল অনুষ্ঠিত হ’ব আৰু ২৯ নৱেম্বৰত ফাইনেল অনুষ্ঠিত হ’ব । অনুৰাগীসকলে এই ছিৰিজতো বাবৰৰ পৰা শক্তিশালী প্ৰদৰ্শন আশা কৰিব ।

টি-২০ ত্ৰিদলীয় শৃংখলাৰ বাবে পাকিস্তানৰ দল :

ছলমান আলী আঘা (অধিনায়ক), বাবৰ আজম, ফখৰ জামান, চাহিবজাদা ফাৰহান, আব্দুল ছামাদ, ওছমান খান, ফাহিম আশ্ৰাফ, মহম্মদ নৱাজ, ছাইম আয়ুব, আব্ৰাৰ আহমেদ, মহম্মদ ৱাছিম ​​জুনিয়ৰ, ছলমান মিৰ্জা, নাছিম শ্বাহ, শ্বাহীন শ্বাহ আফ্ৰিদি, ওছমান তাৰিক, ফাখৰ জামান, হৰিছ ৰৌফ, চুফিয়ান মুকীম ।

লগতে পঢ়ক : পাকিস্তানৰ বিৰুদ্ধে ত্ৰিদলীয় শৃংখলাৰ দল ঘোষণা, কাৰ হাতত থাকিব দলৰ নেতৃত্ব