ETV Bharat / sports

অষ্ট্ৰেলিয়াই পুনৰ ঘোষণা কৰিলে T20 দল, বিশ্বকাপ দলৰ পৰা বাহিৰ ৫ খেলুৱৈ

অষ্ট্ৰেলিয়াৰ টি-২০ বিশ্বকাপ দলৰ ৫গৰাকী খেলুৱৈয়ে পাকিস্তানৰ বিৰুদ্ধে টি-২০ ছিৰিজত অংশ নলয় ।

AUSTRALIA T20 WORLD CUP SQUAD
অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দল (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : January 19, 2026 at 1:37 PM IST

3 Min Read
Choose ETV Bharat

মেলবৰ্ণ : ভাৰত আৰু শ্ৰীলংকাত ৭ ফেব্ৰুৱাৰীত আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপৰ চূড়ান্ত প্ৰস্তুতিৰ অংশ হিচাপে অষ্ট্ৰেলিয়া আৰু পাকিস্তানে তিনিখন মেচৰ টি-২০ শৃংখলা খেলিব । ২৯ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ পাকিস্তানত অনুষ্ঠিত হ’ব এই শৃংখলা ৷ পাকিস্তানত তিনিখন খেলৰ অন্তত অষ্ট্ৰেলিয়াই শ্ৰীলংকাৰ কলম্বোত আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন বিশ্বকাপ খেলৰ বাবে প্ৰস্তুতি চলাব ৷

টি-২০ বিশ্বকাপৰ পূৰ্বে এই গুৰুত্বপূৰ্ণ শৃংখলাৰ বাবে অষ্ট্ৰেলিয়াই ঘোষণা কৰিছে ১৭ জনীয়া দল ৷ বিগ বেছ লীগত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰা মাহলী বিয়াৰ্ডমেন আৰু জেক এডৱাৰ্ডছকো দলত অন্তৰ্ভুক্ত কৰা হৈছে ৷

বিয়াৰ্ডমেন আৰু এডৱাৰ্ডে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটাব পৰা নাই যদিও ভাৰত ভ্ৰমণৰ সময়ত তেওঁলোক দুয়োজনেই অষ্ট্ৰেলিয়াৰ হোৱাইট বল দলৰ অংশ আছিল ৷ বিয়াৰ্ডমেন যোৱা বছৰ ভাৰতৰ বিৰুদ্ধে টি-২০ আন্তঃৰাষ্ট্ৰীয় দলৰ অংশ আছিল, আনহাতে এডৱাৰ্ডছ কিছু সময়ৰ বাবে এদিনীয়া দলৰ অংশ আছিল ৷

টি-২০ বিশ্বকাপৰ দলৰ পৰা বাহিৰ পাঁচগৰাকী খেলুৱৈ

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ টি-২০ বিশ্বকাপ দলৰ ১০ গৰাকী খেলুৱৈ পাকিস্তানলৈ গৈ আছে ৷ আনহাতে, নাথান এলিছ, টিম ডেভিদ, জোছ হেজলউড, গ্লেন মেক্সৱেল, পেট কামিন্সকে ধৰি পাঁচজন খেলুৱৈক এই শৃংখলাৰ পৰা বাদ দিয়া হৈছে ৷ তেওঁলোকে আঘাতৰ পৰা সুস্থ হোৱাৰ পাছত আৰু বিশ্বকাপৰ বাবে তেওঁলোকৰ কামৰ বোজা পৰিচালনা কৰাৰ লগে লগে শ্ৰীলংকাত বিশ্বকাপ দলত পোনপটীয়াকৈ যোগদান কৰিব ৷ ফলস্বৰূপে শ্বেন এবট, বিয়াৰ্ডমেন, বেন ড্ৱাৰ্চিয়াছ, এডৱাৰ্ডছ, মিচ ওৱেন, জোছ ফিলিপ, মেট ৰেনশ্ব’ক দলত অন্তৰ্ভুক্ত কৰা হৈছে ৷

অষ্ট্ৰেলিয়াৰ মুখ্য নিৰ্বাচকে কি ক’লে ?

অষ্ট্ৰেলিয়াৰ মুখ্য নিৰ্বাচক জৰ্জ বেইলীয়ে কয় যে এই শৃংখলাটো বাছনিৰ ওচৰত থকা খেলুৱৈ আৰু আমি অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা কিছুমান কম বয়সীয়া খেলুৱৈৰ বাবে পাকিস্তানৰ বিশ্বকাপ গ্ৰুপৰ সৈতে মূল্যৱান অভিজ্ঞতা লাভ কৰাৰ এক সুন্দৰ সুযোগ । ইফালে ক্ৰিকেট অষ্ট্ৰেলিয়াই কয় যে বিগ বেছ লীগ (বি বি এল)ৰ বাকী মেচসমূহত খেলা খেলুৱৈসকলে প্ৰতিযোগিতাখন সমাপ্ত হোৱাৰ পিছত পাকিস্তানত দলত যোগদান কৰিব ।

অষ্ট্ৰেলিয়াই ২৯ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ লাহোৰত তিনিখন টি-২০ মেচ খেলিব আৰু তাৰ পিছত ১১ ফেব্ৰুৱাৰীৰ পৰা টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব ৷

পাকিস্তানৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ টি-২০ দল :

মিচেল মাৰ্ছ (অধিনায়ক), শ্বেন এবট, জেভিয়াৰ বাৰ্টলেট, মাহলি বিয়াৰ্ডমেন, কুপাৰ কনলি, বেন ড্ৱাৰ্শ্বুইছ, জেক এডৱাৰ্ডছ, কেমেৰুন গ্ৰীণ, ট্ৰেভিছ হেড, জোছ ইংলিছ, মেথিউ কুহনেমেন, মিচ ওৱেন, জোছ ফিলিপ, মেথিউ ৰেনশ্ব, মেথিউ শ্বৰ্ট, মাৰ্কাছ ষ্ট’ইনিছ, এডাম জাম্পা ৷

টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে অষ্ট্ৰেলিয়াৰ দল :

মিচেল মাৰ্ছ (অধিনায়ক), জেভিয়াৰ বাৰ্টলেট, কুপাৰ কনলি, পেট কামিন্স, টিম ডেভিদ, কেমেৰুন গ্ৰীণ, নাথান এলিছ, জোছ হেজলউড, ট্ৰেভিছ হেড, জোছ ইংলিছ, মেট কুহনেমেন, গ্লেন মেক্সৱেল, মেথিউ শ্বৰ্ট, মাৰ্কাছ ষ্ট’ইনিছ, এডাম জাম্পা ৷

লগতে পঢ়ক : তীব্ৰ উত্তেজনা আৰু ৰোমাঞ্চ সৃষ্টি কৰিবলৈ সম্পূৰ্ণ সাজু আই চি চি চি-২০ বিশ্বকাপ

ICC-এ নামানিলে বাংলাদেশৰ অনুৰোধ, T20 বিশ্বকাপ খেলিবলৈ আহিব লাগিব ভাৰতলৈ

ভাৰতত টি-২০ বিশ্বকাপ খেলিবলৈ অস্বীকাৰ বাংলাদেশৰ