অসমক আপোনাৰ প্ৰয়োজন ! এ পি এলৰ খেলৰ সময়ত ষ্টেডিয়ামত এটা কুকুৰ
গুৱাহাটীৰ বৰ্ষাপাৰা এচিএ ষ্টেডিয়ামত গুৱাহাটী ৰয়েলছ আৰু যোৰহাট ষ্টেলিয়নছৰ মাজত অনুষ্ঠিত হোৱা অসম প্ৰিমিয়াৰ লীগ (এ পি এল)ৰ খেলৰ সময়ত এটা বিৰল দৃশ্য ।

By ANI
Published : August 5, 2026 at 3:03 PM IST
গুৱাহাটী : গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত মঙলবাৰে গুৱাহাটী ৰয়েলছ আৰু যোৰহাট ষ্টেলিয়নছৰ মাজত অনুষ্ঠিত হোৱা অসম প্ৰিমিয়াৰ লীগ (এ পি এল)ৰ খেলৰ সময়ত এটা কুকুৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ ষ্টেডিয়ামৰ নিৰ্দিষ্ট সীমাৰ ভিতৰত খেলুৱৈসকলৰ লগত এই কুকুৰটোক একেলগে ঘূৰি-ফুৰা দেখা গৈছিল ৷
শেহতীয়া বানত অসমত লাখ লাখ লোকক ক্ষতিগ্ৰস্ত হৈছে ৷ উজনিৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত বানত ঘৰ-দুৱাৰ, জীৱিকা, মৌলিক সুবিধাসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো স্থানচ্যুত পৰিয়ালসমূহে ভয়াৱহ সংকটৰ সন্মুখীন হৈছে । অসমৰ এই পৰিস্থিতিৰ বিষয়ে সকলোকে অৱগত কৰিছিল এই কুকুৰটোৱে ৷

খেল আৰম্ভ হোৱাৰ আগতেই ‘অসমক আপোনাৰ প্ৰয়োজন’ (Assam Needs You) বাৰ্তা কঢ়িয়াই এটা ৰব'টিক-কুকুৰে খেলুৱৈসকলৰ সৈতে খেলপথাৰলৈ নামি আহে ৷ এই দৃশ্যই ষ্টেডিয়ামৰ ভিতৰৰ দৰ্শকৰ লগতে আৰু টিভি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে ৷ তেওঁলোকৰ ওচৰত দাঙি ধৰে অসমৰ বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ ৷
ৰব’টিক কুকুৰটোক অনাৰ উদ্দেশ্য আছিল অতি সহজ, কোনো এটা ডাঙৰ ক্ৰীড়া অনুষ্ঠানৰ জনপ্ৰিয়তাক ব্যৱহাৰ কৰি ষ্টেডিয়ামৰ বাহিৰত এক গুৰুত্বপূৰ্ণ মানৱীয় বাৰ্তা প্ৰেৰণ কৰা ৷ মেচখনৰ উত্তেজনাৰ মাজতে ৰব’টিক কুকুৰটোৱে সকলোকে পুনৰবাৰে সোঁৱৰাই দিলে যে অসমৰ বহু লোক এতিয়াও বানৰ সৈতে যুঁজি আছে আৰু তেওঁলোকক সকলোৰে সহানুভূতি, সমৰ্থন, সংহতিৰ প্ৰয়োজন ৷
‘অসমক আপোনাক প্ৰয়োজন’ বাৰ্তাৰ উদ্দেশ্য আছিল সমগ্ৰ দেশৰ নাগৰিক, প্ৰতিষ্ঠান, সংগঠনসমূহক অসমৰ সাহায্য, পুনৰুদ্ধাৰ আৰু পুনৰ্বাসনৰ প্ৰচেষ্টাত যিমান পাৰে অৰিহণা যোগাবলৈ আহ্বান জনোৱা ৷
লগতে পঢ়ক : অসমৰ সৰ্ববৃহৎ ফ্ৰেঞ্চাইজিভিত্তিক টি-২০ প্ৰতিযোগিতা 'অসম প্ৰিমিয়াৰ লীগ'ৰ শুভাৰম্ভ

