ETV Bharat / sports

অসমৰ মানচিত্ৰত শীঘ্ৰে অন্তৰ্ভুক্ত হ'ব এখন আটকধুনীয়া ক্ৰিকেট ষ্টেডিয়াম

ডিমা হাছাওত নিৰ্মিত ক্ৰিকেট ষ্টেডিয়াম ক্ৰিকেটৰ ডেষ্টিনেশ্যন চেণ্টাৰ হ'ব বুলি ঘোষণা কৰিছে বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই ।

Umrangso new cricket stadium
অসমৰ মানচিত্ৰত শীঘ্ৰে অন্তৰ্ভুক্ত হ'ব এখন আটকধুনীয়া ক্ৰিকেট ষ্টেডিয়াম (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 1, 2025 at 7:53 AM IST

|

Updated : December 1, 2025 at 11:09 AM IST

3 Min Read
Choose ETV Bharat

হাফলং : অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংছ'ত অসম ক্ৰিকেট সন্থাৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে এখন আটকধুনীয়া ক্ৰিকেট ষ্টেডিয়াম । অষ্ট্ৰেলিয়া, নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড আদি দেশৰ আৰ্হি লৈ প্ৰকৃতিক ধ্বংস নকৰাকৈয়ে ক্ৰিকেট ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছে ।

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ উমৰাংছ'ত নিৰ্মিত এই ক্ৰিকেট ষ্টেডিয়াম হ'ব দেশৰ ভিতৰতে ধুনীয়া ষ্টেডিয়ামসমূহৰ ভিতৰত অন্যতম । অহা ৫ ডিচেম্বৰত অসম ক্ৰিকেট সন্থাৰ এই নতুন ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

অসমৰ মানচিত্ৰত শীঘ্ৰে অন্তৰ্ভুক্ত হ'ব এখন আটকধুনীয়া ক্ৰিকেট ষ্টেডিয়াম (ETV Bharat)

তাৰ পূৰ্বে এই ষ্টেডিয়ামখন পৰিদৰ্শন কৰে বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই । এই সময়ত তেওঁ কয়, "উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই উমৰাংছ'ত এখন ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৩০ বিঘা ভূমি আৱণ্টন দিছিল । ইয়াৰ পূৰ্বে ডিমা হাছাও জিলাত এখন ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ বাবে হাফলঙত ভূমি বিচৰা হৈছিল কিন্তু তাত সমভূমিত একেলগে ইমান বেছি পৰিমাণৰ ভূমি নথকাৰ বাবে উমৰাংছ'ত এই স্থান বাছনি কৰিলোঁ । ৪ বছৰ পূৰ্বে ক্ৰিকেট ষ্টেডিয়ামখন নিৰ্মাণৰ পৰিকল্পনা কৰিছিল অসম ক্ৰিকেট সন্থাই ।"

Umrangso new cricket stadium
উমৰাংছ'ত নিৰ্মাণ অসম ক্ৰিকেট সন্থাৰ নতুন ষ্টেডিয়াম (ETV Bharat)

উল্লেখ্য যে এই ক্ৰিকেট ষ্টেডিয়ামত ১৫ হাজাৰ দৰ্শকে বহি খেল উপভোগ কৰিব পাৰিব । মূল পিটছৰ লগতে অনুশীলনৰ বাবেও ৫ খন অতিৰিক্ত পিটছ নিৰ্মাণ কৰা হৈছে । বি চি চি আইৰ সচিবগৰাকীয়ে কয়, "বিচিচিআই আৰু অসম ক্ৰিকেট সন্থাই এই ক্ৰিকেট ষ্টেডিয়ামত ঘৰুৱা ক্ৰিকেট মেচৰ আয়োজন কৰিব । কেৱল এয়াই নহয় এই ষ্টেডিয়াম হ'ব ক্ৰিকেটৰ 'ডেষ্টিনেশ্যন চেণ্টাৰ' । বাহিৰৰ পৰা খেলুৱৈ আহি ইয়াতে থাকি খেলি যাব ।" দেৱজিৎ শইকীয়াই লগতে আশা প্ৰকাশ কৰি কয় যে উমৰাংছ'ৰ এই ষ্টেডিয়ামখন দেশৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ ষ্টেডিয়ামসমূহৰ ভিতৰত এখন হ'ব ।

ইফালে আগন্তুক দিনত ইয়াৰ জৰিয়তে ডিমা হাছাও জিলাৰ পৰা ভাল খেলুৱৈ ওলাই আহিব বুলিও আশাবাদী বি চি চি আইৰ সচিবগৰাকী । তেওঁ লগতে কয়, "উমৰাংছ' ক্ৰীড়া সন্থাৰ সহযোগত অসম ক্ৰিকেট সন্থাই নিজৰ প্ৰচেষ্টাত এই ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰিছে আৰু এই ষ্টেডিয়ামৰ পেভিলিয়ান চেঙিয়া তুলাৰাম সেনাপতিৰ নামত উৎসৰ্গা কৰা হৈছে ।" বি চি চি আইৰ সচিবগৰাকীয়ে জনোৱা মতে অহা ৫ ডিচেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম ক্ৰিকেট সন্থাৰ এই আটকধুনীয়া ক্ৰিকেট ষ্টেডিয়ামখন মুকলি কৰিব ।

লগতে পঢ়ক :IND vs SA : ১৭ ৰাণত ভাৰতৰ হাতত পৰাস্ত দক্ষিণ আফ্ৰিকা, বিৰাট কোহলিলৈ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

Last Updated : December 1, 2025 at 11:09 AM IST