ETV Bharat / sports

লাভলীনাৰ খোজত খোজ দি বিশ্বজয়ৰ লক্ষ্যৰে আগবাঢ়িছে নগাঁৱৰ আস্থা

প্ৰথম খোজোতেই ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সুযোগ লাভ কৰিছে নগাঁৱৰ আস্থা ৰয়ে ।

Assam boxers
বক্সিং ৰিঙত বিশ্বজয়ৰ সপোন নগাঁৱৰ আস্থাৰ ৰয়ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 3:28 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও: বিশ্বৰ বক্সিং ৰিঙত অসমৰ হৈ ইতিহাস ৰচনা কৰা লাভলীনা বৰগোহাঁইক অনুসৰণ কৰি বক্সিং ৰিঙত নামিছে নগাঁৱৰ আস্থা ৰয় । লাভলীনা বৰগোহাঁইৰ দৰেই বিশ্বজয়ৰ সপোন বুকুত লৈ ২০২২ চনৰ পৰা বক্সিঙৰ অনুশীলন আৰম্ভ কৰিছে নগাঁৱৰ আস্থা ৰয়ে । নগাঁৱৰ হয়বৰগাঁৱৰ তেলিয়াপট্টিৰ ষষ্ঠম শ্রেণীৰ ছাত্ৰী আস্থা ৰয়ে প্ৰথম খোজতে সুযোগ লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণৰ ।

ইতিমধ্যে সম্পন্ন হৈ যোৱা ৰাজ্যিক ভিত্তিত আন্তঃজিলা বক্সিং প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ পাছতেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে নগাঁৱৰ আস্থা ৰয়ে ।

বক্সিং ৰিঙত বিশ্বজয়ৰ সপোন নগাঁৱৰ আস্থাৰ ৰয়ৰ (ETV Bharat Assam)

অসম বক্সিং সন্থাৰ ৰাজ্যিক সম্পাদক গোপাল থাপাই প্ৰশিক্ষণ দিয়া নগাঁৱৰ আস্থা ৰয়ে পঞ্জাবত অনুষ্ঠিত হ'বলগীয়া ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে সুযোগ লাভ কৰিছে । প্ৰথম খোজতে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ লাভ কৰা আস্থা ৰয়ক লৈ এতিয়া উৎফুল্লিত প্ৰশিক্ষক গোপাল থাপাৰ লগতে আস্থা ৰয়ৰ পৰিয়াল তথা নগাঁৱৰ বক্সিং খেলুৱৈসকল ।

অহা ২৩ জুনৰ পৰা পঞ্জাবৰ জলন্ধৰত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছাব জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত অসম দলৰ হৈ অংশগ্ৰহণ কৰিব আস্থাই । অসম দলৰ হৈ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰা আস্থা ৰয়েই নগাঁৱৰ একমাত্ৰ বক্সাৰ ।

Assam boxers
বিশ্বৰ বক্সিং ৰিঙত নমা ভৱিষ্যতৰ খেলুৱৈসকল (ETV Bharat Assam)

পঞ্জাবৰ জলন্ধৰত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত অসমৰ ১৮ গৰাকীকৈ খেলুৱৈয়ে অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰিছে । ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিখন ৰাজ্যৰেই বক্সিং দলে অংশগ্ৰহণ কৰিব পঞ্জাবৰ জলন্ধৰত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছাব জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত ।

এই সন্দৰ্ভত ই টিভি ভাৰতৰ সন্মুখত আস্থা ৰয়ে কয়, "বক্সিঙত সফলতাৰ সপোন লৈ মই ২০২২ চনৰ পৰা বক্সিঙৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিলো । মাত্ৰ চাৰি বছৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰিয়েই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং ৰিঙত অংশগ্ৰহণৰ সুযোগ লাভ কৰাটো মোৰ বাবে এটা সৌভাগ্যৰ বিষয় । এই খবৰ লাভ কৰিয়েই মই যথেষ্ট উৎফুল্লিত হৈ পৰিছো । এই ক্ষেত্ৰত মোৰ প্ৰশিক্ষক গোপাল থাপা ছাৰ লগতে মোৰ পিতৃ-মাতৃক কৃতজ্ঞতা জ্ঞাপন কৰিছো । লগতে অনাগত দিনত সফলতাৰ বাবে সকলোৰে আশীর্বাদ বিচাৰিছো ।"

Assam boxers
বিশ্বৰ বক্সিং ৰিঙত নমা ভৱিষ্যতৰ খেলুৱৈসকল (ETV Bharat Assam)

আস্থা ৰয়ৰ এই সফলতা সন্দৰ্ভত প্ৰশিক্ষক গোপাল থাপাই কয়, "নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁৱত বক্সিং ৰিঙৰ ব্যৱস্থা কৰি দিয়াৰ পাছৰ পৰাই বহু খেলুৱৈক আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছো । য'ত প্ৰথমবাৰৰ বাবেই ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ লাভ কৰিছে নগাঁৱৰ খেলুৱৈ আস্থা ৰয়ে । ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ছাব জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত পদক লাভ কৰিবলৈ সক্ষম হ'লে আস্থা ৰয়ে সুযোগ লাভ কৰিব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং ৰিঙত নামিবলৈ । "

ইফালে বক্সিং ৰিঙত নিজ কন্যাৰ সফলতাত যথেষ্ট আনন্দ লাভ কৰা বুলি নিজৰ অনুভৱ ব্যক্ত কৰে আস্থা ৰয়ৰ পিতৃ অৰ্ণব ৰয়ে ।

লগতে পঢ়ক : চতুৰ্থ পাফি ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈৰ জয়লাভ

লগতে পঢ়ক : ধেমাজি টাইকোৱাণ্ডো একাডেমীৰ শিক্ষাৰ্থীৰ সফলতা, পাঁচগৰাকী খেলুৱৈৰ পদক লাভ