ETV Bharat / sports

এছিয়ান গেমছৰ পদক বিজয়ী যশপাল ৰাণাৰ দেহাৱসান, ৪৯ বছৰ বয়সত মৃত্যু

ভাৰতীয় খেলুৱৈ তথা প্ৰশিক্ষক যশপাল ৰাণাৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে খেলুৱৈ সমাজ ৷ প্ৰয়াত ৰাণা অলিম্পিক পদক বিজয়ী মনু ভাকেৰৰ প্ৰশিক্ষক আছিল ৷

SHOOTER JASPAL RANA PASSES AWAY
এছিয়ান গেমছৰ পদক বিজয়ী যশপাল ৰাণাৰ দেহাৱসান (File photo - PTI)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 12:17 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী/ডেৰাডুন : প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় শ্বুটাৰ যশপাল ৰাণা আৰু নাই । উত্তৰাখণ্ডৰ বাসিন্দা যশপাল ৰাণাই হৃদযন্ত্ৰৰ জটিলতাত ভুগি শুকুৰবাৰে পুৱা মেক্স সাকেট হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৯ বছৰ ৷

ভাৰতীয় শ্বুটিং কিংবদন্তি তথা প্ৰখ্যাত প্ৰশিক্ষক যশপাল ৰাণাৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ।

জানিব পৰা মতে, সম্প্ৰতি ভাৰতীয় পিষ্টল শ্বুটাৰৰ উচ্চ প্ৰদৰ্শন প্ৰশিক্ষক হিচাপে কৰ্মৰত এছিয়ান গেমছৰ প্ৰাক্তন পদক বিজয়ীগৰাকীয়ে মিউনিখত অনুষ্ঠিত হোৱা আই এছ এছ এফ বিশ্বকাপৰ (International Shooting Sport Federation চমুকৈ ISSF) পৰা গৃহভূমিলৈ উভতি অহাৰ সময়ত বিমানতে কিছু অস্বস্তি অনুভৱ কৰে ৷ নতুন দিল্লীত অৱতৰণ কৰাৰ পাছত তেওঁক চিকিৎসালয়লৈ নিয়া হয় ৷ চিকিৎসকে পৰীক্ষাৰ অন্তত তেওঁৰ হৃদযন্ত্ৰত কিছু জটিলতা ধৰা পেলায় ৷ লগে লগে চিকিৎসকৰে এটা দলে চিকিৎসা কৰিবলৈ ধৰে ৷

সংবাদ সংস্থ PTII-ত প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, তেওঁৰ অৱস্থা সুস্থিৰ হোৱাৰ খবৰ পোৱাৰ পাছত হঠাতে স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁৰ মৃত্যু হয় ৷ নেশ্ব’নেল ৰাইফল এছ’চিয়েশ্ব’ন অৱ ইণ্ডিয়াৰ সভাপতি কালিকেশ নাৰায়ণ সিং দেও বৃহস্পতিবাৰে নিশা দিল্লীৰ এখন চিকিৎসালয়ত ৰাণাৰ মৃত্যু হোৱাৰ কথাটো নিশ্চিত কৰিছে ।

মৃত্যুৰ সময়ত যশপাল ৰাণাই পত্নী ৰীনা ৰাণা, কন্যা দেৱংশী, পুত্ৰ যুৱৰাজ, পিতৃ নাৰায়ণ সিং ৰাণা আৰু দুই ভাই-ভনী ক্ৰমে সুভাষ ৰাণা আৰু সুষমা সিঙক এৰি থৈ যায় ।

উত্তৰাখণ্ডত জন্মগ্ৰহণ

১৯৭৬ চনত উত্তৰাখণ্ডৰ গড়ৱালী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যশপাল ৰাণাই । তেওঁৰ পিতৃ নাৰায়ণ সিং ৰাণাই ১৯৭১ চনৰ যুদ্ধত ভাগ লৈছিল । সৰুতে প্ৰাৰম্ভিক পৰ্যায়ত যশপাল ৰাণাক দেউতাকে শ্বুটিঙৰ প্ৰশিক্ষণ দিছিল ।

১৮ বছৰ বয়সত ৰাণাই অৰ্জুন বঁটা আৰু পদ্মশ্ৰী লাভ কৰিছিল

যশপাল ৰাণা আছিল এজন অতি প্ৰতিভাশালী শ্বুটাৰ । তেখেতে ১৮ বছৰ বয়সত অৰ্জুন বঁটা (১৯৯৪) আৰু পদ্মশ্ৰী (১৯৯৭) বঁটা লাভ কৰিছিল ৷ ইয়াৰ উপৰিও মাদাৰ টেৰেছাই তেওঁক ৰাষ্ট্ৰীয় নাগৰিক বঁটাও প্ৰদান কৰে । ক্ৰীড়াৰ পাছত তেওঁ সক্ৰিয় ৰাজনীতিত জড়িত হৈ পৰে ৷

ৰাণাৰ শ্বুটিং কেৰিয়াৰ

ৰাণাই ১২ বছৰ বয়সত সফলতাৰ জখলা বগাই প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বৰ্ণ পদক লাভ কৰে । ১৯৯৪ চনৰ কমনৱেলথ আৰু এছিয়ান গেমছত ২৫ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে ।

খেলুৱৈ হিচাপে নিজৰ প্ৰদৰ্শনেৰে সকলোৰে মন মোহিত কৰাৰ পাছত প্ৰশিক্ষক হিচাবে কাম কৰিবলৈ লয় ৷ এছিয়ান গেমছত স্বৰ্ণ পদক বিজয়ী প্ৰয়াত ৰাণা আছিল ডাবল অলিম্পিক পদক বিজয়ী মনু ভাকেৰৰ প্ৰশিক্ষক ৷

তেওঁ কমনৱেলথ গেমছৰ ইতিহাসত ভাৰতৰ অন্যতম সফল শ্বুটাৰ আছিল । ১৯৯৪, ১৯৯৮, ২০০২ আৰু ২০০৬ চনৰ সংস্কৰণত তেওঁ মুঠ ১৫টা পদক (৯টা সোণ, ৪টা ৰূপ আৰু ২টা ব্ৰঞ্জ) লাভ কৰিছিল ।

লগতে পঢ়ক : সিন্ধুৰ হাতত পৰাজিত অসমৰ ঈশাৰাণী: অষ্ট্ৰেলিয়ান অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ পিভি সিন্ধু-তনভী শৰ্মাৰ