আজি ভাৰত বনাম পাকিস্তান;ক'ত চাব খেলখন ?
এচিচি পুৰুষৰ এছিয়া কাপ ৰাইজিং ষ্টাৰ্ছ ২০২৫ত ভাৰত এ আৰু পাকিস্তান এ আজি মুখামুখি হ'ব ।

Published : November 16, 2025 at 2:52 PM IST
হায়দৰাবাদ : কাটাৰৰ ৰাজধানী ডোহাত অনুষ্ঠিত হৈছে এচিচি পুৰুষৰ এছিয়া কাপ ৰাইজিং ষ্টাৰ্ছ ২০২৫ । আজি এই প্ৰতিযোগিতাত মুখামুখি হ'ব ভাৰত আৰু পাকিস্তান । প্ৰতিযোগিতাখনৰ ৬ নম্বৰ খেলখনত ভাৰতৰ এ দলে পাকিস্তানৰ এ দলৰ বিৰুদ্ধে খেলিব । এই খেলখন আৰম্ভ হ'ব ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত । ডোহাৰ ৱেষ্ট এণ্ড পাৰ্ক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন ।
ইয়াৰ পূৰ্বে ভাৰতীয় দলটোৱে প্ৰথমখন মেচত ইউ এ ইক ১৪৮ ৰাণত পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছিল । ১৪ নৱেম্বৰত অনুষ্ঠিত সেই মেচখনত প্ৰথমে বেটিং কৰি ভাৰতে ৪ উইকেটত ২৯৭ ৰাণ সংগ্ৰহ কৰিছিল । যিটো পুৰুষৰ টি-২০ ক্ৰিকেটৰ যৌথ পঞ্চম সৰ্বাধিক মুঠ ৰাণ ।
খেলখনত বৈভৱ সূৰ্যবংশীয়ে এক ব্যতিক্ৰমী ইনিংছ খেলিছিল । মাত্ৰ ৪২ টা বলত ১৪৪ ৰাণ সংগ্ৰহ কৰিছিল ১৪ বছৰীয়া ক্ৰিকেটাৰজনে । ৩৪২.৮৫ ষ্ট্ৰাইক ৰেটত ১১ টা চাৰি আৰু ১৫ টা ছিক্সাৰৰ সহায়ত ১৪৪ ৰাণ সংগ্ৰহ কৰিছিল ক্ৰিকেটাৰজনে । ভাৰতীয় অনুৰাগীয়ে আজিৰ খেলখনত বৈভৱৰ পৰা একেধৰণৰ ইনিংছ আশা কৰিব ।
এই বৃহৎ জয়ৰ জৰিয়তে উইকেটকীপাৰ-বেটছমেন জিতেশ শৰ্মাৰ নেতৃত্বত গ্ৰুপ বিত ভাৰতে শীৰ্ষস্থান দখল কৰিছে । পাকিস্তান ২ পইণ্টৰ সৈতে গ্ৰুপৰ দ্বিতীয় স্থানত থকাৰ বিপৰীতে নেট ৰাণ ৰেট (+২,০০০) ভাৰতৰ (+৭,৪০০)তকৈ কম । আজিৰ খেলখনত যদি ভাৰতে পাকিস্তানক পৰাস্ত কৰে তেন্তে ভাৰতে ছেমি ফাইনেলত প্ৰৱেশৰ দিশে আগবাঢ়িব ।
ইণ্ডিয়া এ বনাম পাকিস্তান এ মেচখন চনী স্প'ৰ্টছ টেন ১ এছডি আৰু এইছডিত লাইভত টেলিকাষ্ট কৰা হ'ব, আনহাতে মেচখনৰ লাইভ ষ্ট্ৰীমিং চনী লিভ এপ আৰু ৱেবছাইটত উপলব্ধ হ'ব ।
ইণ্ডিয়া এ দল : বৈভৱ সূৰ্যবংশী, প্ৰিয়াংশ আৰ্য্য, নমন ধীৰ, জিতেশ শৰ্মা (উইকেটকীপাৰ/অধিনায়ক), নেহাল ৱাধেৰা, ৰমনদ্বীপ সিং, আশুতোষ শৰ্মা, হৰ্ষ ডুবে, য়শ ঠাকুৰ, গুৰজাপনীত সিং, সূৰ্যাংশ হেডজ, যুধবীৰ সিং চৰক, অভিষেক পোৰেল, সুয়াশ শৰ্মা, বিজয়কুমাৰ বৈশক ।
পাকিস্তান এ দল : মহম্মদ নাইম, মাজ ছাদাকত, ইয়াছিৰ খান, মহম্মদ ফৈক, ইৰফান খান (অধিনায়ক), ছাদ মাছুদ, গাজী ঘোৰী (উইকেটকীপাৰ), মুবাছিৰ খান, উবৈদ শ্বাহ, আহমেদ ডানিয়েল, মহম্মদ ছলমান মিৰ্জা, খুৰ্ৰাম শ্বাহজাদ, মহম্মদ শ্বাহজাদ, শ্বাহিদ আজিজ, ছুফিয়ান মুকীম, আৰাফাত মিনহাছ ।
| লগতে পঢ়ক :কলকাতা টেষ্টৰ পৰা বাহিৰ শুভমন গিল |

