ঐতিহাসিক এছেছ টেষ্টত ইতিহাস ৰচিলে ইংলেণ্ডৰ জেকব বেথেলে
পঞ্চমখন এছেছ টেষ্টত শতক অৰ্জন ২২ বছৰীয়া বেথেলৰ । এছেছত শতক অৰ্জন কৰা কম বয়সীয়া বেটছমেনৰ তালিকাত অন্তৰ্ভুক্ত হ'ল বেথেল ।

Published : January 7, 2026 at 5:27 PM IST
হায়দৰাবাদ: ছিডনী ক্ৰিকেট খেলপথাৰত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা পঞ্চমখন এছেছ টেষ্টৰ চতুৰ্থ দিনটোত ইংলেণ্ডৰ বেটছমেন জেকব বেথেলৰ ইতিহাস ৰচনা । ১৬২ টা বলত শতক অৰ্জন কৰি বিশেষ কৃতিত্ব অৰ্জন খেলুৱৈগৰাকীৰ । ইংলেণ্ডৰ এই অল ৰাউণ্ডাৰগৰাকীয়ে আইকনিক এছেছ টেষ্টত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেনসকলৰ ভিতৰত অন্যতম হৈ পৰে । ৩ নম্বৰত বেটিং কৰিবলৈ অহা বেথেলে মাত্ৰ ১৬২ বলতে প্ৰথমটো টেষ্ট শতক অৰ্জন কৰে ।
ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক এলিষ্টাৰ কুকৰ পিছতে তেওঁ একবিংশ শতিকাত এছেছৰ শতক অৰ্জন কৰা দ্বিতীয়গৰাকী কনিষ্ঠ বেটছমেন হিচাপে পৰিগণিত হৈছে । লগতে ২০০৬ চনৰ পিছত এছেছৰ শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন হিচাপে পৰিগণিত হয় । বেথেলৰ বৰ্তমান বয়স ২২ বছৰ ৭৮ দিন । ইয়াৰ বিপৰীতে কুকে ২০০৬ চনত ২১ বছৰ বয়সত পাৰ্থত শতক অৰ্জন কৰিছিল ।
SMASHED TO THE FENCE! 🤩
— England Cricket (@englandcricket) January 7, 2026
A FIRST TEST CENTURY FOR JACOB BETHELL!! 💯 pic.twitter.com/dh2cYYkvxE
ইংলেণ্ডৰ হৈ পোপৰ স্থানত বেথেলে ৩ নম্বৰত দলত স্থান লাভ কৰে । কাৰণ পোপে একেৰাহে ৬ টা ইনিংছত ৫০ ৰাণো সংগ্ৰহ কৰিব নোৱাৰিলে । মেলবৰ্ণত খেলা বক্সিং ডে টেষ্টত তেওঁ ক্ৰমে ১ আৰু ৪০ ৰাণ সংগ্ৰহ কৰে ।
ইফালে এই শতকৰ সৈতে বেথেলে জনাথন ট্ৰটৰ পিছত ১৪ বছৰৰ ভিতৰত ইংলেণ্ডৰ হৈ ৩ নম্বৰত বেটিং কৰি এছেছত শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয় । ২০১১ চনৰ পিছত এছেছত ৩ নম্বৰ স্থানত বেটিং কৰি ১০০ ৰাণ সংগ্ৰহ কৰা আন দুগৰাকী বেটছমেন হৈছে ক্ৰমে প্ৰাক্তন অধিনায়ক মাইকেল ভ'গান আৰু মাৰ্ক বুচাৰ ।
A maiden Test century for Jacob Bethell! What a way to do it 🤩#Ashes | #PlayoftheDay | @nrmainsurance pic.twitter.com/lXSUViEVrR
— cricket.com.au (@cricketcomau) January 7, 2026
আগন্তুক আই পি এলত আৰ চি বিত অন্তৰ্ভুক্ত বেথেল
২০২৬ৰ আই পি এল সংস্কৰণত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অংশ হ'ব ইংলেণ্ডৰ যুৱ বেটছমেন বেথেল । তেওঁ এতিয়ালৈকে দলটোৰ বাবে এক গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে পৰিগণিত হৈছে । যোৱা ছিজনত আৰ চি বিয়ে প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰিছিল আৰু উক্ত ফ্ৰেঞ্চাইজিৰ হৈ তেওঁ মাত্ৰ দুখন মেচ খেলিছিল । এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৩৩ টা বলত ৫৫ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলিছিল বেথেলে ।
লগতে পঢ়ক :ICC-এ নামানিলে বাংলাদেশৰ অনুৰোধ, T20 বিশ্বকাপ খেলিবলৈ আহিব লাগিব ভাৰতলৈ

