ETV Bharat / sports

ভাৰত বনাম অষ্ট্ৰেলিয়া: ভাৰতৰ এই ত্ৰিমূৰ্তিৰ ওপৰত থাকিব সকলোৰে দৃষ্টি

পাৰ্থত ১৯ অক্টোবৰত ভাৰত মুখামুখি হ'ব অষ্ট্ৰেলিয়াৰ । প্ৰথমবাৰৰ বাবে ভাৰতক নেতৃত্ব দিব শুভমন গিলে ।

Rohit Sharma and Shubman Gill
ভাৰত বনাম অষ্ট্ৰেলিয়া;ভাৰতৰ এই ত্ৰিমূৰ্তিৰ ওপৰত থাকিব সকলোৰে দৃষ্টি (File/AFP)
author img

By ETV Bharat Assamese Team

Published : October 18, 2025 at 2:34 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : প্ৰায় ৮ মাহৰ অন্তত খেলপথাৰত নামিব ভাৰতৰ তাৰকা বেটছমেন বিৰাট আৰু ৰোহিত । দেওবাৰে পাৰ্থত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব ।

টেষ্ট আৰু টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই এতিয়া নতুন অধিনায়ক শুভমন গিলৰ অধীনত খেলিব । ভাৰতৰ টেষ্ট অধিনায়ক তথা টি-২০ৰ উপ-অধিনায়ক পাঞ্জাৱৰ সোঁহাতৰ বেটছমেন গিলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে এদিনীয়া মেচত দলক নেতৃত্ব দিব । বহু প্ৰত্যাশিত খেলখনৰ পূৰ্বে ক্ৰিকভিজৰ (CricViz) পৰা পোৱা এক তথ্যই ত্ৰিমূৰ্তিৰ বিপৰীতমুখী শক্তিৰ ওপৰত আলোকপাত কৰিছে ।

টাইমিঙৰ দক্ষতা : ২০২১ চনৰ পৰা (নূন্যতম ১০০০ টা বল)

টাইমিং স্ক'ৰ ক্ষেত্ৰত ১৬৯ পইণ্টৰ সৈতে বিশ্বৰ শীৰ্ষত আছে শুভমন গিল । ইয়াৰ পিছত ১৫০ পইণ্টত (বিশ্ব ৰেংক ৬) বিৰাট কোহলী আছে । আনহাতে ৰোহিত শৰ্মাই ১২৬ পইণ্টৰ সৈতে বিশ্ব ৰেংকিঙৰ ২১ত আছে । এই তথ্যই তেওঁলোকৰ অতি বিপদজনক আৰু শক্তি-গধুৰ শৈলীক প্ৰতিফলিত কৰে ।

শ্বট কণ্ট্ৰ'ল : ২০২১ চনৰ পৰা (নূন্যতম ১০০০ টা বল)

বাবৰ আজম ১০.৭ শতাংশ ফল্ছ শ্বটৰ হাৰৰ সৈতে বিশ্বৰ শীৰ্ষস্থানত আছে । শুভমন গিল (১১.২ শতাংশ) আৰু বিৰাট কোহলী (১১.৯ শতাংশ) আটাইতকৈ নিয়ন্ত্ৰিত বেটছমেনৰ ভিতৰত আছে । ইয়াৰ বিপৰীতে ৰোহিতে ১৮.৯ শতাংশ ফল্ছ শ্বটৰ ৰেকৰ্ড আছে । উল্লেখ্য যে ফল্ছ শ্বটৰ হাৰ যিমানেই কম হ'ব সিমানেই শ্বট নিয়ন্ত্ৰণ বেছি হ'ব, আনহাতে অধিক শতাংশই অধিক বিপদৰ ইংগিত দিয়ে ।

ৰাণ সংগ্ৰহৰ দক্ষতা (২০২৩)

২০২৪ চনত ভাৰতে অতি কম এদিনীয়া খেল খেলিছে যদিও ইয়াৰ পূৰ্বে (২০২৩) ভাৰতে এই ফৰ্মেটত আধিপত্য বিস্তাৰ কৰিছিল আৰু গিল (১৫৮৪ ৰাণ), কোহলী (১৩৭৭ ৰাণ) আৰু ৰোহিত (১২৫৫ ৰাণ) বিশ্বৰ শীৰ্ষ তিনিটা ৰাণ সংগ্ৰহকাৰী আছিল ।

শীৰ্ষত গিলৰ নিখুঁততা, কোহলীৰ নিয়ন্ত্ৰণ আৰু ক্লাছৰ মিশ্ৰণ । একেদৰে ৰোহিতৰ আক্ৰমণাত্মক মানসিকতাৰ বাবে অনুৰাগীসকলে অষ্ট্ৰেলিয়াৰ কঠিন পৰিস্থিতিত ভাৰতৰ এই ত্ৰিমূৰ্তিৰ পুনৰ মিলনৰ সাক্ষী হ'বলৈ সাজু হৈছে । এদিনীয়া কেৰিয়াৰৰ অন্তিম পৰ্যায়ত কোহলী-ৰোহিতৰ যুটিৰ উপস্থিতিয়ে এই শৃংখলাটোক আৰু অধিক বিশেষ কৰি তুলিছে ।

এতিয়া সকলোৰে দৃষ্টি পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত প্ৰথমখন এদিনীয়াত থাকিব, য'ত মেন ইন ব্লু দলে অষ্ট্ৰেলিয়াৰ ঘৰুৱা খেলপথাৰত খেলিব ।

লগতে পঢ়ক :আই চি চি মহিলা বিশ্বকাপ: হিলীৰ শতকৰে ছেমি ফাইনেলত প্ৰৱেশ অষ্ট্ৰেলিয়াৰ