ETV Bharat / sports

টি-২০ৰ সৰ্বনিম্ন স্কৰত অল আউট দক্ষিণ আফ্ৰিকা; ১০১ ৰাণৰ বিশাল ব্যৱধানত জয়ী ভাৰত

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ত শক্তিশালী বেটিঙৰ লগতে বলিঙতো সমানে প্ৰদৰ্শন আগবঢ়াই ভাৰতে দলটোৰ বিৰুদ্ধে টি-২০ত তৃতীয় সৰ্ববৃহৎ জয় পঞ্জীয়ন কৰে । হাৰ্দিকৰ অপৰাজিত অৰ্ধশতক৷

INDIA VS SOUTH AFRICA T20
২০২৫ চনৰ ৯ ডিচেম্বৰ মঙলবাৰে কটকৰ বাৰাবাটি ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ ক্ৰিকেট খেলৰ সময়ত ভাৰতৰ খেলুৱৈসকল (PTI)
author img

By ETV Bharat Assamese Team

Published : December 10, 2025 at 9:45 AM IST

5 Min Read
Choose ETV Bharat

হায়দৰাবাদ : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচত টীম ইণ্ডিয়াই কটকৰ বাৰাবাটি ষ্টেডিয়ামত আলহী দলটোক বিষমভাবে পৰাস্ত কৰি শৃংখলাত ১-০ ত অগ্ৰগতি লাভ কৰে ৷ হাৰ্দিক পাণ্ডিয়াৰ উজ্জ্বল বলিং প্ৰদৰ্শনৰ সহায়ত ভাৰতে দক্ষিণ আফ্ৰিকাক ১০১ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে ৷ প্ৰথমে বেটিং কৰি ভাৰতে হাৰ্দিক পাণ্ডিয়াৰ অপৰাজিত অৰ্ধশতকৰ সহায়ত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭৫ ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই ১২.৩ অভাৰত ৭৪ ৰাণ সংগ্ৰহ কৰি অল আউট হয় ৷ ভাৰতে বৃহৎ জয় নিশ্চিত কৰি পাঁচখন খেলৰ টি-২০ শৃংখলাত ১-০ ত অগ্ৰগতি লাভ কৰে ৷

দক্ষিণ আফ্ৰিকাৰ ডাঙৰ পৰাজয়

এই মেচখনত দক্ষিণ আফ্ৰিকাই টি-২০ত নিজৰ সৰ্বনিম্ন স্ক’ৰত অল আউট হয় ৷ এইটোৱেই হৈছে দক্ষিণ আফ্ৰিকাৰ দলটোৰ আটাইতকৈ চুটি ফৰ্মেটত সৰ্বনিম্ন স্ক’ৰ ৷ ইয়াৰ পূৰ্বে দলটো সৰ্বনিম্ন স্ক’ৰ আছিল ৮৭ ৰাণ যিটো ২০২২ চনত ভাৰতৰ বিৰুদ্ধে কৰিছিল ৷ এইবাৰ ষষ্ঠবাৰৰ বাবে দক্ষিণ আফ্ৰিকাই টি-২০ত ১০০তকৈ অধিক ৰাণত পৰাজয়ৰ সন্মুখীন হৈছে আৰু ভাৰতৰ বিৰুদ্ধে তিনিবাৰকৈ ১০০তকৈ অধিক ৰাণত পৰাস্ত হৈছে ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাণৰ ক্ষেত্ৰত এয়া ভাৰতৰ তৃতীয় বৃহত্তম জয় ৷ ইয়াৰ পূৰ্বে ভাৰতে ২০২৪ চনত দক্ষিণ আফ্ৰিকাক ১৩৫ ৰাণ আৰু ২০২৩ চনত ১০৬ ৰাণত পৰাস্ত কৰিছিল ৷

ভাৰতৰ বিৰুদ্ধে টি-২০ত সৰ্বনিম্ন স্কৰ লাভ কৰা দলসমূহ

দক্ষিণ আফ্ৰিকা ভাৰতৰ বিৰুদ্ধে টি-২০ত সৰ্বনিম্ন ৰাণত অল আউট হোৱা চতুৰ্থটো দল হিচাপে পৰিগণিত হয় ৷ এই বছৰ ভাৰতৰ বিৰুদ্ধে ইউ এ ইয়ে ৫৭ ৰাণ কৰি অল আউট হোৱাৰ বিপৰীতে ২০২৩ চনত নিউজীলেণ্ডে ৬৬ ৰাণত অল আউট হৈছিল ৷ ২০১৮ চনত ভাৰতে আয়াৰলেণ্ডক ৭০ ৰাণত অল আউট কৰিছিল ৷

দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকলে হতাশ

ভাৰতে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই অতি বেয়া আৰম্ভণি কৰিছিল আৰু পাৱাৰ প্লে’ত তিনিটা উইকেট হেৰুৱাইছিল ৷ ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাই নিয়মিতভাৱে উইকেট হেৰুৱাইছিল আৰু তেওঁলোকৰ কোনো এজন বেটছমেনে ডাঙৰ ইনিংছ খেলিব পৰা নাছিল ৷ দক্ষিণ আফ্ৰিকাৰ বেটিং ইমানেই দুৰ্বল আছিল যে মাত্ৰ চাৰিজন বেটছমেনেহে দুটা সংখ্যা স্পৰ্শ কৰিব পাৰিছিল ৷ দক্ষিণ আফ্ৰিকাৰ হৈ ডেৱাল্ড ব্ৰুইছে সৰ্বাধিক ২২ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে অধিনায়ক এডেন মাৰ্ক্ৰামে ১৪, ট্ৰিষ্টান ষ্টাবছে ১৪ আৰু মাৰ্কো জন্সনে ১২ ৰাণ সংগ্ৰহ কৰে ৷

টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত বুমৰাহৰ ১০০ উইকেট সম্পূৰ্ণ

আমোদজনক কথাটো হ’ল যে এই মেচখনত সকলো ভাৰতীয় বলাৰেই সফলতা লাভ কৰিলে ৷ এই সময়ছোৱাত বুমৰাহে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১০০ উইকেট দখল কৰি আৰ্শদীপৰ পিছতে এই সফলতা লাভ কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় ৷ একে সময়তে বুমৰাহে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ১০০+ উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় আৰু সামগ্ৰিকভাৱে পঞ্চম বলাৰ হিচাপে পৰিগণিত হয় ৷ তেওঁৰ পূৰ্বে লাছিথ মালিংগা, টিম চাউথী, চাকিব আল হাছান আৰু শ্বাহীন আফ্ৰিদীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ১০০+ উইকেট দখল কৰিছিল ৷ ভাৰতৰ হৈ আৰ্শদীপ সিং, যশপ্ৰিত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী আৰু অক্ষৰ পেটেলে দুটাকৈ উইকেট লাভ কৰে ৷ আনহাতে, শিৱম ডুবে আৰু হাৰ্দিক পাণ্ডিয়াই এটাকৈ সফলতা লাভ কৰে ৷

বেটেৰে নিজৰ শক্তি দেখুৱালে হাৰ্দিকে

ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচত অভিজ্ঞ ভাৰতীয় অল-ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় ৷ বেটেৰে নিজৰ শক্তি প্ৰদৰ্শন কৰি হাৰ্দিকে অপৰাজিত অৰ্ধশতকৰ ইনিংছ খেলি ভাৰতে দক্ষিণ আফ্ৰিকাৰ বাবে প্ৰত্যাহ্বানমূলক লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰে ৷ ইয়াৰ লগে লগে হাৰ্দিকে টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ১০০টা ছয় সম্পূৰ্ণ কৰি ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ সম পৰ্যায়ত উপনীত হয় ৷ ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই ২৮টা বলত ৬টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত সৰ্বাধিক অপৰাজিত ৫৯ ৰাণ সংগ্ৰহ কৰে ৷ এছিয়া কাপৰ সময়ত ভৰিৰ মাংসপেশীৰ আঘাতৰ বাবে হাৰ্দিকে দুমাহতকৈ অধিক সময় খেলপথাৰৰ পৰা আঁতৰি আছিল আৰু এই মেচখনত তেওঁ পুনৰ উভতি আহিছিল ৷

প্ৰত্যাৱৰ্তনৰ লগে লগে হাৰ্দিকে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১০০ টা ছয় অৰ্জন কৰা চতুৰ্থজন ভাৰতীয় হিচাপে পৰিগণিত হয় ৷ হাৰ্দিকৰ পূৰ্বে ৰোহিত শৰ্মা, সূৰ্যকুমাৰ যাদৱ আৰু বিৰাট কোহলীয়ে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১০০+ ছয় কৰিছে ৷ টি-২০ত ভাৰতৰ হৈ সৰ্বাধিক ছয়ৰ অভিলেখ গঢ়িছে ৰোহিতে, এই ফৰ্মেটত তেওঁ ২০৫টা ছয় অৰ্জন কৰিছে ৷ ১৫৫টা ছয়ৰে দ্বিতীয় স্থানত আছে সূৰ্যকুমাৰ ৷ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত কোহলীয়ে ১২৪টা ছয় কৰিছে ৷

ভাৰতৰ ইনিংছ

হাৰ্দিকৰ বাহিৰে আন কোনো বেটছমেনে ভাৰতৰ হৈ ডাঙৰ ইনিংছ খেলিব নোৱাৰিলে ৷ হাৰ্দিকৰ উপৰিও তিলক বাৰ্মাই ২৬, অক্ষৰ পেটেলে ২৩, অভিষেক শৰ্মাই ১৭, অধিনায়ক সূৰ্যকুমাৰ যাদৱে ১২ আৰু শিৱম ডুবেই ১০ ৰাণ সংগ্ৰহ কৰে ৷ জিতেশ শৰ্মাই ১০ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ দক্ষিণ আফ্ৰিকাৰ হৈ লুংগি ঙিডিয়ে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে লুথো ছিপামলাই দুটা আৰু ড’নভান ফেৰেইৰাই এটাকৈ উইকেট লাভ কৰে ৷

লগতে পঢ়ক : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ