ভাৰতৰ বিৰুদ্ধে টেষ্ট আৰু এদিনীয়া শৃংখলাৰ দল ঘোষণা আফগানিস্তানৰ
৬ জুনৰ পৰা ২০ জুনলৈ ভাৰত ভ্ৰমণ কৰিব আফগানিস্তানৰ দলটোৱে ৷ তেওঁলোকে ভাৰতত এখন টেষ্ট আৰু তিনিখন এদিনীয়া খেলিব ।

Published : May 27, 2026 at 1:01 PM IST
হায়দৰাবাদ: ভাৰতৰ বিৰুদ্ধে টেষ্ট আৰু এদিনীয়া শৃংখলাৰ বাবে আফগানিস্তানে নিজৰ দল ঘোষণা কৰিছে ৷ বাওঁহাতৰ বেটছমেন হাছমাতুল্লাহ শ্বাহিদীক এদিনীয়া শৃংখলা আৰু টেষ্টৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৷ দলত ৰছিদ খান, ৰহমানুল্লাহ গুৰবাজ, মহম্মদ নবী আৰু আজমাতুল্লাহ উমৰজাৰ দৰে খেলুৱৈক স্থান দিয়া হৈছে ।
৬ জুনৰ পৰা ২০ জুনলৈ ভাৰতৰ বিৰুদ্ধে এখন টেষ্ট আৰু তিনিখন এদিনীয়া খেলিব আফগানিস্তানে ৷ ৬ জুনৰ পৰা ১০ জুনলৈ নিউ চণ্ডীগড়ত একমাত্ৰ টেষ্ট মেচৰ জৰিয়তে আফগানিস্তানে ভ্ৰমণ আৰম্ভ কৰিব আৰু তাৰ পিছত তিনিখন মেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব ৷ ১৪ জুনত ধৰ্মশালাত, ১৭ জুনত লক্ষ্ণৌত দ্বিতীয়খন আৰু ২০ জুনত চেন্নাইত তৃতীয়খন এদিনীয়া অনুষ্ঠিত হ’ব ৷
🚨 Afghanistan Squads Are Out 🚨
— Afghanistan Cricket Board (@ACBofficials) May 26, 2026
Here are Afghanistan’s squads for the upcoming Test and ODI series against India, set to begin from June 6-20. 🏏
Happy with our lineups? #AfghanAtalan | #INDvAFG | #GloriousNationVictoriousTeam pic.twitter.com/Ut7cgJdEFN
এদিনীয়া দলত অভিজ্ঞ খেলুৱৈক স্থান
এদিনীয়া দলত অভিজ্ঞ খেলুৱৈক ৰখা হৈছে । গুৰবাজ আৰু ইব্ৰাহিম জাদ্ৰানে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে । শ্বাহিদী, ৰহমত শ্বাহ, আৰু দৰৱেশ ৰছুলিয়ে মিডল অৰ্ডাৰক শক্তিশালী কৰাৰ সম্ভাৱনা আছে, আনহাতে অল ৰাউণ্ডাৰ নবী আৰু উমৰজাইয়ে উৎকৃষ্ট ভাৰসাম্য প্ৰদান কৰিব ।
বলিঙৰ ক্ষেত্ৰত পুনৰবাৰ ৰছিদ খানক প্ৰাধান্য দিয়া হ’ব বুলি আশা কৰা হৈছে । যুৱ স্পিনাৰ গাজানফৰ আৰু বেগী বলাৰ বিলাল শ্বামী, ফৰিদ মালিক আৰু জিয়া-ওৰ-ৰহমান শ্বৰীফীকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । নাংগিয়াল খাৰোতাইও দলত স্থান লাভ কৰে ৷ ইয়াৰ বিপৰীতে কাইছ আহমদ, ছালিম ছাফি আৰু বছিৰ আহমেদক সংৰক্ষিত খেলুৱৈ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ।
টেষ্ট দলত পৰিৱৰ্তন
এখনীয়া টেষ্ট মেচৰ বাবে আফগানিস্তান দলটোৱে নিজৰ নিৰ্বাচনত সৰু সৰু পৰিৱৰ্তন কৰিছে । আব্দুল মালিক, ৰহমানুল্লাহ জাদ্ৰান আৰু শ্বাৰাফুদ্দিন আশ্ৰাফক টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে । ৰহমত শ্বাহ আৰু গুৰবাজৰ দৰে প্ৰবীণ খেলুৱৈয়ে নিজৰ স্থান অক্ষুণ্ণ ৰখাৰ বিপৰীতে ইক্ৰাম আলিখিল আৰু আফছাৰ জাজাইক উইকেটকীপাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে ।
টেষ্ট দলত ৰছিদ খানক অন্তৰ্ভুক্ত কৰা হোৱা নাই । তেওঁৰ ঠাইত স্পিনাৰ কাইছ আহমদ আৰু নাংগিয়াল খাৰোতাইৰ লগতে শ্বাৰাফুদ্দিন আশ্ৰাফক অগ্ৰাধিকাৰ দিয়া হৈছে ।
আফগানিস্তানৰ এদিনীয়া দল:
হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), ৰহমানুল্লাহ গুৰবাজ (উইকেটকীপাৰ), ইব্ৰাহিম জাদ্ৰান, ছেদিকুল্লাহ অটল, দৰৱিছ ৰছুলি, ৰহমত শ্বাহ, ইক্ৰাম আলিখিল (উইকেটকীপাৰ), মহম্মদ নবী, আজমাতুল্লাহ উমৰজাই, ৰছিদ খান, নংগিয়াল খাৰোতাই, এ এম গাজানফৰ, জিয়া-ওৰ-ৰহমান শ্বৰীফি, ফৰিদ মালিক আৰু বিলাল শ্বামী ।
সংৰক্ষিত খেলুৱৈ : কাইছ আহমদ, ছালিম ছাফি আৰু বছিৰ আহমদ
আফগানিস্তানৰ টেষ্ট দল : হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), আব্দুল মালিক, চেদিকুল্লাহ অটল, ৰহমত শ্বাহ, ৰহমানুল্লাহ গুৰবাজ, ৰহমানুল্লাহ জাদ্ৰান, আফছাৰ জাজাই (উইকেটকীপাৰ), ইক্ৰাম আলিখিল (উইকেটকীপাৰ), আজমতুল্লাহ উমৰজাই, শৰাফুদ্দিন আশ্ৰফ, নংগিয়াল খাৰোতাই, কাইছ আহমদ, বিলাল শ্বামী, জিয়া শ্বৰীফি আৰু ছালিম ছাফী।
সংৰক্ষিত খেলুৱৈ : বছিৰ আহমদ, বাহিৰ শ্বাহ আৰু ইছমত আলম
ভাৰত-আফগানিস্তান শৃংখলাৰ সূচী
টেষ্ট মেচৰ সময়সূচী
- একমাত্ৰ টেষ্ট - ৬-১০ জুন - নিউ চণ্ডীগড়
এদিনীয়া শৃংখলাৰ সূচী
- ধৰ্মশালাত প্ৰথম এদিনীয়া - ১৪ জুন - ১:৩০ বজাত
- লক্ষ্ণৌত দ্বিতীয় এদিনীয়া - ১৭ জুন - ১:৩০ বজাত
- চেন্নাইত তৃতীয় এদিনীয়া - ২০ জুন - ১:৩০ বজাত

