ETV Bharat / sports

চৰাইবাহীত সপ্তম লিয়ংগ চট'কান চেম্পিয়নশ্বিপ-২০২৬

যুৱ প্ৰতিভাক এক মঞ্চ দিয়াৰ উদ্দেশ্যৰে অসম কাৰাটে এছ'চিয়েচনৰ উদ্যোগত চৰাইবাহীত অনুষ্ঠিত হয় 'সপ্তম লিয়ংগ চট'কান চেম্পিয়নশ্বিপ-২০২৬' ।

The 7th Liang Shotokan Championship-2026 is held in Charai Bahi
চৰাইবাহীত সপ্তম লিয়ংগ চট'কান চেম্পিয়নশ্বিপ-২০২৬ সম্পন্ন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 21, 2026 at 8:33 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও: ​অসম কাৰাটে এছ'চিয়েচনৰ উদ্যোগত আৰু চৰাইবাহী কাৰাটে দ'জ'ৰ সহযোগত শেহতীয়াকৈ চৰাইবাহী নাট্য মঞ্চত অনুষ্ঠিত হয় 'সপ্তম লিয়ংগ চট'কান চেম্পিয়নশ্বিপ-২০২৬' । ​ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰাৰ লক্ষ্যৰে আয়োজিত এই চেম্পিয়নশ্বিপত অসমৰ কেইবাখনো জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । ​অংশগ্ৰহণকাৰী জিলাকেইখন হৈছে মৰিগাঁও, নগাঁও, কামৰূপ আৰু কাৰ্বি আংলং ।

​প্ৰায় ২০০ৰো অধিক উদীয়মান কাৰাটে খেলুৱৈ অংশগ্ৰহণ কৰে উক্ত প্ৰতিযোগিতাত । ৬ বছৰ অনুৰ্ধ্বৰ পৰা ১৪ বছৰৰ উৰ্ধৰ বয়সৰ ল’ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত । প্ৰতিযোগিতাখন বিশেষকৈ 'কাটা' (Kata) বিভাগত অনুষ্ঠিত কৰা হৈছিল । ​প্ৰতিযোগিতাখনৰ শেষত উপস্থিত বিচাৰকসকলে সমগ্ৰ কাৰ্যসূচী অতি সুচাৰুৰূপে আৰু শান্তিপূৰ্ণ পৰিৱেশত সম্পন্ন হোৱাৰ বাবে সন্তোষ প্ৰকাশ কৰে ।

চৰাইবাহীত সপ্তম লিয়ংগ চট'কান চেম্পিয়নশ্বিপ-২০২৬ সম্পন্ন (ETV Bharat Assam)

এই প্ৰতিযোগিতাখনৰ সন্দৰ্ভত এগৰাকী উদ্যোক্তাই কয়,"অসম কাৰাটে এছ'চিয়েচনৰ উদ্যোগত আমি চৰাইবাহীত 'সপ্তম লিয়ংগ চট'কান চেম্পিয়নশ্বিপ-২০২৬' অনুষ্ঠিত কৰিলোঁ । ইয়াত ৬ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সলৈকে ল'ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰিছে । ২০০ ৰো অধিক খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিছে ।"

The 7th Liang Shotokan Championship-2026 is held in Charai Bahi
কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা এগৰাকী খেলুৱৈ (ETV Bharat Assam)
The 7th Liang Shotokan Championship-2026 is held in Charai Bahi
কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা এগৰাকী খেলুৱৈ (ETV Bharat Assam)

আন এগৰাকীয়ে কয়,"'সপ্তম লিয়ংগ চট'কান চেম্পিয়নশ্বিপ-২০২৬' প্ৰথমবাৰৰ বাবে আমাৰ চৰাইবাহীত অনুষ্ঠিত হৈছে । সকলোৱে সুন্দৰকৈ অংশগ্ৰহণ কৰিছে । খুব ভাল লাগিছে । আয়োজকসকলেও যথেষ্ট পৰিপাটীকৈ কামবোৰ কৰিছে । সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ।"

The 7th Liang Shotokan Championship-2026 is held in Charai Bahi
কাৰাটে চেম্পিয়নশ্বিপত বিজয়ীসকলৰ একাংশ (ETV Bharat Assam)

​এনেধৰণৰ প্ৰতিযোগিতাই নতুন প্ৰজন্মৰ খেলুৱৈসকলক আত্মৰক্ষাৰ কৌশল শিকোৱাৰ লগতে অনুশাসন আৰু ক্ৰীড়া মানসিকতা গঢ়ি তোলাত বিশেষ সহায় কৰিব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে । খেলুৱৈসকলেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যথেষ্ট উৎসাহী হৈ পৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: নিশান্ত যাব ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১৭ অনুৰ্ধৰ ক্ৰিকেট খেলিবলৈ

পুলিচ-প্ৰশাসনৰ গাফিলতিৰ বাবেই এনে হ'ল : চৰম ক্ষোভেৰে ক'লে অৰ্ণমাই বৰাৰ স্বামীয়ে