ETV Bharat / sports

আৰম্ভ হ'ল ১৪ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ৰেটিং দবা প্ৰতিযোগিতা

আৰম্ভ হ'ল ১৪ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ৰেটিং দবা প্ৰতিযোগিতা-২০২৫ । ৩২ খন ৰাজ্যৰ ১২০০ দবা খেলুৱৈৰ অংশগ্ৰহণ এই প্ৰতিযোগিতাত ।

14th National School Rating Chess Competition began in Guwahati
আৰম্ভ হ'ল ১৪ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ৰেটিং দবা প্ৰতিযোগিতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 28, 2025 at 8:48 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : শনিবাৰৰ পৰা গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ইনড'ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে ১৪ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ৰেটিং দবা প্ৰতিযোগিতা-২০২৫ । সদৌ অসম দবা সন্থাৰ উদ্যোগত আৰু সদৌ ভাৰতীয় দবা ফেডাৰেশ্যনৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত ৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাখনত অসমকে ধৰি দেশৰ প্ৰতিখন ৰাজ্যৰ প্ৰায় ১২ শতাধিক দবা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ।

ল'ৰা আৰু ছোৱালীৰ ৭, ৯, ১১, ১৩, ১৫ আৰু ১৭ বছৰ অনুৰ্ধৰ শাখাৰ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে যুৱ আৰু ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাই । বন্তি প্ৰজ্বলনৰে মন্ত্ৰী গাৰ্লোচাই উদ্বোধন কৰা প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ উপৰিও সদৌ অসম দবা সন্থাৰ সভাপতি মুকুতা ডেকা আৰু সম্পাদক ৰাজীৱ ধৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

আৰম্ভ হ'ল ১৪ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ৰেটিং দবা প্ৰতিযোগিতা (ETV Bharat Assam)

উল্লেখ্য যে, ২৭ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ চলিব লগা প্ৰতিযোগিতাখনৰ মুঠ পুৰস্কাৰ ৰখা হৈছে নগদ ৫ লাখ ১০ হাজাৰ টকা । এই প্ৰতিযোগিতাত প্ৰতিটো ইভেণ্টত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হোৱা খেলুৱৈসকলে অংশগ্ৰহণ কৰাৰ সুবিধা পাব এছিয়া মহাদেশ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত ।

সৰহ সংখ্যক দবা খেলুৱৈৰ অংশগ্ৰহণৰে দেশৰ ভিতৰতে অভিলেখ গঢ়িবলৈ সক্ষম হোৱা অসমত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় স্কুল ৰেটিং দবা প্ৰতিযোগিতাখনৰ শুভ উদ্বোধনী অনুষ্ঠানটোত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম ইণ্টাৰনেশ্যনেল মাষ্টাৰ ছাহিল দেক সম্বৰ্ধনা জনোৱাৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চল দবা ফাউণ্ডেশ্যনৰ ফালৰ পৰা ১ লাখ ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয় । আনহাতে পাঁচদিন ধৰি চলিব লগা বিশ্ব দবা ফেডাৰেশ্যনৰ স্বীকৃত ৰাষ্ট্ৰীয় স্কুল ৰেটিং দবা প্ৰতিযোগিতাখনৰ মুখ্য পৰিচালক(আৰ্বিটাৰ) শ্ৰীভাতচন আৰ ।

14th National School Rating Chess Competition began in Guwahati
দবা খেলৰ কিছু দৃশ্য (ETV Bharat Assam)

দবা প্ৰতিযোগিতাখনি উদ্বোধন কৰি ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয়, "এয়া ১৪ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ৰেটিং দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । ৩২ খন ৰাজ্যৰ ১২০০ দবা খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিছে । প্ৰতিখন ৰাজ্যৰ পৰা বহু যুৱ দবা খলুৱৈ আহিছে । সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছো ।"

লগতে পঢ়ক: আজি অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

৭৩২ পৰিয়ালক মাটিৰ পট্টা দিয়াৰ বাবে কেবিনেটৰ অনুমোদন আৰু কি কি আছে কেবিনেটৰ সিদ্ধান্তত ?