গুৱাহাটী, ২২ জুলাই: মহানগৰীৰ বেহাৰবাৰীত বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ বেহাৰবাৰী উৰণ সেতুৰ সমীপত সোমবাৰে চলে এই অভিযান ৷ অভিযানত জব্দ 38 টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ ৷ হেৰ’ইন বিক্ৰী কৰিবলৈ আহোতে আৰক্ষীয়ে হাতে-লোটে আটক কৰে সুৰজিত বড়ো নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক ৷ জব্দকৃত হেৰ’ইনখিনিৰ ওজন প্ৰায় 52 গ্ৰাম ৷
আৰক্ষীৰ অভিযানকাৰী দলটোৱে জব্দ কৰে এ এছ 01 এফ 3523 নম্বৰৰ এখন স্কুটীৰ লগতে দুটাকৈ ম’বাইল ফোন ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে ৷ ধৃত ব্যৱসায়ীজনে দীৰ্ঘদিনৰে পৰা আৰক্ষীৰ চকুত ধূলি মাৰি ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত হৈ আহিছিল বুলি আৰক্ষীসূত্ৰে প্ৰকাশ ৷