ETV Bharat / politics

ৰাইজৰ দলৰে মিত্রতাক লৈ অসহায় অনুভৱ গৌৰৱ গগৈৰ, মনৰ কথাৰে গৌৰৱে দিলে কিহৰ ইংগিত ?

বিৰোধী মিত্ৰতাত নাথাকিব নেকি ৰাইজৰ দল ? প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে অখিল গগৈক লৈ এতিয়া আগৰ দৰে তেওঁ পজিটিভ নহয় ।

APCC President Gaurav Gogoi
ৰাইজৰ দলৰে মিত্রতাৰ ক্ষেত্রত অসহায় অনুভৱ গৌৰৱ গগৈৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 25, 2026 at 5:40 PM IST

|

Updated : February 25, 2026 at 5:50 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : কি হ'ব বিৰোধী দলৰ মিত্রতা ? নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এই প্ৰশ্ন অধিক তীব্ৰতৰ হৈ পৰিছে । প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নেতৃত্বত আন বিৰোধী দলৰে মিত্রতাৰ প্ৰসংগটোৱে ক্ৰমাৎ গতি লৈছে যদিও ৰাইজৰ দলৰ ক্ষেত্রত থমকি ৰৈছে । অসম জাতীয় পৰিষদৰে কংগ্ৰেছৰ মিত্রতা বিশেষকৈ আসন বুজাবুজি প্ৰায় চূড়ান্ত হৈছে যদিও ৰাইজৰ দলৰে বুজাবুজি ক্ৰমাৎ জটিল হৈ পৰিছে । ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মিত্রতাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষাৰত হৈ আছে যদিও কেইখনমান আসনকলৈ কংগ্ৰেছৰে ঐক্যমতত উপনীত হ'ব পৰা নাই ।

আসন বুজাবুজিক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মতানৈক্য চলি থকাৰ মাজতে বুধবাৰে গুৱাহাটীত এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

ৰাইজৰ দলৰে মিত্রতাৰ ক্ষেত্রত অসহায় অনুভৱ গৌৰৱ গগৈৰ (ETV Bharat)

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অখিল গগৈ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "তেওঁ আগৰ পৰাই মিডিয়াৰ সন্মুখত কথাবোৰ কয় । তেওঁৰ দৰে মিডিয়াত কথা কোৱাৰ আমাৰ অভ্যাস নাই । সেইটো আমাৰ পৰম্পৰা নহয় । আনুষ্ঠানিকভাৱে ভালদৰে বহি আলোচনা কৰি কথাবোৰৰ গোপনীয়তা বাহাল ৰ‍াখি আমি কথাবোৰ কওঁ । আমি আমাৰ পৰম্পৰা ৰক্ষা কৰি চলোঁ । এতিয়ালৈকে কোন কেইটা দলৰ লগত কোন কেইখন আসনৰ ওপৰত আলোচনা হৈছে সেই কথাই মই কোৱা নাই । মিডিয়াত তেনেদৰে কথা কোৱা আমাৰ পৰম্পৰা নহয় আৰু অভ্যাসো নাই ।"

অখিল গগৈৰ প্ৰসংগত গৌৰৱ গগৈয়ে পুনৰ কয়, "তেওঁ এনেকুৱা এজন বিধায়কক ল'লে যিজন বিধায়কক কংগ্ৰেছ দলে নিলম্বিত কৰিছে । এনেকুৱা এজন বিধায়কক লৈ তেওঁ টিকট দিয়া বুলি আমি মিডিয়াত জানিব পাৰিছোঁ । আন এজন বিধায়কক লৈছে, যিজনকলৈ আমাৰ দলত বহুত অভিযোগ আছিল । তেওঁ সেইজনক নিজৰ দলত লৈ প্ৰাৰ্থী হিচাপে আগবঢ়াব বিচাৰিছে । গতিকে এনেকুৱা পৰিৱেশ-পৰিস্থিতি আমি বহুত দিনৰ পৰা চাই আছোঁ । ইয়াতকৈ বেছি মই নাভাবোঁ । মই এইখিনি কথ‍া লৈ যে আমাৰ দলত কিছুমান চৰ্চা হৈ আছে তাৰ এটা ইংগিত মই দিলোঁ ।"

অখিল গগৈৰ অভিযোগ সন্দৰ্ভত গৌৰৱ গগৈয়ে লগতে কয়, "ৰাইজে কি ভাবিব মই নিৰ্ধাৰণ কৰিব নোৱাৰোঁ । ৰাইজে সকলো কথা জানে আৰু বুজি পায় । মই নাভাবোঁ যে মোৰ কোৱাৰ অধিকাৰ আছে । ৰাইজে নিৰ্ধাৰিত কৰিব কাৰ শক্তি বেছি । পঞ্চায়ত নিৰ্বাচন আৰু বিগত বিধানসভা নিৰ্বাচনত সকলোৱে দেখিছে ।"

গৌৰৱ লগতে গগৈয়ে কয়, "বিভিন্ন দলৰ লগত আমাৰ বুজাবুজি সম্পন্ন হৈছে । কেৱল এটা বিশেষ দলৰ লগত আধৰুৱা হৈ আছে । ৰাইজৰ দলৰ লগত কথাবোৰ আনুষ্ঠানিক হোৱা নাই । আজিও মই পজিটিভ হৈ আছোঁ । মিত্রতা হোৱাটো ভাল । কিন্তু সঁচাকৈ ক'বলৈ গ'লে আগতে মই যিমান পজিটিভ আছিলো আজিৰ তাৰিখত মোৰ শক্তিটো ক'ৰবাত অলপ কমিছে । তথাপিও মই শেষ পৰ্যায়লৈ আমাৰ দলৰ সকলোকে বুজাবলৈ চেষ্টা কৰিম যে কিয় সকলোকে লোৱাটো ভাল হ'ব । কিন্তু আজিলৈকে সেয়া সম্পন্ন হৈ উঠা নাই । আগৰ দৰে মোৰ মনটো এতিয়া সক্ৰিয় তথা পজিটিভ নহয় । মই পজিটিভ মানুহ । সকলোকে লোৱাটো ভাল হ'ব । ৰাইজে হিমন্ত বিশ্ব শৰ্মাক আঁতৰাব বিচাৰিছে সেই কথা মই ভালদৰে জানো ।"

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে লগতে কয়, "কংগ্ৰেছে নিলম্বন কৰা এজন বিধায়ক আৰু অভিযোগ থকা এজন বিধায়কক আমাৰ সতীৰ্থ এজনে লৈছে । এই কথাটোৱে কি বুজাই আমিও ভালদৰে বুজিব পৰা নাই । সেই কাৰণে আমি আমাৰ দলৰ নেতৃত্বকো বুজাব পৰা নাই ।"

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে লগতে কয়, "ইতিমধ্যে আলোচনা সম্পন্ন হোৱাৰ প্ৰতিবেদন আমি কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰিছোঁ । আজিৰ তাৰিখত ৰাইজৰ দলৰ লগত আধৰুৱা হৈ আছে । সেই কথাও আমি জনাইছোঁ । সকলোখিনি সম্পন্ন হ'লে আমি সকলোকে জনাম । বিভিন্ন দলৰ লগত আলোচনা সম্পন্ন হৈছে ।"

উল্লেখ্য যে গৌৰৱ গগৈৰ কথাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ৰাইজৰ দলৰে মিত্রতা সন্দৰ্ভত তেওঁ অসহায় অনুভৱ কৰিছে । বিশেষকৈ অখিল গগৈৰ কাৰ্যকলাপে একপ্ৰকাৰ বিমোৰত পেলাইছে গৌৰৱ গগৈক । এনে পৰিস্থিতিত বিৰোধীৰ মিত্রতা হ'লেও ৰাইজৰ দল বিৰোধীৰ মিত্রতাৰ বাহিৰত থকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

লগতে পঢ়ক :বিৰোধীৰ আসনত বহাৰ পৰাও বঞ্চিত হ'ব কংগ্ৰেছ: অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ ভাষ্য়

Last Updated : February 25, 2026 at 5:50 PM IST