ETV Bharat / politics

বাংকীপুৰ আৰু দতিয়াৰ উপ-নিৰ্বাচনৰ ফলাফল আমি ভালদৰে বিশ্লেষণ কৰিম : নীতিন নবীন

২০২৬ৰ উপ-নিৰ্বাচনত বিজেপিৰ দুৰ্গ বাংকীপুৰত প্ৰশান্ত কিশোৰে জয়লাভ কৰাৰ পাছতে নীতিন নবীনে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

BJP Chief Nitin Nabin
নীতিন নবীন (File Photo - ANI)
author img

By ETV Bharat Assamese Team

Published : August 4, 2026 at 10:43 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : সোমবাৰে বিহাৰ, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ তিনিখন বিধানসভা আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ ইতিমধ্যে তিনিওখন ৰাজ্যৰ উপ-নিৰ্বাচনৰ ফলাফলো আহিল ৷ এই উপ-নিৰ্বাচনত বিজেপিৰ দুৰ্গ হিচাবে খ্যাত বিহাৰৰ বাংকীপুৰত জন সুৰাজ পাৰ্টীৰ প্ৰশান্ত কিশোৰে বিপুল ভোটত জয়লাভ কৰে ৷

বিহাৰৰ বাংকীপুৰৰ পৰা প্ৰশান্ত কিশোৰে জয়লাভ কৰাৰ পাছতে যেন বিজেপিৰ ভিতৰচ’ৰাত কিছু খলকনিৰ সৃষ্টি হোৱা দেখা গৈছে ৷ কিয়নো বহু বছৰ ধৰি বাংকীপুৰ সমষ্টিটো বিজেপিৰ দখল আছিল ৷

নীতিন নবীনৰ পিতৃ নবীন কিশোৰ প্ৰসাদ সিনহা বিহাৰ বিজেপিৰ এজন অতি প্ৰভাৱশালী তথা জ্যেষ্ঠ নেতা আছিল । পাটনাৰ 'পাটনা পশ্চিম' বিধানসভা সমষ্টিৰ পৰা তেওঁ ধাৰাবাহিকভাৱে চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । বিহাৰত বিজেপি দলৰ স্থিতি মজবুত কৰাত তেওঁৰ ভূমিকা অপৰিসীম আছিল ৷

পিতৃৰ আকস্মিক মৃত্যুৰ পাছতে ২০০৬ চনত মাত্ৰ ২৬ বছৰ বয়সতে নীতিন নবীনে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে । ২০০৬ চনত পিতৃৰ আসন 'পাটনা পশ্চিম' সমষ্টিৰ উপ-নিৰ্বাচনত তেওঁ প্ৰথমবাৰৰ বাবে বিপুল ভোটত জয়ী হৈ বিধায়ক হয় । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এই আসনখন 'বাংকীপুৰ' নামেৰে জনাজাত হয় । এই বাংকীপুৰ সমষ্টিৰ পৰা তেওঁ ধাৰাবাহিকভাৱে ২০১০, ২০১৫, ২০২০ আৰু ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰে ৷

কিন্তু এইবাৰ অৰ্থাৎ ২০২৬ উপ-নিৰ্বাচনত বিজেপিৰ বাংকীপুৰ সমষ্টিটো জন সুৰাজ পাৰ্টীয়ে দখল কৰে ৷ প্ৰশান্ত কিশোৰৰ জয়লাভৰ পাছতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে সোমবাৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

তেওঁ কয় যেদলটোৱে ক্ৰমে বিহাৰৰ বাংকীপুৰ আৰু মধ্যপ্ৰদেশৰ দতিয়া বিধানসভা সমষ্টিৰ নিৰ্বাচনী ফলাফলৰ ওপৰত "গভীৰ অন্তৰ্নিৰীক্ষণ" কৰিব আৰু নতুন শক্তিৰে ৰাইজৰ আত্মবিশ্বাস সুদৃঢ় কৰাৰ বাবে অক্লান্তভাৱে কাম কৰিব ।

ৰাজ্যসভালৈ মনোনয়ন লাভ কৰাৰ পিছত বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ পূৰ্বে বিহাৰৰ বাংকীপুৰ বিধানসভাৰ আসন শেষবাৰৰ বাবে নবীনে দখল কৰিছিল, যাৰ ফলত উপ-নিৰ্বাচনৰ প্ৰয়োজন হৈছিল ।

নীতিন নবীনে এক্সৰ এটা পোষ্টত কয়, ‘‘তিনিটা বিধানসভাৰ উপ-নিৰ্বাচনৰ ফলাফল আমি মানি লৈছো । আমি এই দুয়োটা সমষ্টিৰ (বাংকীপুৰ আৰু দতিয়া) নিৰ্বাচনী ফলাফল গুৰুত্বসহকাৰে পৰীক্ষা কৰিম আৰু নৱীকৃত শক্তি আৰু দৃঢ়তাৰে ৰাইজৰ কাষ চাপিবলৈ আৰু তেওঁলোকৰ আস্থা অধিক শক্তিশালী কৰিবলৈ অক্লান্তভাৱে কাম কৰি যাম ।’’

একে সময়তে গুজৰাটৰ মঞ্জলপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী সতেন্দ্ৰভাই পেটেলে জয়লাভ কৰাত তেওঁক অভিনন্দন জ্ঞাপন কৰি নবীনে নিজৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে । বিজেপিৰ সভাপতিগৰাকীয়ে লগতে কয়, ‘‘বিজেপিৰ এই বিজয়ৰ বাবে আমি বিজেপিৰ সকলো নিষ্ঠাবান কৰ্মী আৰু বিষয়ববীয়ালৈ উষ্ম অভিনন্দন জ্ঞাপন কৰিছো ।’’

উল্লেখ্য যে, বিহাৰৰ বাংকীপুৰত বিজেপি প্ৰাৰ্থী নীৰজ কুমাৰক প্ৰশান্ত কিশোৰে ১৮,৯৫৩ টা ভোটত পৰাস্ত কৰিবলৈ সক্ষম হয় । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৪৪,২৫০ টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰশান্ত কিশোৰে ৬৩,২০৩ টা ভোট লাভ কৰে ।

ইফালে গুজৰাটৰ মঞ্জলপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী সতেন্দ্ৰভাই পেটেলে কংগ্ৰেছৰ ভিখাভাই ৰাবাৰিক পৰাস্ত কৰিবলৈ সক্ষম ৷ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৫৫,৪৮১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ২৪,৮৫১ টা ভোট ।

আনহাতে, মধ্যপ্ৰদেশৰ দতিয়া বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী আশুতোষ তিৱাৰীক কংগ্ৰেছ প্ৰাৰ্থী ঘনশ্যাম সিঙে পৰাস্ত কৰে । কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৬৬,৭১৭ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ আশুতোশ তিৱাৰীয়ে লাভ কৰে ৬০,৭৮০ টা ভোট ।

লগতে পঢ়ক : উপ-নিৰ্বাচন ২০২৬: বিজেপিৰ দুৰ্গ বাংকীপুৰত প্ৰশান্ত কিশোৰৰ জয়লাভ

লগতে পঢ়ক : বিহাৰক প্ৰয়োজন এজন ভাল মুখ্যমন্ত্ৰীৰ, বিনামূলীয়া ৰেচন নহয়: প্ৰশান্ত কিশোৰ