ঘোষণাৰ পিছতে কিয় বাতিল কৰা হ'ল এ পি এছ চি পৰীক্ষাৰ ফলাফল : উত্তৰ দিলে মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে
এ পি এছ চি পৰীক্ষা, ২০২৪ৰ ফলাফল ঘোষণাৰ পাছতেই বাতিলক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া । মন্ত্ৰীয়ে দিলে উত্তৰ ।

Published : February 17, 2026 at 3:45 PM IST
গুৱাহাটী: অসম লোকসেৱা আয়োগ চমুকৈ এ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০২৪ৰ ফলাফল সোমাবাৰে ঘোষণাৰ পাছতে বাতিল কৰা ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অসম বিধানসভাৰ বাজেট (লেখানুদান) অধিৱেশৰ মঙলবাৰে দ্বিতীয় দিনা এই বিষয়টো সদনত উপস্থাপন হয় ।
সদনৰ শূন্যকালীন ঘণ্টাত বিধায়ক আশ্ৰাফুল হুছেইনে বিষয়টো উত্থাপন কৰে । ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই বিষয়টো সন্দৰ্ভত বিধানসভাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উত্তৰ দিয়ে ।
সদনত মন্ত্রী পাটোৱাৰীয়ে কয়,"অসম চৰকাৰৰ পৰা পোৱা খালী পদৰ তালিকা অনুসৰি ২০২৪ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এ পি এছ চিৰ প্ৰকাশিত বিজ্ঞাপনত মৰাণ আৰু মটক সম্প্ৰদায়ৰ বাবে অসামৰিক সেৱা আৰু অসম আৰক্ষী সেৱাৰ বাবে দুটাকৈ পদ, অ' বি চি আৰু এম অ' বি চিৰ বাবে সংৰক্ষণ কৰা হৈছিল । অসম চৰকাৰৰ ২০২৩ৰ ১৯ অক্টোবৰৰ কাৰ্যালয় স্মাৰক অনুসৰি অসম লোকসেৱা আয়োগৰ পৰা পৰৱৰ্তী পাঁচবছৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত এ চি এছ কনিষ্ঠ শাখা আৰু এ পি এছ কনিষ্ঠ শাখাত মৰাণ আৰু মটক সম্প্ৰদায়ৰ বাবে এটাকৈ পদ সংৰক্ষণ কৰা হৈছে ।"
তেওঁ পুনৰ কয়,"এই অনুসৰি অসম লোকসেৱা আয়োগক ইতিমধ্যে অৱগত কৰা হৈছিল । কিন্তু তাৰ পিছতো দেখা গৈছে যে আয়োগে ঘোষণা কৰা ফলাফলত মেধাৰ ভিত্তিত মটক সম্প্ৰদায়ৰ দুজন প্ৰাৰ্থীকহে এই সংৰক্ষণৰ বিপৰীতে বিবেচনা কৰা হৈছে । চূড়ান্ত ফলাফল ঘোষণা কৰাৰ পিছত তৎক্ষণাত অসম লোকসেৱা আয়োগৰ সৈতে যোগাযোগ কৰা হৈছে ।"
পাটোৱাৰীয়ে কয়,"মৰাণ ছাত্র সন্থা আৰু অন্যান্য মৰাণ সম্প্ৰদায়ৰ সংগঠন আৰু ব্যক্তিৰ পৰা অভিযোগ উত্থাপন হোৱাত আয়োগে বিষয়টো আলোচনা কৰে আৰু চৰকাৰী নিৰ্দেশনাৰ ভিত্তিত মৰাণ সম্প্ৰদায়ৰ প্ৰাৰ্থীক সংৰক্ষিত পদত সুযোগ দিয়াৰ উদ্দেশ্যে ১৬ ফেব্ৰুৱাৰীত ঘোষণা কৰা চূড়ান্ত ফলাফল তাৎক্ষণিকভাৱে বাতিল কৰে । অসম লোকসেৱা আয়োগে দুটাকৈ মৰাণ সম্প্ৰদায়ৰ বাবে সংৰক্ষিত পদত মৰাণ সম্প্ৰদায়ৰ প্ৰাৰ্থীক অন্তৰ্ভূক্ত কৰি অতি শীঘ্ৰে নতুন তালিকা প্ৰস্তুত আৰু ঘোষণা কৰাৰ ব্যৱস্থা হাতত লৈছে।"
মন্ত্রী পাটোৱাৰীয়ে কয়,"স্বচ্ছতাৰ ক্ষেত্রত আয়োগে তিনিতৰপীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰে । প্ৰাৰ্থীসকলক প্ৰাৰম্ভিক পৰীক্ষাৰ অ' এম আৰ উত্তৰ বহীৰ সংলগ্ন কাৰ্বন কপি দিয়া হয় । মূল পৰীক্ষাৰ উত্তৰ বহীসমূহ ডিজিটেল মূল্যায়ন কৰা হয় । মৌখিক পৰীক্ষাৰ বাবে অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে নিৰ্বাচিত কৰা বিশেষজ্ঞৰ উপৰি আয়োগে নিজাববীয়াকৈ নিয়োগ কৰে । মৌখিক পৰীক্ষাৰ ভিডিঅ'গ্ৰাফী কৰা হয় । নিযুক্তিৰ প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰাৰ স্বাৰ্থত চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।"
মন্ত্রীগৰাকীয়ে লগতে কয়,"মৰাণ আৰু মটকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আছিল যদিও এটা সম্প্ৰদায়ক দিয়া হ'ল । যাৰ ফলত অলপ খেলিমেলি হ'ল । আয়োগৰ এইটো ইচ্ছাকৃত ভুল নহয় । কাৰিকৰী ভুল হ'ব পাৰে । শুধৰণি কৰি ফলাফল ঘোষণা কৰা হ'ব ।"

