ETV Bharat / politics

নৱগঠিত টিহু বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কুচকাৱাজ

পূৰ্বৰ পাটাছাৰকুছি, বৰমা, ধৰ্মপুৰ আৰু বৰক্ষেত্ৰী সমষ্টিৰ কিছু অংশ লগ লাগি গঠিত হৈছে ৪০ নং টিহু বিধানসভা সমষ্টি ।

TIHU ASSEMBLY CONSTITUENCY
নৱগঠিত ৪০ নং টিহু বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কুচকাৱাজ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 23, 2026 at 7:11 PM IST

|

Updated : February 23, 2026 at 7:16 PM IST

4 Min Read
Choose ETV Bharat

বাক্সা: অসম বিধানসভাৰ ১২৬ টা বিধানসভা সমষ্টিৰ আগন্তুক '২৬ চনৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি নৱগঠিত ৪০ নং টিহু বিধানসভা সমষ্টিত ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে । সমষ্টিটোত শাসকীয় বিজেপি, অসম গণ পৰিষদ, কংগ্ৰেছ আদি ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে ইতিমধ্যে নিজা নিজা জনমত গঢ়ি তুলিবলৈ প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হৈছে ।

পূৰ্বৰ পাটাছাৰকুছি সমষ্টিৰ টিহু নগৰকে ধৰি জলখানা-ভঠুৱাখানা গাঁও পঞ্চায়ত, মাখিবাহা গাঁও পঞ্চায়ত আৰু মথুৰাপুৰ গাঁও পঞ্চায়তক সামৰি আৰু বৰমা সমষ্টিৰ পশ্চিম নামবৰভাগ গাঁও পঞ্চায়ত, পূব নামবৰভাগ গাঁও পঞ্চায়ত আৰু নাথকুছি গাঁও পঞ্চায়তৰ অন্তৰ্ভূক্তিৰ লগতে ধৰ্মপুৰ সমষ্টিৰ ভালেখিনি অংশ আৰু বৰক্ষেত্ৰী সমষ্টিৰ কিছু অংশ সংলগ্ন কৰি নিৰ্বাচন আয়োগে গঠন কৰে টিহু সমষ্টি ।

নৱগঠিত ৪০ নং টিহু বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কুচকাৱাজ (ETV Bharat Assam)

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসনিক কামকাজ আগবঢ়াই নিয়াৰ স্বাৰ্থতে ‘টিহু সমজিলা’ ঘোষণা কৰে । এনে পৰিস্থিতিৰ মাজতে ’২৬ ৰ নিৰ্বাচন সমাগত হোৱাত সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে ৰাইজৰ আস্থাভাজন হ’বলৈ চুকে-কোণে সোমাই পৰিছে ।

জানিব পৰা অনুসৰি শাসকীয় বিজেপিৰ দলৰ হৈ প্ৰাক্তন মন্ত্ৰী তথা বি টি চিৰ সদস্য ৰেখাৰাণী দাস বড়ো, অসম চলচিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক ত্ৰিনয়ন বৰ্মন, দলীয় মুখপত্ৰ দেৱজিৎ মহন্ত, ৰাজ্যিক সদস্য শৈলেন কলিতা আদিয়ে দলটোৰ টিকট পোৱাৰ আশাৰে কুচকাৱাজ আৰম্ভ কৰিছে ।

ইপিনে ধৰ্মপুৰ সমষ্টি বিলুপ্ত হোৱাত সমষ্টিটোৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী, বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱগঠিত টিহু সমষ্টিত পূৰ্বৰ ধৰ্মপুৰ এলেকাৰ উপৰিও নতুনকৈ সংলগ্ন হোৱা টিহু এলেকাৰ কেইবাটাও স্থানৰ সভা-সমিতিত অংশ লোৱা দৃষ্টিগোচৰ হৈছে । এইক্ষেত্ৰত বিজেপিয়ে কাক দলীয় প্ৰাৰ্থিত্ব আগবঢ়াব, সেইটো সময়ত লক্ষণীয় হ’ব ।

পূৰ্বৰ পাটাছাৰকুছি সমষ্টিৰ প্ৰাক্তন বিধায়ক-মন্ত্ৰী তথা অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকায়ো ইতিমধ্যে সমষ্টিটোত নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ ইচ্ছাৰে ৰাইজৰ লগত যোগাযোগ আৰম্ভ কৰিছে ।

টিহু সমষ্টি ঘোষণা হোৱাৰ পিছৰে পৰা নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি তথা অধিবক্তা ৰাতুল পাটোৱাৰীও দলীয় নেতা-কৰ্মীৰ উপৰি বিভিন্ন অনুষ্ঠানৰ সৈতে যোগাযোগ অব্যাহত ৰখাটো পৰিলক্ষিত হৈছে । আকৌ কংগ্ৰছৰ হৈ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাও সমষ্টিটোত যোগাযোগ ৰখা বুলি জানিব পৰা গৈছে ।

আনহাতে অগপৰ হৈ দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা নাট্যকৰ্মী দিলীপ দাসেও দলটোৰ টিকটৰ আশা পুহি সাংগঠনিক ভেটি সবল কৰাৰ ক্ষেত্ৰত উঠি-পৰি লাগি থকা বুলিও জানিব পৰা গৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নিৰ্বাচনত কেইবাগৰাকীও নতুন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব আগবঢ়াব বুলি ইতিমধ্যে সদৰি কৰিছে যদিও বিজেপি-অগপ মিত্ৰজোঁটত থকা হেতু দলটোৱে সমষ্টিটোত কি ধৰণৰ পদক্ষেপ লয়, সেইটো সময়ত পোহৰলৈ আহিব ।

কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল আদি বিৰোধী দলসমূহে ইতিমধ্য মিত্ৰতাৰ প্ৰসংগত আলোচনা-বিলোচনা কৰি আছে । যদি বিৰোধী ঐক্য হয় তেতিয়াহ’লে সমষ্টিটো কাক এৰি দিয়ে, সেইটো ৰাজনৈতিক মহলত চৰ্চা হৈছে । এনে এক পৰিস্থিতিৰ মাজত নিজা নিজা গণভিত্তি গঢ়ি তুলিবলৈ বহুকেইগৰাকী সম্ভাব্য প্ৰাৰ্থী সমষ্টিটোৰ বিভিন্ন স্থানত সোমাই পৰা দৃষ্টিগোচৰ হৈছে ।

উল্লেখ্য যে নৱগঠিত টিহু সমষ্টিত আগন্তুক নিৰ্বাচনত উন্নয়ন, শিক্ষা, স্বাস্থ্য খণ্ড, বাট-পথ আদি বিষয়ে ভোটাৰ ৰাইজৰ মাজত যে গুৰুত্ব পাব, সেয়া সাধাৰণ ৰাইজৰ মাজত ইতিমধ্যে চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । সমষ্টিটোৰ আগন্তুক নিৰ্বাচনত টিহু সম জিলাৰ প্ৰসংগটো ভোটাৰ ৰাইজৰ মাজত গুৰুত্ব পোৱাটো নিশ্চিত ৷

নৱগঠিত টিহু সমষ্টিত সম্প্ৰতি ২,০৪,৪৪১ গৰাকী ভোটাৰে আগন্তুক নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব । ইয়াৰে পুৰুষ ভোটাৰ ১,০৪,৭১৫ জন, মহিলা ভোটাৰ ৯৯,৭২৫ গৰাকী আৰু এজন তৃতীয় লিংগৰ ব্যক্তি ৷ ৪০ নং টিহু বিধানসভা সমষ্টি যিহেতু নৱগঠিত সমষ্টি, সেয়েহে ইয়াৰ জনসাধাৰণে নৱপ্ৰজন্মৰ ব্যক্তি হোৱাৰ লগতে টিহুৰ লগত জড়িত হোৱা প্ৰাৰ্থীকহে নিৰ্বাচিত কৰিব বুলি জানিবলৈ দিয়ে ৷ অৱশ্যে নামনি অসমৰ অন্যতম বাণিজ্য নগৰী হিচাপ পৰিচিত নলবাৰী জিলা অন্তৰ্গত টিহু ৰাজনৈতিক পাকচক্ৰত সম্প্ৰতি কিছু পৰিমাণে পিছপৰি আছে ।

লগতে পঢ়ক: বিধানসভা বৃত্তান্ত : জানো আহক টিহু সমষ্টিক

Last Updated : February 23, 2026 at 7:16 PM IST