ETV Bharat / politics

দুলীয়াজানত কোন হ'ব বিজেপিৰ প্ৰাৰ্থী ? মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিয়েই দিলে

ৰাজ্যসভাৰ তৃতীয়খন আসনত বিজপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ নকৰে ৷ এৰি দিব ইউ পি পি এলক ৷

CM Himanta Biswa Sarma
সতী সাধনী সমন্বয় ক্ষেত্ৰৰ আধাৰশিলা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 3, 2026 at 7:23 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট : ৰাজ্যসভাৰ দুখন আসনৰ বাবে বিজেপিয়ে তেৰছ গোৱালা আৰু মন্ত্ৰী যোগেন মহনৰ নাম আজি ঘোষণা কৰিলে । এই ঘোষণা পিছতেই দুলীয়াজান আৰু মাহমৰা বিধানসভা সমষ্টিত এইবাৰ বিজেপিয়ে কাক প্ৰক্ষেপ কৰিব সেই লৈ আৰম্ভ হৈছে চৰ্চা । বিজেপিত নতুনকৈ যোগদান কৰা যুৱ নেতাক টিকট দিব বুলি অপেক্ষা কৰি থকাসকলৰ আশাত চেঁচা পানী ঢালিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ৰাজ্যসভাৰ দুখন আসনৰ বাবে তেৰছ গোৱালা আৰু যোগেন মহনৰ নাম ঘোষণা হোৱাৰ মাত্ৰ কেইঘন্টামানৰ পিছতেই এইবাৰ দুলীয়াজানত বিজেপিৰ প্ৰাৰ্থী কোন হ'ব সেয়া স্পষ্ট কৰিলে মুখ্য়মন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

দুলীয়াজানত কোন হ'ব পাৰে প্ৰাৰ্থী :

দুলীয়াজানত বিজেপিৰ প্ৰাৰ্থী কোন হ'ব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "আগন্তুক বিধানসভা নিৰ্বাচনত দুলীয়াজান সমষ্টিত ৰামেশ্বৰ তেলীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু মাহমৰা সমষ্টিত নতুনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব । বিজেপি দলত নতুনকৈ যোগদান কৰা যুৱ নেতাসকলক অহাবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব, এইবাৰ নহয় ।"

CM Himanta Biswa Sarma and Jogen Mohan
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী যোগেন মহন (ETV Bharat Assam)
CM Himanta Biswa Sarma and Terash Gowalla
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী তেৰছ গোৱালা (ETV Bharat Assam)

তৃতীয়খন আসনত বিজেপি জয়ী হ'ব নোৱাৰে :

আনহাতে, ৰাজ্যসভাৰ তৃতীয়খন আসনত বিজপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ নকৰে বুলি স্পষ্ট কৰি মুখ্য়মন্ত্ৰীয়ে কয়, " কাইলৈ আমি বিধায়কসকলক গুৱাহাটীত মাতিছো আৰু মনোনয়ন পত্ৰ ঠিক কৰি দাখিল কৰিম । তৃতীয়খন আসনত ইউ পি পি এল দলৰ প্ৰমোদ বড়ো বা বেলেগ কোনোবাই মনোনয়ন পত্ৰ দাখিল কৰিলে তাত আমাৰ কোনো আপত্তি নাই । কাৰণ তৃতীয়খন আসনত বিজেপি জয়ী হ'ব নোৱাৰে ।"

foundation stone of Sati Sadhani Khetra
সতী সাধনী সমন্বয় ক্ষেত্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

সতী সাধনী সমন্বয় ক্ষেত্ৰৰ আধাৰশিলা :

মঙলবাৰে বোকাখাত সমষ্টিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৪৫ বিঘা মাটিত চুতীয়া জনগোষ্ঠীৰ শৌৰ্য-বীৰ্য্যৰ প্ৰতীক সতী সাধনী সমন্বয় ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে । আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয়, "আজি বীৰাংগনা সতী সাধনী সমন্বয় ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰা হ'ল । ইয়াত চুতীয়া জাতিৰ ইতিহাস ধৰি ৰাখিবৰ বাবে আৰু সতী সাধনীক সন্মান জনাবলৈ এখন সুন্দৰ সমন্বয় ক্ষেত্ৰ নিৰ্মাণ কৰিম । প্ৰায় ৪৫ বিঘা মাটিত এই সমন্বয় ক্ষেত্ৰ নিৰ্মাণ হ'ব । ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকাৰ বাবে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব । অহা দুবছৰৰ ভিতৰত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব ।" আজি বীৰাংগনা সতী সাধনী সমন্বয় ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত মন্ত্ৰী অতুল বৰাও উপস্থিত থাকে।

লগতে পঢ়ক:অসমৰ পৰা ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ'ব মহন-গোৱালা : ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক বিহাৰৰ পৰা প্ৰাৰ্থিত্ব

বাংলাদেশী মূলৰ মুছলিম অধ্যুষিত আসনক লৈহে বিৰোধীৰ খোৱা কামোৰা লাগিছে : মুখ্যমন্ত্ৰী