আটাইতকৈ ডাঙৰ 'কালেকশ্ব'ন মাষ্টাৰ' কোন ? ক'লে বিধায়ক অখিল গগৈয়ে
অখিল গগৈয়ে কৃষকৰ নামত বিধানসভাত নাটক কৰা বুলি মন্ত্রী পীযুষ হাজৰীকাই সমালোচনা কৰাৰ পিছত অখিল গগৈয়ে তেওঁক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

Published : July 8, 2026 at 5:52 PM IST
গুৱাহাটী : "বিজেপি দলটোৱেই আটাইতকৈ বেছি চান্দা লোৱা দল । মন্ত্ৰী পীযুষ হাজৰীকা আটাইতকৈ ডাঙৰ কালেক্টৰ । টকাৰ খেলি-মেলি কৰাৰ বাবে পীযুষ হাজৰীকাক আঁতৰাই জয়ন্ত মল্লবৰুৱাক ছিণ্ডিকেটৰ দায়িত্ব দিয়া হৈছে । নথি-পত্ৰ সংগ্ৰহ কৰি থকা হৈছে, শীঘ্ৰে ছিণ্ডিকেটৰ অধিক তথ্যসহ ফাদিল কৰা হ'ব ।" এই মন্তব্য বিধায়ক অখিল গগৈৰ ।
বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে তৃতীয়দিনা বিধানসভা চৌহদত মন্ত্ৰী পীযুষ হাজৰীকাক উদ্দেশ্যি বিধায়ক অখিল গগৈয়ে এইদৰে কয় । বিধায়ক অখিল গগৈয়ে লগতে কয়, "মন্ত্রী জয়ন্ত মল্লবৰুৱাই নামনি অসমত সকলো বস্তুৰ ছিণ্ডেকেট চলাই আছে । লগত আছে হাগ্ৰামা মহিলাৰী । নামনি অসমত গাড়ী সোমালেই হ'ল । কণী, মাছ আদিৰ দাম জয়ন্ত মল্লবৰুৱাৰ বাবে বৃদ্ধি পাইছে । হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আৰু লগত হাগ্ৰামা মহিলাৰীৰ কাৰণে বৃদ্ধি পাইছে মূল্য । সকলো বস্তুৰে দাম বৃদ্ধি পাইছে । ছিণ্ডিকেটৰ বাবে দাম বৃদ্ধি পাইছে ।"
পীযুষ হাজৰীকাৰ প্ৰসংগত তেওঁ লগতে কয়, "আগতে পীযুষ হাজৰীকাই লৈছিল আৰু সেই দায়িত্ব জয়ন্ত মল্লবৰুৱাই পাইছে । সংগ্ৰহৰ এটা অংশ নিজৰ পকেটত সুমুৱাই দিয়া বাবে পীযুষ হাজৰীকাৰ পাৱাৰটো কাটি দিলে । এতিয়া হিমন্ত বিশ্ব শৰ্মাই কালেকশ্ব'ন মাষ্টাৰ হিচাপে জয়ন্ত মল্লবৰুৱাক দায়িত্ব দিছে । সেই বাবে মই জয়ন্ত মল্লবৰুৱাক এটেক কৰিম বুলি ভাবি তেওঁ মোক আগতে এটেক কৰিলে ।"
মন্ত্রী পীযুষ হাজৰীকাক সমালোচনা কৰি বিধায়কগৰাকীয়ে কয়, "কিছুমান মানুহ নতুনকৈ খেতিয়ক হ'লে নিজকে বেছিকৈ খেতিয়ক হিচাপে দেখুৱায় । সিদিনা পীযুষ হাজৰীকাই পাৱাৰটিলাখন ল'লে যদিও ভালদৰে চলাব নোৱাৰিলে । কঠীয়া ৰুব নাজানে । পীযুষ হাজৰীকাই নতুন খেতিয়ক হোৱাৰ নাটক কৰিছে ।"
উল্লেখ্য যে মন্ত্রী পীযুষ হাজৰীকাই বুধবাৰে সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কৃষকৰ নামত বিধানসভাত নাটক কৰা বুলি সমালোচনা কৰিছিল । লগতে কৃষকৰ নামতে আন্দোলন কৰি অখিল গগৈ নেতা হোৱা বুলি কটাক্ষ কৰিছিল । মন্ত্রীগৰাকীৰ এনে কটাক্ষৰ প্ৰতুত্ত্যৰত অখিল গগৈয়ে মন্ত্রীগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

