৪৫ বছৰতেই বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত কোন এই নীতিন নবীন ?
বিহাৰৰ গড়কাপ্তানী মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নীতিন নবীনে প্ৰথমে ২০০৬ চনত পাটনা পশ্চিম সমষ্টিৰ পৰা উপ-নিৰ্বাচনত জয়লাভ কৰিছিল ।

Published : December 15, 2025 at 1:18 PM IST
নতুন দিল্লী: বিহাৰ চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী ৪৫ বছৰীয়া নীতিন নবীনক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়াৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহু নেতা-কৰ্মীয়ে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে । পাটনাৰ বাংকীপুৰ সমষ্টিৰ বিধায়ক নীতিন নবীনক বিজেপিৰ সংসদীয় ব’ৰ্ডে দেওবাৰে নতুন ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে ঘোষণা কৰিছে ।
বৰ্তমানৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাৰ পিছত তেওঁ এই দায়িত্ব গ্ৰহণ কৰিব । বিজেপিৰ প্ৰবীণ নেতা তথা প্ৰাক্তন বিধায়ক প্ৰয়াত নবীন কিশোৰ প্ৰসাদ সিনহাৰ পুত্ৰ নীতিন নবীন হৈছে দলটোৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া কাৰ্যকৰী সভাপতি । তেওঁ বিহাৰৰ এগৰাকী পৰিচিত ৰাজনৈতিক ব্যক্তি । পাটনাত ৰাজনীতিৰ শিপা আৰম্ভ কৰাৰ পৰা দলীয় সংগঠনত উত্থানলৈকে সকলোবোৰৰ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

নীতিন নবীন কোন ?
পাটনাত জন্মগ্ৰহণ কৰা নীতিন কায়স্থ সম্প্ৰদায়ৰ । বৰ্তমান বিহাৰৰ নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰত গড়কাপ্তানী মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । পিতৃ নবীন কিশোৰ সিনহাৰ মৃত্যুৰ পিছত নীতিন সক্ৰিয়ভাৱে ৰাজনীতিত জড়িত হৈ পৰে ।
৪৫ বছৰ বয়সতেই তেওঁ ইতিমধ্যে পাঁচবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছে । ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত তেওঁ বিজেপিৰ টিকটত পাটনাৰ বাংকীপুৰ সমষ্টিৰ পৰা পঞ্চমবাৰৰ বাবে জয়লাভ কৰিবলৈ সক্ষম হয় । তেওঁ ৫১,৯৩৬টা ভোটৰ ব্যৱধানত আৰ জে ডিৰ প্ৰাৰ্থী ৰেখা কুমাৰীক পৰাস্ত কৰে । তেওঁ লাভ কৰিছিল ৯৮,২৯৯টা ভোট ।
বিহাৰৰ এইগৰাকী জনপ্ৰিয় নেতাই ২০০৬ চনত পাটনা পশ্চিম সমষ্টিৰ পৰা উপ-নিৰ্বাচনত জয়লাভ কৰি প্ৰথমবাৰৰ বাবে বিধানসভাত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পূৰ্বে তেওঁৰ পিতৃ নবীন কিশোৰ সিনহাও এই সমষ্টিটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । তেওঁ ২০১০, ২০১৫, ২০২০ আৰু ২০২৫ চনত বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰিছিল ।

কনিষ্ঠ হিচাপে গুৰু দায়িত্ব লাভ :
মাত্ৰ ৪৫ বছৰ বয়সতে বিজেপিত এনে গুৰু দায়িত্ব লাভ কৰা কনিষ্ঠ নেতাৰ ভিতৰত অন্যতম নীতিন নবীন । উল্লেখ্য় যে ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত জে পি নড্ডাৰ বয়স আছিল ৬৫ বছৰ । আনহাতে গেৰুৱা দলৰ মুৰব্বী হোৱাৰ সময়ত অমিত শ্বাহৰ বয়স আছিল প্ৰায় ৫০ বছৰ । উল্লেখ্য় যে ২০২০ চনতেই আনুষ্ঠানিকভাৱে নাড্ডাৰ কাৰ্যকাল সমাপ্ত হৈছিল । তেতিয়াৰে পৰাই নাড্ডাৰ কাৰ্যকাল বৃদ্ধি কৰি অহা হৈছে ।
কিয় নীতিন নবিনৰ ওপৰত বিজেপিৰ বিশ্বাস ?
তেওঁৰ ওপৰত এই দায়িত্ব অৰ্পণ কৰাত স্বাভাৱিকতেই সকলোৰে মাজত চৰ্চা হৈছে যে বিজেপিৰ নীতিন নবিনৰ ওপৰত কিয় ইমান আস্থা ? দলটোৰ এই আস্থা মূলতঃ তেওঁৰ সাংগঠনিক অভিজ্ঞতা । ছত্তীশগড় বিধানসভাৰ নিৰ্বাচনত তেওঁক দায়িত্ব দিয়া হৈছিল, য’ত দলটোৱে বিজয় সাব্য়স্ত কৰিবলৈ সক্ষম হয় । এই সফলতাৰ লগতে দল-সংগঠনৰ অভিজ্ঞতাৰ বাবে দলটোৱে তেওঁৰ ওপৰত আস্থা প্ৰকাশ কৰিছে ।

বিজেপিৰ সূত্ৰ অনুসৰি অহা ১৪ জানুৱাৰীৰ পিছত ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে আনুষ্ঠানিক নিৰ্বাচন অনুষ্ঠিত হ’ব । এপ্ৰিলত অনুষ্ঠিতব্য় বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকত নীতিন নবীনৰ এই পদত নিযুক্তি অনুমোদন জনোৱা হ’ব । তাৰ পূৰ্বে সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ সকলো পদ্ধতি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি দলীয় সূত্ৰই লগতে কয় ।
প্ৰধানমন্ত্ৰী মোদী, নীতিশ কুমাৰৰ অভিনন্দন :
श्री नितिन नबीन जी ने एक कर्मठ कार्यकर्ता के रूप में अपनी विशिष्ट पहचान बनाई है। वे एक युवा और परिश्रमी नेता हैं, जिनके पास संगठन का अच्छा-खासा अनुभव है। बिहार में विधायक और मंत्री के रूप में उनका कार्य बहुत प्रभावी रहा है, साथ ही जनआकांक्षाओं को पूरा करने के लिए उन्होंने पूरे…
— Narendra Modi (@narendramodi) December 14, 2025
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নীতিনক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰে । বিহাৰৰ বিধায়ক আৰু মন্ত্ৰী হিচাপে নীতিনৰ কামক অতি ফলপ্ৰসূ বুলি প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ শক্তি আৰু দায়বদ্ধতাই আগন্তুক দিনত দলটোক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে । ইপিনে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও তেওঁক অভিনন্দন জনাই কয় যে বিহাৰৰ এগৰাকী নেতাক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি পোৱাটো অতি সুখৰ বিষয় ।
श्री नितिन नवीन को भाजपा का राष्ट्रीय कार्यकारी अध्यक्ष नियुक्त किए जाने पर हार्दिक बधाई एवं शुभकामनाएं। यह खुशी की बात है कि बिहार के रहने वाले श्री नितिन नवीन को भाजपा का राष्ट्रीय कार्यकारी अध्यक्ष नियुक्त किया गया है। वे 5वीं बार विधायक निर्वाचित हुए हैं और हमारे साथ…
— Nitish Kumar (@NitishKumar) December 14, 2025
এই ঘোষণাৰ পিছতে দেওবাৰে পাটনাত উপস্থিত হোৱাৰ সময়ত বিহাৰ বিজেপিৰ ৰাজ্যিক সদৰত তেওঁক বিপুল আদৰণি জনোৱা হয় । ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ জয়ছোৱাল, উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু বিজয় সিঙে উষ্ম আদৰণি জনায় নীতিন নবীনক ।

