ৰাজ্যসভাৰ নিৰ্বাচনৰ ৩ খন আসনত বিজেপিৰ কোন কোন ? বিজেপিয়ে কাৰ কাৰ বাবে ল’লে মনোনয়ন পত্ৰ ?
১৬ মাৰ্চত ৰাজ্যসভাৰ অসমৰ তিনিখন আসনৰ বাবে হ’ব নিৰ্বাচনক লৈয়ো তৎপৰতা আৰম্ভ হৈছে ৷ প্ৰমোদ বড়োক দিল্লীলৈ পঠিয়াই হাগ্ৰামাক সুৰক্ষিত কৰা ইংগিত ৷

Published : March 2, 2026 at 10:40 PM IST
গুৱাহাটী: কি হ’ব অসমৰ ৰাজ্যসভাৰ তিনিখন আসনৰ ? কোন কোন হ’ব ৰাজ্যসভাৰ প্ৰাৰ্থী ? বিজেপিয়ে প্ৰাধান্য দিছে আগেয়ে ৰাজ্যসভালৈ নোযোৱা মুখৰ প্ৰতি ৷ ৰাজ্যসভালৈ প্ৰেৰণৰ চেষ্টা চলিছে প্ৰমোদ বড়োক ৷ সংসদীয় ক্ষমতাত নথকা বদৰুদ্দিন আজমলকো ৰাজ্যসভালৈ পঠিওৱাৰ মন এ আই ইউ এফৰ ৷ নিতাল মাৰি আছে কংগ্ৰেছকে ধৰি আন বিৰোধীয়ে ।
বিধানসভা নিৰ্বাচনী ঢৌৰ মাজতে ১৬ মাৰ্চত ৰাজ্যসভাৰ অসমৰ তিনিখন আসনৰ বাবে হ’ব নিৰ্বাচনক লৈয়ো তৎপৰতা আৰম্ভ হৈছে ৷ ৫ মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । মাজত দুটা দিন বাকী থকা অৱস্থাত সোমবাৰলৈ আঠখনকৈ মনোনয়ন পত্ৰ তিনিটা ৰাজনৈতিক দলে সংগ্ৰহ কৰিছে ৷

অসমৰ তিনিখন আসনৰ বাবে নিৰ্বাচন আয়োগে নিয়োগ কৰা প্ৰিজাইডিং অফিচাৰ ৰাজীৱ ভট্টাচাৰ্যই জনায় যে সংগ্ৰহ কৰা এই আসনখন মনোনয়ন পত্ৰৰ ভিতৰত বিজেপিয়ে ৬ জনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে । আনহাতে, ইউ পি পি এল আৰু এ আই ইউ ডি এফে এখনকৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰে ।
বিজেপিৰ কাৰ কাৰ বাবে মনোনয়ন সংগ্ৰহ ?
বিজেপিয়ে যি ছয়গৰাকী প্ৰাৰ্থীৰ বাবে মনোনয়ন সংগ্ৰহ কৰিছে, তেওঁলোকৰ ভিতৰত অন্যতম হ’ল -
১/ পুলক গোঁহাই

২/ দিপ্লুৰঞ্জন শৰ্মা

৩/ তেৰছ গোৱালা

৪/ তপন কুমাৰ গগৈ

৫/ যোগেন মহন

৬/ ৰামেশ্বৰ তেলী

বিজেপিৰ হৈ অসম বিধানসভা চৌহদত স্থাপিত ৰাজ্যসভা নিৰ্বাচনী কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ কেইখন সংগ্ৰহ কৰে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই ৷
ইউ পি পি এলে মনোনয়ন লৈছে প্ৰমোদ বড়োৰ বাবে
আনহাতে, সোমবাৰে ইউ পি পি এলৰ হৈ ৰাজ্যসভাৰ মনোনয়ন সংগ্ৰহ কৰে জয়ন্ত বসুমতাৰী আৰু লৰেন্স ইছলাৰীয়ে । প্ৰমোদ বড়োৰ বাবে সংগ্ৰহ কৰিছে এই মনোনয়ন পত্ৰ । এই মনোনয়ন পত্ৰ সংগ্ৰহে 'আগন্তুক অসম বিধানসভা নিৰ্বাচন আৰু বড়োভূমিৰ ৰাজনৈতিক সমীকৰণ' প্ৰসংগত বিশেষ ইংগিত বহন কৰিছে । কিয়নো এটা কথা নিশ্চিত যে বড়োভূমিৰ ১৫ খন আসন NDA ৰ দখলত ৰাখিবলৈ হ’লে ইউ পি পি এলক সন্মানজনক স্থিতিত ৰাখিব লাগিব বিজেপিয়ে ।

আনহাতে, বৰ্তমানৰ বিজেপিৰ নতুন মিত্ৰ হাগ্ৰামা বসুমতাৰীও হ’ব নালাগিব অসন্তুষ্ট । সেয়ে প্ৰমোদ বড়োক ৰাজ্যসভালৈ প্ৰেৰণ কৰিব খুজিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
সংসদৰ মোহ এৰিব পৰা নাই আজমলে
২০২৪ ৰ লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত ৰাজ্যৰ ৰাজনীতিত দাঁতবিহীন সিংহৰ দৰে হৈ পৰিছে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ । সেয়ে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আজমলে আকৌ গা টঙাইছে । তৃতীয়খন আসনত বিৰোধীৰ হৈ নিজে ৰাজ্যসভালৈ যাবলৈ মন মেলিছে যদিও বিৰোধী আন দলৰ সমৰ্থন নাপালে, সেয়া মুঠেই সহজ নহ’ব আজমলৰ বাবে ।
তিনিওখন আসনেই দখল কৰিব নেকি NDA য়ে ?
ৰাজ্যসভাৰ ভোটৰ অংক অনুসৰি অসমৰ বিধানসভাৰ সদস্য সংখ্যা মতে ৰাজ্যসভাৰ তিনিখন আসনৰ দুখনত সংখ্যাগতভাৱে বিজেপিয়ে জয় লাভ কৰাটো নিশ্চিত । একত্ৰিত হোৱা হ’লে তৃতীয়খন আসনত বিৰোধীৰ প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা আছিল । কিন্তু এ আই ইউ ডি এফ যিহেতু বৰ্তমান বিৰোধীৰ মাজত এলাগী ৷ সেয়ে কোনো কথাতেই যে বিৰোধী একত্ৰিত হ’ব নোৱাৰে সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ।
অসমৰ ৰাজ্যসভাৰ তৃতীয়খন আসনো NDA ৰ হাততেই যে থাকিব, সেয়া নিশ্চিত হৈ পৰিছে । কংগ্ৰেছৰ মৌনতায়ো তাৰেই ইংগিত বহন কৰিছে ।
ৰাজ্যসভাৰ অসমৰ তিনিখন আসনৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ৫ মাৰ্চ, বৃহস্পতিবাৰ ৷ মনোনয়ন পত্ৰৰ পৰীক্ষা কৰা হ’ব ৬ মাৰ্চ, শুকুৰবাৰে ৷ আনহাতে, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ৯ মাৰ্চ, সোমবাৰ ৷
১৬ মাৰ্চ সোমবাৰে পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ সম্পন্ন হ’ব আৰু ভোটগণনা অনুষ্ঠিত হ’ব একেদিনাই সন্ধিয়া ৫ বজাত ৷
উল্লেখযোগ্য যে ভূৱনেশ্বৰ কলিতা, অজিত ভূঞা আৰু ৰামেশ্বৰ তেলীৰ কাৰ্যকাল মে’ মাহৰ পূৰ্বেই শেষ হ’ব ৷ খালী হোৱা এই তিনিখন আসনৰ বাবেই অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক: পুনৰাই বিপিএফলৈ আহিল খাম্পা বৰগয়াৰী, ৰাজনীতিত মনৰ কথা ক'লে খাম্পাই

