সমষ্টিয়ে সমষ্টিয়ে দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দৌৰ, বৰছলাত কোনে পাব প্ৰাৰ্থিত্ব ?
দিন বাগৰাৰ লগে লগে বৃদ্ধি পাইছে প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা । সমানে দেখা গৈছে দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দৌৰ । সংখ্যা বৃদ্ধি পাইছে কংগ্ৰেছ শিবিৰত !

Published : January 28, 2026 at 4:31 PM IST
তেজপুৰ: ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসক বিৰোধী উভয়ে । ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত এক গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি হৈছে ৬৬ নং বৰছলা বিধানসভা সমষ্টি । ৰাজ্যত এই বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয়ৰে দলৰ সদস্য প্ৰাৰ্থিত্বৰ বাবে বিগত সময়চোৱাত নিজকে প্ৰস্তুত কৰি আহিছে ।
আনহাতে প্ৰাৰ্থিত্বৰ আবেদন দাখিল কৰিছে অসম প্ৰদেশ কংগ্ৰেছ দলৰ বহু কেইগৰাকী প্ৰত্যাশীয়ে । কংগ্ৰেছ দলে ২৮ জানুৱাৰী অৰ্থাৎ বুধবাৰে এই প্ৰাৰ্থিত্বৰ আবেদনৰ সময় সীমাৰ শেষ দিন হিচাপে নিৰ্ধাৰিত কৰিছে ।
বৰছলা বিধানসভা সমষ্টিত বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিছিল বৰ্তমানৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে আৰু মিত্ৰজোঁটৰ অসম গণ পৰিষদে নিৰ্বাচনত সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াইছিল ।

বৰছলা বিধানসভা সমষ্টিৰ বাবে এইবাৰ শাসকীয় দলৰ তথা বৰ্তমানৰ বিধায়ক বিজেপিৰ গণেশ কুমাৰ লিম্বুৰ লগতে কিশোৰ উপাধ্যায়, অশোক ভট্টৰায়, গীতুমণি বৰা, ত্ৰিদীপ কলিতই প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে নিজৰ দলীয় কাম চলাই আহিছে । সমান্তৰালভাৱে অগপৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই এই বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ একমাত্ৰ দাবীদাৰ হিচাপে বিবেচিত হৈছে ।

আনহাতে বৃহৎ সংখ্যক প্ৰাৰ্থিত্বৰ বাবে আবেদন দাখিল কৰি প্ৰাৰ্থিত্ব বিচাৰিছে কংগ্ৰেছ দলৰ পৰা, মুঠ ১১ গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন কৰিছে যদিও সেইসকলৰ ভিতৰত আছে পূৰ্বৰ মন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ টংক বাহাদুৰ ৰায় ।
লগতে পূৰ্বৰ গহপুৰ সমষ্টিৰ বিধায়ক, প্ৰাক্তন শিক্ষা মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, হেমন্ত অধিকাৰী, দক্ষিণা গুজৰেল, জলী বৈশ্য, মোহন ছেত্ৰী, বিবেক পৰাজুলি (প্ৰাক্তন বিধায়ক ৰুদ্ৰ পৰাজুলিৰ পুত্ৰ) বেণুধৰ নাথ আৰু প্ৰাক্তন জিলা পৰিসদ পংকজ বৰা । আনহাতে ৰাইজৰ দলৰ পৰা দলৰ সাধাৰণ সম্পাদক জ্যেষ্ঠ নেতা অলক নাথ ।
কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা প্ৰাক্তন বিধায়ক টংক বাহাদুৰ ৰায়ে কয়, "মই এসপ্তাহ পূৰ্বেই মোৰ প্ৰাৰ্থিত্বৰ আবেদন দাখিল কৰিছোঁ, প্ৰাৰ্থিত্ব পোৱা নোপোৱাতো দলৰ উৰ্ধতম কৰ্তৃপক্ষৰ হাতত । মই প্ৰাৰ্থিত্ব নাপালেও দলৰ হৈ কাম কৰি যাম আৰু যি জনে প্ৰাৰ্থিত্ব লাভ কৰে তেওঁক বিজয়ী কৰাৰ বাবে দৃঢ়তাৰে কাম কৰি যাম ।"
আনহাতে APCC ৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই বৰছলা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচৰাৰ বিষয়ে বাহাদুৰ ৰায়ে কয়,"ইয়াত কোনো আক্ষেপ নাই । তেওঁ এগৰাকী পূৰ্বৰ পাৰ্টীৰ উৰ্ধতম আছিল, সেয়া আমাৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিব ।"

আনহাতে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সক্ৰিয় সদস্য তথা অসম ৰাজ্যিকৰ মুখ্য মুখপাত্ৰ কিশোৰ উপাধ্যায়, তেওঁ কয়,"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০৪৭ ৰ বিকশিত ভাৰতৰ সপোন তাৰ ভিতৰত অসম দেশৰ পাঁচখন ৰাজ্যত ভিতৰত শ্ৰেষ্ঠ এখন ৰাজ্য হোৱাৰ লক্ষ্য আগত লৈ আমাক যদি দলে প্ৰাৰ্থিত্ব দিয়ে আমি আগুৱাই লৈ যাম । আমি দলৰ এজন সৈনিক আৰু দলৰ আদৰ্শক লৈহে পাৰ্টী কৰা মানুহ ।"
অসম গণ পৰিষদ দলৰ উপ সভাপতি অপূৰ্ব ভট্টাচাৰ্যই কয়, "যদি সমষ্টিতো অগপৰ হাতলৈ দিয়ে মই নিশ্চিতভাৱে প্ৰাৰ্থিত্ব আগবঢ়াম । কিন্তু বিষয়টো বৰ্তমান দলৰ উচ্চস্তৰীয় পৰ্যায়ত আলোচনা হোৱাৰ পিছত সেই সিদ্ধান্ত ল'ব পৰা যাব ।"
এইবাৰ সমষ্টিটোত ৰাইজৰ দলেও প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব দিলে দলৰ জ্যেষ্ঠ নেতা তথা সমষ্টিৰ এগৰাকী পৰিচিত দলৰ সাধাৰণ সম্পাদক অলক নাথে প্ৰাৰ্থিত্বৰ প্ৰত্যাশী হিচাপে বিবেচিত হৈছে ।

প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথে কয়, "বিগত অস্তিত্ব ৰক্ষা আন্দোলনৰ কালৰ পৰাই বৰছলা সমষ্টিটো এটা জাতীয়তাবাদী সমষ্টি বুলিয়েই চিহ্নিত হৈ আহিছে । এই সমষ্টিত বিজেপিৰ উত্থানো জাতীয়তাবাদৰ শ্ল'গান দিয়েই হৈছে ।"
তেওঁ পুনৰ কয়, "অগপৰ ব্যৰ্থতাক জাতীয়তাবাদী মানুহখিনিয়ে সহজভাৱে ল'ব পৰা নাই বাবেই আমাৰ ৰাইজৰ দল সংগ্ৰামৰ মাজেৰে অহাত এতিয়া ৰাইজে আমাৰ দলকে বিকল্প হিচাপে নিৰ্ণয় কৰিবলৈ সুযোগ পাইছে আৰু গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে । বিজেপি বিৰোধী শক্তিক শক্তিশালী কৰিবলৈ গৈ ৰাইজে আমাৰ দৰে জাতীয়তাবাদী শিবিৰৰ লোকক পাই আশ্বস্ত হৈছে আৰু বিজেপি/অগপৰ বিৰুদ্ধে যুঁজখন শক্তিশালী ৰূপত আগবঢ়াব পাৰিব বুলি পতিয়ন গৈছে ।"

তেওঁ কয়, "শাসকীয় দলৰ কৰ্মীয়েই হওঁক অথবা বিজেপি বিৰোধী কৰ্মীয়েই হওঁক সকলোৱেই স্থানীয় গ্ৰহণযোগ্য লোক এজনৰ সন্ধান কৰিবলৈ কৈ থকা কালত আমাৰ দৰে লোক নিৰ্বাচন খেলিবলৈ আহোতে সকলো পক্ষই দলীয় কথা-বতৰাৰ উৰ্দ্ধত থাকি এই কথাৰ সমৰ্থন কৰিব বিচাৰিছে । এই ক্ষেত্ৰত আমাৰ পিতৃ দেৱতা মুক্তিযোদ্ধা আৰু কৃতি শিক্ষক হোৱা কথাটো, লগতে জ্যেষ্ঠ ভাতৃয়ে বুকু পাতি গুলী লৈ জাতীয় শ্বহীদ হোৱা কথাটো আৰু আমাৰ সুকীয়া জনপ্ৰিয় সাংস্কৃতিক পৰিচয় ভাগে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আমি বিশ্বাস কৰো ।"
ভোটাৰৰ শ্ৰেণী বিভাজন:
বৰছলা সমষ্টিৰ বিগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ নির্বাচনী তথ্য অনুসৰি ভোটাৰ জনসংখ্যাৰ আনুমানিক গঠন প্ৰায় এনেধৰণৰ-
- অনুসূচিত জাতি (SC) ভোটাৰ: প্ৰায় ২০,০০০–২৫,০০০
- অনুসূচিত জনজাতি (ST) ভোটাৰ: প্ৰায় ৮,০০০–১০,০০০
- মুছলমান ভোটাৰ: প্ৰায় ৩৫,০০০–৪০,০০০
- গ্ৰাম্য ভোটাৰ: প্ৰায় ১,৩০,০০০–১,৩৫,০০০
- নগৰৰ ভোটাৰ: প্ৰায় ২৫,০০০–৩০,০০০ জন
ভোটাৰৰ সংখ্যা :
ইয়াৰ বিপৰীতে বৰ্তমান চলি থকা বিশেষ পুনৰীক্ষণ (Special Revision–SR) প্ৰক্ৰিয়াৰ অন্তৰ্গত ৬৬ নং–বৰছলা বিধানসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰ–২৫১টা । বৰ্তমান নতুন সংযোজন হৈছে–৪,৪৯৫ জন । নাম কৰ্তন হৈছে–২,৯০৮ জনৰ । মুঠ বৃদ্ধি হোৱা ভোটাৰ সংখ্যা–১,৫৮৭ জন । মুঠ ভোটাৰ১,৯৫,৭৪৪ জন । এই সংখ্যাৰ সম্পূৰ্ণ তথ্য অহা ফেব্ৰুৱাৰী মাহত প্ৰকাশ পাব ।

পূৰ্বতে সমষ্টিটোত ৯৫,৪০৩ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে ৯৫,৫৯৭ গৰাকী মহিলা ভোটাৰ আছিল । সমষ্টিটোত মুঠ ১,৯১,০০০ ভোটাৰ আছিল যদিও এছ আৰ ৰ জৰিয়তে নতুন ভোটাৰ অন্তৰ্ভুক্ত আৰু কৰ্তন কৰি বৰ্তমান মুঠ ভোটাৰৰ সংখ্যা ১,৯৫,৭৪৪ জন হয়গৈ ।

