ETV Bharat / politics

অখিল গগৈয়ে কি কয় কৈ থাকক, কংগ্ৰেছে এশতকৈও বেছি আসনত প্ৰতিদ্বন্দ্বিতা কৰিবই : গৌৰৱ গগৈ

"অহংকাৰৰ বাবেই শৰাইঘাটৰ ৰণত মোগলৰ পতন হ'ল, এইবাৰৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো অহংকাৰৰ পতন হ'বলৈ গৈ আছে ।" গৌৰৱ গগৈৰ ভৱিষ্যদ্বাণী ৷

APCC president Gaurav Gogoi in Goalpara
গোৱালপাৰাত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 19, 2026 at 7:46 PM IST

4 Min Read
Choose ETV Bharat

গোৱালপাৰা: বিৰোধী ঐক্যৰ ফটা বাঁহডাল কোনোমতে জোৰা লাগো লাগো হয়হে, গৌৰৱ গগৈয়ে আকৌ টানি-আজুৰি তাক থিয়ৈ থিয়ৈ ফালে ৷ আজিও তাৰেই পুনৰাবৃত্তি ঘটিল গোৱালপাৰাত ৷ সাংবাদিকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক সুধিছিল যে অখিল গগৈয়ে মুছলমান অধ্যুষিত 23 টা সমষ্টি বিচাৰিছে, গতিকে সভাপতি হিচাপে তেওঁ এই প্ৰসংগত কি কয় ? গৌৰৱ গগৈয়ে তুৰন্তে উত্তৰ দিলে- "অখিল গগৈয়ে নিজৰ সভাত কি কয় কৈ থাকক ৷ কিন্তু কংগ্ৰেছে এশৰ ওপৰত আসনত প্ৰতিদ্বন্দ্বিতা কৰিবই ৷ এই সিদ্ধান্ত আগতেও আছিল, এতিয়াও আছে ৷"

সোমবাৰে গৌৰৱ গগৈয়ে আৰু অভিযোগ তোলে যে ৰাজ্য়ত স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী-বিধায়কসকলে মাটিৰ ছিণ্ডিকেট চলাই আছে । কেৱল সেয়াই নহয়, বিজেপিয়ে এইবাৰ বিধানসভা নিৰ্বাচনত জয়ী হ'বলৈ বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা মানুহ আনি ভোটাৰ তালিকাত সোমাইছে বুলিও তেওঁ কয় ।

গোৱালপাৰাত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ (ETV Bharat Assam)

সোমবাৰে গোৱালপাৰা চহৰৰ ভালুকডুবিস্থিত ৰাজীৱ ভৱনত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "বিজেপি চৰকাৰে বাৰম্বাৰ কৈ থাকে যে খিলঞ্জীয়া লোকসকলক বিজেপিয়ে ৰক্ষণাবেক্ষণ দিব ; কিন্তু অসমৰ জনজাতীয় ৰাভা সম্প্ৰদায়ৰ লোকসকলৰ মাটি আটাইতকৈ বেছি দখল কৰিছে বিজেপি চৰকাৰে । জনজাতীয় খিলঞ্জীয়া লোকসকলৰ মাটিক লৈ এটা ব্যৱসায় আৰু ছিণ্ডিকেট চলাইছে এই বিজেপি চৰকাৰে । এইখিনি কথা আগন্তুক দিনত আৰু ফাদিল কৰা হ'ব । এই গোটেই মাটিৰ ছিণ্ডিকেটৰ চৰ্দাৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । আগন্তুক দিনত ৰাইজ সজাগ হ'ব লাগে আৰু ৰাইজৰ লগত কংগ্ৰেছ দল আছে ।"

বুৰঞ্জীত অহংকাৰৰ পতন লিখা আছে :

বাস্তৱত যদি ভূমি সুৰক্ষা প্ৰদান কৰিব লাগে তেন্তে সেয়া কংগ্ৰেছ দলেই কৰিব পাৰিব বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গগৈয়ে কয়, "সেয়া হাইৱেৰ কাষতে হওক বা চৰ-চাপৰিতে হওক, যদি কোনোবাই ভূমি দিব পাৰে সেয়া একমাত্ৰ কংগ্ৰেছ দল ।" আগন্তক বিধানসভা নিৰ্বাচন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, "২৬ ৰ নিৰ্বাচনত আপোনালোকে দেখা পাব যিদৰে বুৰঞ্জীত অহংকাৰৰ পতন লিখা আছে, মোগলৰ অহংকাৰৰ বাবে শৰাইঘাটৰ ৰণত পৰাজয় হ'ল বা পতন হ'ল, এইবাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰো পতন হ'বলৈ গৈ আছে ।"

APCC president Gaurav Gogoi in Goalpara
গোৱালপাৰাত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ (ETV Bharat Assam)

ইপিনে, অসমত এছ আৰ সন্দৰ্ভত তেওঁ কয়, "বিজেপি দলৰ ভয় যে অসমৰ মানুহে যদি বাস্তৱায়িত ভোট দিয়ে, তেওঁলোকৰ পৰাজয় নিশ্চিত । সেইকাৰণে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা মানুহ আনি ভোটাৰ তালিকাত সুমুৱাইছে আৰু ক'ৰবাত অসমৰ মানুহক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিছে । যদি বিজেপি দলে ইমানেই ভাল কাম কৰিছে, যদি ইমানেই জনপ্ৰিয় তেনেহ'লে ভোটাৰ তালিকাত খেলিমেলি কৰাৰ কি প্ৰয়োজন ?"

বিজেপি দলৰ জুম মিটিং :

বিজেপি দলৰ জুম মিটিং সন্দৰ্ভত মন্তব্য় কৰি সভাপতি গগৈয়ে কয়, "কি কি আলোচনা হৈছিল ভোটাৰ তালিকা সম্পৰ্কত আৰু সেই জুম মিটিঙৰ কি কি কথা ফাদিল হ'ল; কিন্তু তাৰ কোনোধৰণৰ তদন্ত নহ'ল । বিজেপি দলৰ ওপৰত তদন্ত হ'ব লাগিছিল, জুম মিটিঙৰ ওপৰত ইনভেষ্টিগেচন হ'ব লাগিছিল । আমি কেন্দ্ৰীয় নিৰ্বাচন আয়োগক বিনম্ৰভাৱে আহ্বান জনাও যে এটা সাংবিধানিক অনুষ্ঠানৰ মৰ্যাদা তেতিয়ালৈকে থাকে যেতিয়ালৈকে তেওঁলোকে সংবিধানমৰ্মে কাম কৰে । তেওঁলোকে যদি দলৰ হৈ নাইবা চৰকাৰৰ হৈ কাম কৰে তেতিয়া তেওঁলোকৰ ৰাইজৰ মাজত গ্ৰহণযোগ্যতা কমি যাব ।"

লগতে পঢ়ক:বিজেপিত হিমন্ত বিশ্ব শৰ্মা বনাম সৰ্বানন্দ সোণোৱাল চলি আছে : গৌৰৱ গগৈ

অসমত পৰৱৰ্তী চৰকাৰ কংগ্ৰেছে গঠন কৰিব: ডি কে শিৱকুমাৰ