নিৰ্বাচন সমাগত : কি হ'ব আশাত বন্দী হৈ কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা নেতাসকলৰ ৰাজনৈতিক ভৱিষ্যৎ ?
প্ৰাৰ্থিত্ব লাভৰ আশাত কোনো যদি কংগ্ৰেছৰ পৰা বিজেপিলৈ, আন কোনো আকৌ বিজেপিৰ পৰা কংগ্ৰেছলৈ । পিছে কোনে কোনে পাব প্ৰাৰ্থিত্ব ?

Published : February 24, 2026 at 6:46 PM IST
গুৱাহাটী: বিধানসভা নিৰ্বাচনলৈ আৰু বেছি দিন নাই । সকলো ৰাজনৈতিক দল এতিয়া নিৰ্বাচনক লৈ ব্যস্ত । সমানে ব্যস্ত প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল । কোনো এটা ৰাজনৈতিক দলে এতিয়ালৈকে প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই । যাৰ বাবে উৎকণ্ঠাৰ মাজতে টিকট প্ৰত্যাশীসকলে নিজৰ নিজৰ সমষ্টিত জনসম্পৰ্ক অভিযানত ব্যস্ত হৈ আছে । তাৰে মাজতে বিশেষভাৱে চৰ্চালৈ আহিছে বিগত সময়ত কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যোৱা নেতাসকলৰ প্ৰসংগ ।
ইফালে কংগ্ৰেছ ত্যাগ কৰা নেতাৰ তালিকাখনো যথেষ্ট দীঘলীয়া । তেনেস্থলত সকলোকে উপযুক্ত স্থান দিয়াটোও বিজেপিৰ বাবে সম্ভৱ হৈ থকা নাই । তেনেহ'লে কংগ্ৰেছৰ বেয়া দিনত ভাল দিন থকা বিজেপিলৈ অহা কংগ্ৰেছী নেতাসকলৰ কি হ'ব ৰাজনৈতিক ভৱিষ্যৎ । নিৰ্বাচনৰ এই সময়ত তাক লৈ বিশেষ চৰ্চা চলিছে ।
বিজেপিত প্ৰাক্তন কংগ্ৰেছীৰ ভিৰ আৰু সমাগত নিৰ্বাচন:
বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে বহুসংখ্যক কংগ্ৰেছী নেতাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল । লক্ষণীয় বিষয় যে বিগত সময়ত কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ অহা নেতাৰ তালিকাখন যথেষ্ট দীঘলীয়া । এটাৰ পিছত আনটোকৈ নিৰ্বাচনত পৰাজিত হোৱাৰ লগতে দলৰ আভ্যন্তৰীণ কন্দলৰ বাবে বহু নেতাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ আশ্ৰয়লৈ আহিছিল ।
আনকি কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, গৌৰৱ গগৈৰ ঘনিষ্ঠ তথা প্রাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানস বৰাৰ পৰা আৰম্ভ কৰি যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থকা অংকিতা দত্তলৈকে সকলোৱে দলে-বলে বিজেপিত যোগ দি কংগ্ৰেছৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল । বিজেপিৰ আস্থাভাজন হোৱাৰ লক্ষ্যৰে দলটোত যোগদান কৰা উক্ত নেতাসকলে এইবাৰ বিধানসভা নিৰ্বাচনত টিকট লাভ কৰিবনে তাক লৈ এতিয়া চর্চা চলিছে । কাৰণ বিজেপিত এতিয়া প্ৰাৰ্থিত্ব লাভৰ আশা কৰা নেতাৰ অভাৱ নাই ।
বছৰ বছৰ ধৰি দলটোত সেৱা কৰি অহা নেতায়ো বিচাৰে টিকট । সেইদৰে আশাত বন্দী হৈ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা সকলেও বিচাৰে টিকট । তেনেস্থলত স্বাভাৱিকতে টিকট প্ৰত্যাশীৰ তালিকাখন বিজেপিত যথেষ্ট দীঘল । লক্ষণীয় বিষয় যে বিজেপিত নতুন আৰু পুৰণিৰ সংঘাত নতুন নহয় । বহু সময়ত ইয়াৰ বহিঃপ্ৰকাশ ঘটা পৰিলক্ষিত হয় । অৱশ্যে বিজেপিৰ নেতৃত্বই এনে কাৰ্যক অলপো প্ৰশ্ৰয় নিদিয়ে বাবে বহুতে নিজৰ মনৰ ক্ষোভ প্ৰকাশ কৰাৰ সুবিধা নাপায় ।
লক্ষণীয় বিষয় যে বিভিন্ন সময়ত বিজেপিলৈ অহা কংগ্ৰেছৰ নেতাসকলৰ বহুতেই আজি বিজেপিত উজলি আছে যদিও বহুসংখ্যক নেতাই অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে । বিশেষকৈ ৰাজ্যত বিজেপিৰ দ্বিতীয়টো শাসনকালত দলটোত যোগদান কৰা ৰাণা গোস্বামী, প্রাক্তন মন্ত্রী বিস্মিতা গগৈ, মানস বৰা, অংকিতা দত্ত, প্রাক্তন সাংসদ দ্বিজেন শর্মা, কিশোৰ ভট্টাচাৰ্য, অনুজ বৰকটকী আদি নেতাসকলৰ বাবে এইবাৰৰ নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে । কিয়নো শাসকীয় দল বিজেপি এতিয়া সম্পূৰ্ণৰূপে শক্তিশালী স্থিতিত আছে ।
২০১৬ চনত শাসনভাৰ লাভ কৰাৰ পাছত বিগত সময়ত প্ৰতিটো নিৰ্বাচনতে বিজেপি নেতৃত্বৰ মিত্ৰজোঁটে অভূতপূর্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । এনে পৰিস্থিতিত কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ অহা নেতাসকলে এইবাৰ যদি প্রার্থিত্ব লাভ কৰিব নোৱাৰে তেনেহ'লে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যৎ সংকটৰ গৰাহত পৰিব ।
উল্লেখ্য যে কংগ্ৰেছত সদায়ে আগস্থান পোৱা বহুকেইজন নেতা বিজেপিলৈ আহি ভিৰৰ মাজত লাহে লাহে হেৰাই গৈছে যদিও তাৰ মাজতে অনাগত নিৰ্বাচনত বহু কেইগৰাকী নেতাই প্রার্থিত্ব বিচাৰিছে । ইয়াৰে ভিতৰত ৰাণা গোস্বামীয়ে টীয়ক বা যোৰহাট সমষ্টিত প্রার্থিত্ব বিচাৰিছে । একেদৰে বিস্মিতা গগৈয়ে দেৰগাঁও, মানস বৰাই দিছপুৰ, অংকিতা দত্তই শিৱসাগৰ, অনুজ বৰকটকীয়ে সোণাৰীৰ পৰা নিৰ্বাচন খেলাৰ বাবে চিন্তা-চৰ্চা কৰি দলীয় নেতৃত্বৰ আকৰ্ষণ লাভৰ প্ৰয়াসত ব্ৰতী হৈ আছে ।
অংকিতা দত্তৰ অংক ক'ত:
প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্রাক্তন মন্ত্রী প্ৰয়াত অঞ্জন দত্তৰ জীয়াৰী অংকিতা দত্তক কংগ্ৰেছ দলে বিগত বিধানসভা নিৰ্বাচনত আমগুৰি বিধানসভা সমষ্টিত প্রার্থিত্ব দিছিল । কিন্তু বিগত বিধানসভা নিৰ্বাচনত অংকিতা দত্ত অগপৰ প্ৰাৰ্থী প্রদীপ হাজৰিকাৰ হাতত পৰাজিত হৈছিল । কিন্তু সমষ্টি পুনৰ গঠনৰ পাছত আমগুৰি সমষ্টিটো বিলুপ্ত হোৱাত অংকিতা দত্তই এইবাৰ শিৱসাগৰলৈ মন মেলিছে ।
কিন্তু শিৱসাগৰত এইবাৰ বিজেপিৰ প্রার্থিত্ব প্ৰত্যাৰ্থীৰ সংখ্যা প্রায় দহ-বাৰজন আছে । এনেস্থলত কংগ্ৰেছ এৰি বিজেপিলৈ অহা অংকিতা দত্তই প্রার্থিত্ব পাব নে নাপায় তাক লৈ চৰ্চা আৰম্ভ হৈছে । উল্লেখ্য যে কংগ্ৰেছে বহুত দিয়াৰ পাছতো সন্তুষ্ট হোৱা নাছিল অংকিতা দত্ত আৰু যোগ দিছিল বিজেপিত ।

ৰাণা গোস্বামীৰ কুচকাৱাজ:
ইফালে বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ যোৰহাট সমষ্টিৰ পৰা অৱতীৰ্ণ হৈ পৰাজিত হোৱা ৰাণা গোস্বামীয়ে ২০২৪ চনৰ ২৯ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিছিল । সমাগত বিধানসভা নিৰ্বাচনত ৰাণা গোস্বামীয়ে যোৰহাট বা টীয়কত প্রার্থিত্ব বিচাৰি কুচকাৱাজ আৰম্ভ কৰিছে ।
কিন্তু শেহতীয়াকৈ ৰাণা গোস্বামীক অসম চহৰীয়া পানী যোগান আৰু পয়-প্ৰণালী ব'ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে । তিনি বছৰৰ বাবে গোস্বামীক এই দায়িত্ব দিয়া হৈছে । ইয়াৰ পৰা এইটো কথা স্পষ্ট হয় যে এই বিধানসভা নিৰ্বাচনত ৰাণা গোস্বামীক বিজেপিয়ে টিকট দিয়াৰ সম্ভাৱনা একেবাৰে কম । আনহাতৰ অগপৰ হাতত থকা টীয়কত স্থানীয় বিজেপি নেতাসকল ৰাণা গোস্বামীৰ পক্ষত নাই ।
দেৰগাঁও লক্ষ্য প্ৰাক্তন মন্ত্রী বিস্মিতা গগৈৰ:
আনহাতে কংগ্ৰেছৰ দিনত মন্ত্রীত্ব লাভ বিস্মিতা গগৈয়ে বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰৱল উৎসাহেৰে কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ আশ্ৰয়লৈ আহিছিল । কংগ্ৰেছত থাকি ৰাজনীতিক হিচাপে পৰিচয় লাভ কৰা বিস্মিতা গগৈয়ে এইবাৰ টিকট নাপালে ৰাজনৈতিক ভৱিষ্যত সংকটাপন্ন হৈ পৰিব । অৱশ্যে বাজপেয়ী ভৱনৰ চৰ্চা অনুসৰি বিস্মিতা গগৈক প্রার্থিত্ব প্ৰদানৰ লক্ষ্যৰে এইবাৰ দেৰগাঁও সমষ্টিটো বিজেপিয়ে ল'ব খুজিছে ।
কিন্তু অগপৰ হাতত থকা এই সমষ্টিটো দলটোৱে কোনো কাৰণতে এৰি নিদিয়ে বুলি স্পষ্ট কৰি দিছে । আনকি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেৰগাঁৱত এইবাৰ বিজেপিয়ে প্রার্থিত্ব দিব বুলি ঘোষণা কৰাৰ পাছতেই সমষ্টিটোত অগপই এক বিশাল জনসভা অনুষ্ঠিত কৰি এক প্ৰকাৰ গেৰুৱা দলটোক হুংকাৰ দিছে । তেনেস্থলত বিস্মিতা গগৈয়ে টিকট লাভ কৰিব নে নাই তাৰ কোনো নিশ্চয়তা নাই ।
দিছপুৰত তৎপৰ মানস বৰা:
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্রী অকন বৰাৰ পুত্র যুৱনেতা মানস বৰাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছতে দিছপুৰ সমষ্টিটোক লক্ষ্য কৰি কাম কৰি আহিছে । এসময়ত পিতৃ অকন বৰাৰ দুৰ্গ হিচাপে পৰিচিত দিছপুৰ সমষ্টিটোত এইবাৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে নিজকে প্ৰক্ষেপিত কৰিছে মানস বৰাই ।
দিছপুৰ সমষ্টিৰ পৰা প্রার্থিত্ব বিচাৰি বেনাৰ-পোষ্টাৰ লগোৱাৰ লগতে সমষ্টিটোৰ অলিয়ে-গলিয়ে মানুহৰ মাজলৈ গৈছে মানস বৰা । মানস বৰাৰ সমানে সমানে পুৰণি বিজেপি নেতা জয়ন্ত দাসেও জোৰদাৰ প্ৰচাৰ চলাই আছে । ইফালে এই দুয়োগৰাকী যুৱনেতাৰ জোৰদাৰ প্ৰচাৰৰ বিপৰীতে দিছপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক অতুল বৰাই পুনৰ প্রার্থিত্ব লাভ কৰিব বুলি দৃঢ় হৈ আছে । তেনেস্থলত মানস বৰাই প্ৰাৰ্থিত্ব লাভ কৰিব নে নাই সেয়া নিশ্চিত নহয় ।
শৰৎ বৰকটকীৰ পুত্র অনুজ বৰকটকী:
সেইদৰে সোণাৰী সমষ্টিৰ পৰা বহুবাৰ কংগ্ৰেছক প্রতিনিধিত্ব কৰি মন্ত্রী হোৱা শৰৎ বৰকটকীৰ পুত্ৰ অনুজ বৰকটকীয়ে কংগ্ৰেছী পিতৃৰ আদর্শ বিসর্জন দি লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছিল । এইবাৰ তেওঁ সোণাৰীত প্রার্থিত্ব বিচাৰি কুচ-কাৱাজ চলাই আহিছে । কিন্তু দলে তেওঁক প্রার্থিত্ব দিব নে নাই তাৰ কোনো নিশ্চয়তা নাই ।
কিশোৰ কুমাৰ ভট্টাচাৰ্যৰ ৰাজনৈতিক ভৱিষ্যৎ:
আনহাতে বাওঁপন্থী ছাত্র ৰাজনীতিৰ পৰা কংগ্ৰেছত যোগদান কৰা কিশোৰ কুমাৰ ভট্টাচাৰ্যৰ বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ কমলপুৰৰ পৰা অৱতীৰ্ণ হৈছিল । কিন্তু পৰাজিত হৈছিল । পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰা কিশোৰ কুমাৰ ভট্টাচাৰ্যৰ এতিয়া প্ৰায় চিন-মোকাম নাই বিজেপিত । কিশোৰ ভট্টাচাৰ্যৰ বিজেপিত ৰাজনৈতিক ভবিষ্যতকলৈ নিশ্চয়তাই দেখা দিছে । এইবাৰ তেওঁ প্রার্থিত্ব লাভ কৰাৰ কোনো সম্ভাৱনা নাই ।
কংগ্ৰেছতে ৰাজনৈতিক জীৱনৰ দীঘলীয়া ইনিংছ খেলা দ্বিজেন শর্মা:
কংগ্ৰেছৰ দিনত বহু গুৰুত্বপূৰ্ণ পদবী লাভ কৰাৰ উপৰি ৰাজ্যসভাৰ সাংসদ হোৱা দ্বিজেন শর্মাৰ বৰ্তমান পৰিচয় বিজেপি নেতা । যিগৰাকী কেইবাদশক ধৰি কংগ্ৰেছৰ বৰঘৰত অত্যন্ত গুৰুত্বপূৰ্ণ পদবীত আছিল, সেইগৰাকী বিজেপিত যোগদান কৰি একপ্ৰকাৰ পৰিচয়বিহীন হৈ পৰিছে ।
কংগ্ৰেছতে তেওঁ ৰাজনৈতিক জীৱনৰ দীঘলীয়া ইনিংছ খেলিলে । কিন্তু হঠাতে দ্বিজেন শর্মাই নীতি-আদর্শ সলনি কৰি গেৰুৱা বসন পৰিধান কৰিলে । কংগ্ৰেছত পৰিচয় লাভ কৰা বৰ্ষীয়ান নেতা দ্বিজেন শর্মা আজি বিজেপিৰ একপ্ৰকাৰ পৰিচয়বিহীন হৈ পৰিছে । এককথাত ক'বলৈ গ'লে উজ্জ্বল ভৱিষ্যতৰ সপোন লৈ কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ অহা নেতাসকলৰ ভৱিষ্যৎ এতিয়া এক প্ৰকাৰ ধূসৰ হৈ পৰিছে ।
বিজেপিত শংকৰ প্ৰসাদ ৰায়:
আছুৰ প্রাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে ২০১৬ চনৰ পূৰ্বে বিজেপিত যোগদান কৰি সেই নিৰ্বাচনত বিজেপিৰ প্রার্থিত্ব নাপাই কংগ্ৰেছত যোগদান কৰিছিল । আছুৰ প্ৰাক্তন সভাপতিজনক কংগ্ৰেছে জিলা সভাপতিৰ দায়িত্ব দিয়াৰ লগতে বিগত বিধানসভা নির্বাচনত বঙাইগাঁৱত প্রার্থিত্ব দিছিল । কিন্তু জয়ী হ'ব নোৱাৰিলে । লোকসভা নিৰ্বাচনৰ পূৰ্বে অকস্মাতে তেওঁ বিজেপিত যোগদান কৰে । কিন্তু দল বাগৰা নেতাজনে এইবাৰ বিজেপিৰ পৰা টিকট পাব নে নাই সেয়া অনিশ্চিত ।

বিজেপিত বহু জিলিকি আছে আৰু বহু হেৰাই গৈছে:
মুঠৰ ওপৰত বিগত কিছু বছৰত বিজেপিত যোগদান কৰা প্ৰায় সংখ্যক কংগ্ৰেছ নেতাৰে এতিয়া ৰাজনৈতিক অস্তিত্বৰ প্ৰতি সংকট নামি আহিছে । কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনত দলীয় বহু নেতাই ক্ষমতা ভোগ কৰিলে আৰু বহু নেতাই ৰাজনীতিত নিজৰ পৰিচয় লাভ কৰিলে । কিন্তু ২০১৬ চনত কংগ্ৰেছ ক্ষমতাহীন হৈ পৰাৰ পাছত দলটোৱে বিপৰ্যৰ দিশে অগ্ৰসৰ হোৱাত বহু নেতাই ক্ষমতাৰ বাবে শাসকীয় পক্ষৰ প্ৰতি ঢাল খাই দল সলনি কৰিলে ।
ৰাজনীতিত দল বাগৰা নতুন কথা নহয় যদিও বিগত সময়ত বহু নেতাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিছিল । লক্ষ্যণীয় বিষয় যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিসম্বাদ কৰি বিজেপিলৈ অহা কংগ্ৰেছৰ নেতাসকল আজি বিজেপিত সৰ্বেসৰ্বা হৈ আছে যদিও পৰৱৰ্তী সময়ত বিশেষকৈ ২০২১ৰ পাছত অহা সকলে অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে । এই সন্দৰ্ভত কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা কেইবাগৰাকী নেতাৰে যোগাযোগ কৰা হৈছিল যদিও প্ৰসংগটোত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকিল তেওঁলোক ।
তাৰে মাজতে শংকৰ প্ৰসাদ ৰায়ে কয়,"কিবা লাভৰ বাবে বিজেপিত যোগদান কৰা নাই । সমাজৰ বাবে কাম কৰাৰ উদ্দেশ্যে ছাত্র নেতা হিচাপে সক্ৰিয় ৰাজনীতিলৈ আহিছোঁ । দলে যি দায়িত্ব দিয়ে তাকে নিয়াৰিকৈ পালন কৰিম । মই নিজকে দলত উপেক্ষিত বুলি অনুভৱ নকৰোঁ । পাবলগীয়া সন্মান পাইছোঁ আৰু যি দায়িত্ব দিছে তাকে নিষ্ঠাৰে পালন কৰিছোঁ । টিকট দিয়া নিদিয়াটো দলৰ কথা ।"
সেইদৰে দিছপুৰ সমষ্টিৰ টিকট প্ৰত্যাশী মানস বৰাই কয়,"বিজেপিত যথেষ্ট সন্মান সহকাৰে আছোঁ । বিজেপি আমি এটা পৰিয়াল । ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ । দলে যিদৰে সেৱা কৰিবলৈ দিব সেইদৰেই কৰিম । দলে দিয়া দায়িত্ব অনুসৰি কাম কৰি যাম । দলে যি সিদ্ধান্ত ল'ব তাক মানি লম ।"
অস্তিত্বৰ সংকটত কংগ্ৰেছে পৰিচয় দিয়া বহু নেতাৰ ৰাজনৈতিক ভৱিষ্যৎ:
বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ অৱতীৰ্ণ হোৱা মাহমৰা সমষ্টিৰ প্ৰাৰ্থী সূৰুয দিহিঙীয়া, বঢ়মপুৰ সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰা, ছিপাঝাৰ সমষ্টিৰ প্ৰাৰ্থী কুলদীপ বৰুৱা, বঙাইগাঁৱ সমষ্টিৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায় এতিয়া বিজেপি দলত । তদুপৰি থাওৰা আৰু মৰিয়নীৰ পৰা কংগ্ৰেছৰ টিকটত জয়ী হৈ পাছত বিজেপিত যোগদান কৰি পুনৰ উপ-নির্বাচনৰ জৰিয়তে বিধানসভালৈ অহা দুই নেতা হৈছে ক্ৰমে সুশান্ত বৰগোঁহাই আৰু ৰূপজ্যোতি কুৰ্মী ।
লক্ষণীয় বিষয় যে কংগ্ৰেছত এনে বিধায়কো আছে যি কংগ্ৰেছত থাকিও বিজেপিৰ হৈ কাম কৰি আছে । তেনে বিধায়ককেইজন হৈছে ক্ৰমে ৰহাৰ শশীকান্ত দাস, মঙলদৈৰ বসন্ত দাস আৰু উত্তৰ কৰিমগঞ্জৰ কমলাক্ষ দে' পুৰকায়স্থ । আনহাতে কংগ্ৰেছৰ প্রার্থিত্বত জয়ী হৈ এতিয়া কংগ্ৰেছৰ লগত নথকা বিধায়কসকলৰ মাজত দক্ষিণ কৰিমগঞ্জৰ ছিদ্দিক আহমেদ আৰু বাঘবৰৰ বিধায়ক ছেৰমান আলী আহমেদো আছে । অৱশ্যে শ্বেৰমান আলী আহমেদে অলপতে ৰাইজৰ দলত যোগদান কৰিছে ।
লক্ষ্যণীয় বিষয় যে কংগ্ৰেছৰ পৰা অহা নেতাৰ কথা বাদেই বিজেপিৰ বহু পুৰণি নেতাকে টিকট দিব নোৱাৰি নিগম-নিকায়ত নিয়োজিত কৰি ৰাখিছে শাসকীয় দলটোৱে । কাৰণ ১২৬ টা সমষ্টিৰ বিপৰীতে ইমান সংখ্যক নেতাক সন্তুষ্ট কৰাটো বিজেপিৰ পক্ষে সম্ভৱ নহয় । ইফালে মিত্রদলো আছে । তেনেস্থলত নিজ দলৰে সকলো নেতাক সন্তুষ্ট কৰাটো বিজেপিৰ বাবে সম্ভৱ নহয় ।

