ভোটাৰে কি কয়- উন্নয়নৰ গংগা বৈছেনে বিশ্বনাথ সমষ্টিত ? ই টিভি ভাৰতৰ গ্ৰাউণ্ড ৰিপ'ৰ্ট
স্থানীয় বিধায়ক তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ জনতাৰ । প্ৰাপ্তিতকৈ নোপোৱাৰ ক্ষোভ অধিক ৷

Published : December 30, 2025 at 2:04 PM IST
|Updated : December 30, 2025 at 2:11 PM IST
বিশ্বনাথ চাৰিআলি : আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ । ইয়াকে লৈ তৎপৰ হৈছে সকলো ৰাজনৈতিক দল । কি বিৰোধী, কি শাসকীয় দল সকলোৱে ভোটাৰৰ মাজত সোমাবলৈ আৰম্ভ কৰিছে । শাসকীয় মিত্ৰজোঁটৰ চৰকাৰেও বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে ভোটাৰৰ ওচৰ চাপিবলৈ চলাইছে যো-জা । চৰকাৰে জনসাধাৰণৰ বাবে ঘোষণা কৰিছে বিভিন্ন আঁচনি ।
বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্য়ত উন্নয়নৰ গংগা বোৱাই দিয়া বুলি দাবী কৰিছে । ৰাজ্য়ৰ প্ৰতিটো সমষ্টিত উন্নয়ন হোৱা বুলি জাহিৰ কৰিলেও দৰাচলতে চৰকাৰী আঁচনিয়ে জনসাধাৰণক কিমান ঢুকি পাইছে সেই বিষয়ে জানিবলৈ ই টিভি ভাৰতৰ সাংবাদিকে এক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ উপস্থিত হৈছিল বিশ্বনাথ বিধানসভা সমষ্টিত । বিগত পাঁচ বছৰত সাধাৰণ ৰাইজে চৰকাৰৰ পৰা কি পালে আৰু কি নাপালে সেয়া জানিবলৈ বিচৰাত কেইবাগৰাকী স্থানীয় ব্য়ক্তিয়ে প্ৰকাশ কৰিলে মনৰ কথা ।
বিগত পাঁচটা বছৰে বিশ্বনাথ সমষ্টিৰ ৰাইজে কি পালে, কি নাপালে আৰু আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ ৰাইজে পৰিৱৰ্তন বিচাৰেনে সেই সন্দৰ্ভত ই টিভি ভাৰতৰ আগত সমষ্টিটোৰ উত্তৰ পাৰৰ অসম অৰুণাচল সীমান্তৰ মহজুলি, শামুকজুলি, বালিচাং,পাভৈৰ লগতে বিশ্বনাথ সমষ্টিৰ বিভিন্ন অঞ্চলৰ ৰাইজ আৰু চাহ বাগিচাৰ অঞ্চলৰ লোকে মতামত প্ৰকাশ কৰিলে ।
চৰকাৰৰ উন্নয়ন ৰাস্তা-ঘাটতে সীমাবদ্ধ :
বিশ্বনাথ সমষ্টিৰ বৰপুখুৰী চাহ বাগিচাৰ অঞ্চলৰ বাসিন্দা তথা সচেতন ব্যক্তি ইচৰাইল শ্বেকে কয়, "বিগত নিৰ্বাচনসমূহত যিমান ৰাইজে ভোট দিব লাগে সিমানে ভোট দিয়া নাছিল । সকলো মানুহে ভোট দিব লাগে ।" লগতে তেওঁ কয়, "বিজেপি চৰকাৰে কিছু উন্নয়ন কৰিছে, একেবাৰে নাই কৰা বুলি ক'লেও ভুল হ'ব ৷ কিন্তু ৰাস্তা-ঘাট উন্নয়নতে সীমাবদ্ধ আছে । বিজেপি চৰকাৰে বাকী যিমান উন্নয়ন কৰিব লাগিছিল সিমান কৰা নাই । বিজেপি চৰকাৰক লৈ ৰাইজ সুখী নহয় । বিজেপি চৰকাৰে বহুখিনি নষ্ট কৰি দিছে । আজি ১৭ বছৰে কংগ্ৰেছে যিমান কৰি থৈ গৈছে সিমানখিনি বিজেপি চৰকাৰে কৰিব পৰা নাই । এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে ।" আচলতে বৰপুখুৰী চাহ বাগিচাৰ পৰা বিজেপি চৰকাৰে একো আশা নকৰাই ভাল বুলি প্ৰকাশ কৰে ইচৰাইলে । তেওঁ আৰু কয়, "এইবাৰ বৰপুখৰী চাহ বাগিচাৰ ৰাইজে পৰিৱৰ্তন বিচাৰে । বিশেষকৈ আমাৰ চাহ বাগিচা অঞ্চলত বিজেপি চৰকাৰৰ দিনত কোনো উন্নতি হোৱা নাই ।"

চাহ বাগিচাৰ মানুহে সমস্যাৰ সৈতে সদায় যুঁজি আছে :
আনহাতে বাগিচাখনৰ আন এজন সচেতন ব্যক্তি উত্তম কৰাগে কয়, "আমি চাহ জনগোষ্ঠীৰ ল'ৰা । যিকোনো চৰকাৰ আহি প্ৰথমে আমাৰ চাহ বাগিচাৰ লোকসকলকে ঠগাই । আমি বাগানীয়া মানুহ আমাকে সকলো চৰকাৰে ঠগন দি আহিছে, বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত চৰকাৰী ঘৰৰ ক্ষেত্ৰত আন আন সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছো । আমাৰ চাহ বাগিচাৰ মানুহে সমস্যাৰ সৈতে সদায় যুঁজ দি আছে । কংগ্ৰেছ চৰকাৰ শাসনত দীৰ্ঘদিন আছিল যদিও উন্নয়ন নাছিল । আমি ভাবিছিলো যে বিজেপি চৰকাৰে কিবা কৰিব; কিন্তু একমাত্ৰ বিজেপি চৰকাৰে ৰাস্তা কেইটামান নিৰ্মাণ কৰাৰ লগতে কেইখনমান বাগিচাত স্কুলঘৰ নিৰ্মাণ কৰাৰ বাহিৰে আমাৰ বাগানত একো কৰা নাই । বাগানৰ স্কুলঘৰ নিৰ্মাণ কৰিছে সেয়া আমাৰ লাভ হোৱা নাই, কেইটামান ঠিকাদাৰ, একাংশ পুঁজিপতি ধনী হৈছে ।"
ভোটবেংক হিচাপে ব্যৱহাৰ কৰাত ক্ষোভ :
"বাগানত ডাঙৰ স্কুলঘৰ নিৰ্মাণ কৰিছে, ঠিকাদাৰৰ লাভ হৈছে । স্কুল আছে; কিন্তু ইয়াক উন্নতি বুলি নকয় । স্কুলঘৰ থাকিলেই আমাৰ উন্নতি নহয় । আমাৰ ল'ৰা-ছোৱালীয়ে ভালকৈ শিক্ষা পোৱা নাই, যাৰ ফলত বাগানৰ অধিকাংশ ল'ৰা-ছোৱালীয়ে ভাল শিক্ষা পোৱা নাই । নিজৰ নামটোকে লিখিব আজিও নাজানিলে । আমাৰ বিদ্যালয়সমূহত নাই শিক্ষক-শিক্ষয়িত্ৰী । আমাক একমাত্ৰ ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে । আমাক পৰিৱৰ্তন লাগে ।" উত্তমে এইদৰে ক্ষোভেৰে কয় ।
বাগিচাৰ একেবাৰে উন্নয়ন হোৱা নাই :
বাগিচাখনৰ আন এজন যুৱক দীপক কাচাৰে কয়, "বাগিচাৰ উন্নতিৰ কথা যদি কোৱা হয়, একেবাৰে উন্নয়ন নাই । স্বাস্থ্য, শিক্ষা, বিশেষকৈ চাহ বাগিচাৰ চিকিৎসালয়ৰ পৰিৱেশ একেবাৰে ভাল নহয় । পূৰ্বে আমাৰ চাহ বাগিচাতে অধিকাংশ ৰোগীৰ চিকিৎসা সেৱা হৈছিল; কিন্তু আজিকালি জ্বৰ, কাহ হ'লেও বাগানৰ চিকিৎসালয়ত চিকিৎসা নকৰে, বাহিৰত পঠিয়াই দিয়ে ৷ কিন্তু এজন বাগিচাৰ শ্ৰমিকে অতি কম মজুৰি পাই নিজৰ পৰিয়ালটোক ভালকৈ খোৱা-বোৱাই যোগান ধৰিব নোৱাৰে, তেনেক্ষেত্ৰত কিদৰে এজন শ্ৰমিকে বাহিৰত চিকিৎসা কৰিব পাৰে ?"
"আনহাতে বাগিচাখনৰ যুৱকসকল যদি বহিঃৰাজ্যত কাম কৰিবলৈ যায় তেতিয়া বাগিচাৰ মালিকে বা মেনেজাৰে সেই শ্ৰমিকজনৰ নাম বাগানৰ পৰা কৰ্তন কৰি দিয়ে আৰু বাগিচাৰ সকলো সা-সুবিধাৰ পৰা বঞ্চিত হয় । গতিকে আমি বিজেপি চৰকাৰৰ সলনি অন্য চৰকাৰৰ অহাটো বিচাৰো ।" দীপকে এইদৰে কয় ।
চৰকাৰে বহু কাম কৰিছে :
অসম-অৰুণাচল সীমান্তৰ পাভৈ অঞ্চলৰ ব্যৱসায়ী মহেন্দ্ৰ নাথে কয়, "২০২৬ চনৰ নিৰ্বাচন আহিছে, আমি সাজু হৈছো; কিন্তু আমি দোকানী মানুহ দোকানতে থাকো । বৰ্তমান বিজেপি চৰকাৰে ৰাস্তা-ঘাটৰ কাম কৰি আছে যদিও আমি পৰিৱৰ্তন বিচাৰো ।" ইফালে, আন এজন ব্যৱসায়ীয়ে কয়, "উন্নয়ন হৈছে ৰাস্তা-ঘাটৰ; কিন্তু বিজেপি চৰকাৰৰ দিনত ব্যৱসায় আৰম্ভ কৰো ।" ইফালে, পাভৈ অঞ্চলৰ এজন বাগিচাৰ কৰ্মচাৰীয়ে কয়, "বাগানত এই চৰকাৰে বহু কাম কৰিছে । বিশেষকৈ ৰাস্তা-পদূলিৰ উন্নয়ন কৰিছে । যিবোৰ বস্তু পাব লাগে সেইবোৰ সকলো পাই আছে । চাহ বাগিচা অঞ্চলত বসবাস কৰা লোকসকলক ভূমি প্ৰদান কৰাৰ লগতে জনজাতিৰ মৰ্যাদা কেতিয়া প্ৰদান কৰিব তাক লৈ সন্দেহ আছে । আগলৈ কি হ'ব সেইটো ভগৱানে জানে ।"
যিহেতু আগন্তুক ২০২৬ চনৰ নিৰ্বাচন আহি আছে । ভোট পাবলৈ এই কাম কৰি আছে নেকি বুলি তেওঁ প্ৰশ্ন কৰে । এয়া বিজেপি দলে ৰাজনীতি কৰি আছে যেন সন্দেহ হৈছে বুলি মন্তব্য কৰে পাভৈ অঞ্চলৰ বাগিচাৰ কৰ্মচাৰীগৰাকীয়ে ।
পাভৈ অঞ্চলৰ এগৰাকী মহিলাই কয়, "চৰকাৰে চাউল দিছে, ঘৰ দিছে; কিন্তু ঘৰৰ নিৰ্মাণৰ সম্পূৰ্ণ ধন দিয়া নাই । আধৰুৱা হৈ আছে ঘৰ । তাৰ বাহিৰে বিজেপি চৰকাৰৰ পৰা একো পোৱা নাই ।" আন এগৰাকী মহিলাই কয়, "আমি অৰুণোদয় পোৱা নাই । ঘৰৰ ফটো উঠাই লৈ গৈছে; কিন্তু ঘৰ আজিও পোৱা নাই ।"
বিজেপিয়ে মোক ঠগন দিলে :
অৰুণাচল সীমান্তৰ মহজুলি অঞ্চলত বিগত পাঁচ বছৰে স্থানীয় বিধায়কগৰাকীৰ লগতে চৰকাৰখনে কি কি উন্নয়ন কৰিলে বুলি প্ৰশ্ন কৰাত অঞ্চলটোৰ সচেতন ব্যক্তি মিলন নাথে কয়, "বিগত ১০ বছৰে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে একো নিদিলে । বিজেপিয়ে মোক বৰ বেয়া ঠগন দিলে । মোক বুলিয়েই নহয় আমাৰ গোটেই গাঁওখনক বিজেপিয়ে বেয়া ঠগন দিছে । মাথোঁ দিম বুলি কয়, বস্তু নিয়ে আৰু একো নিদিয়ে । মইতো এটা শৌচাগাৰো পোৱা নাই । আমি পাবলগীয়া যোগ্য মানুহ; কিন্তু আমি বিজেপি চৰকাৰক ভাল পোৱা নাই । চৰকাৰে বহুত দিছে, যাক দিছে দি আছে, নোপোৱাই নাই । যিজনে পাইছে তিনিটালৈকে চৰকাৰী ঘৰ পাইছে । '২৬ চনত বেলেগ ফালেহে যাম । লগতে বিশ্বনাথৰ বিধায়কগৰাকীৰ উন্নয়ন ফোপোলা বুলিয়েই ক'লো । পৰিৱৰ্তন বিচাৰো, বিধায়কজন বেলেগ দিয়ক ।"
গৰাখহনীয়া প্ৰতিৰোধৰ কাম হোৱা নাই :
ইফালে, মহজুলিৰ সমাজকৰ্মী ৰাজু ৰংহাঙে কয়, "১০ টা বছৰ চালো, আমাৰ ৰাস্তা-ঘাটৰ সমস্যাসমূহ প্ৰায় সমাধা হৈছে যদিও বহু হ'বলৈ বাকী আছে । আগন্তুক ২০২৬ ৰ নিৰ্বাচনৰ বাবে এজন ভাল মানুহ নিৰ্বাচন কৰিব । বিশেষকৈ আমাৰ মহজুলি অঞ্চলটোত গৰাখহনীয়া প্ৰতিৰোধৰ কাম হোৱা নাই । খহনীয়াৰ সৃষ্টি হৈ আছে যদিও তাৰ প্ৰতিৰোধৰ ব্যৱস্থা লোৱা নাই চৰকাৰে । চৰকাৰে এইখিনি কাম কৰিবলৈ বাকী আছে । আনহাতে শিক্ষাৰ ক্ষেত্ৰত যদি চাও যিদৰে বিদ্যালয় আছে সেইদৰে শিক্ষক নাই । আমাৰ স্কুলসমূহত শিক্ষা অবিহনে অন্ধকাৰ আৰু প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক নিৰ্বাচনী কামত লগোৱাত শিক্ষাৰ ক্ষেত্ৰত পৰিৱেশ বহু বেয়া হৈছে ।"
আনহাতে তিলক নাথ নামৰ যুৱকজনে কয়, "বিজেপি চৰকাৰৰ দিনত প্ৰথম খিলঞ্জীয়াৰ অস্তিত্বৰ নাইকিয়া হৈছে । প্ৰথম যিকেইটা গুৰুত্বপূৰ্ণ সমস্যা তাত পিঠি দিছে বিজেপি চৰকাৰে । সৌ সিদিনা কাৰ্বি আংলঙত যি পৰিস্থিতি হ'ল অসমত বিজেপি চৰকাৰ অহাৰ পৰা হিন্দু-মুছলমান কৰি কৰি কেৱল হিন্দুত্ববাদত হিন্দীভাষীৰ আগ্ৰাসনে খিলঞ্জীয়াৰ অস্তিত্বৰ নোহোৱা কৰিছে । যদি কাৰ্বি আংলঙৰ পৰিস্থিতিৰ কথা যদি কোৱা হয়, ইয়াত আহি কাৰ্বি গ' বেক বুলি কৈছে, কাইলৈ ক'ব পাৰিব অসমীয়া গ' বেক আৰু এই কথাটো হ'বলৈ গৈ আছে । ইফালে, শেহতীয়াকৈ নলবাৰীৰ বিভিন্ন প্ৰান্তত বৰদিনৰ সামগ্ৰী বিক্ৰী কৰা দোকানত গৈ লণ্ড-ভণ্ড কৰাৰ লগতে পানীগাঁৱৰ ছেণ্ট মেৰীজ বিদ্যালয়লৈ গৈ যীশুৰ মূৰ্তি ভঙাৰ লগতে বৰদিনৰ বাবে আয়োজন কৰা সকলো সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ লগতে দাহ কৰিছিল কেইজনমান হিন্দুবাদী নেতাই । যাৰ ফলত আমাক ভাগ ভাগ কৰিছে । অসমত কোনো এটা ধৰ্মৰ মানুহ শান্তিত নাই, শান্তিত আছে কেৱল বহিৰাগত অনা-অসমীয়া লোকসকল ।"
"খিলঞ্জীয়া লোকৰ অস্তিত্ব নোহোৱা হৈছে । বিজেপি চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে । একমাত্ৰ ধৰ্মৰ ওপৰত ৰাজনীতি কৰিছে । কিছু কিছু কাম হৈছে; কিন্তু ৰাইজ শান্তিৰে থাকিব পৰা নাই । ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত যিটো ৰাজনীতি কৰিছে সেই কথা আমি বুজি পাইছো আৰু ৰাইজ সুখী নহয় ।" তেওঁ এইদৰে কয় ।
ইফালে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ সন্দৰ্ভত তিলক নাথে কয়, "ৰাস্তা-ঘাটৰ দুই এটা কাম হৈছে যদিও প্ৰতিটো জাতি-জনগোষ্ঠী প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে । যাৰ ফলত সম্পূৰ্ণ ব্যৰ্থ হৈছে স্থানীয় জনপ্ৰতিনিধিজন ।" বিজেপি কৰ্মী সূজিত ভূমিজে কয়, "আমি বিজেপি চৰকাৰৰ পৰা বহুত কিবাকিবি পাইছো । বিশ্বনাথ সমষ্টিত আমি পালো বিশ্বনাথ চাৰিআলি মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজ, গুপ্তকাশী বিশ্বনাথঘাট উন্নয়নৰ লগতে চাহ বাগিচাসমূহত তিনিখনৰো অধিক মডেল বিদ্যালয় । তদুপৰি বহুতো উন্নতি কৰিছে ।"

