ETV Bharat / politics

শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কৰ হত্যাকাণ্ডৰ ৩ অভিযুক্তক বিহাৰত গ্ৰেপ্তাৰ, তেৰ দিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ

কলকাতাৰ সমীপৰ বাল্লীৰ এটা টোল বুথত কৰা ইউপিআই পেমেণ্টৰ তথ্য অনুসৰণ কৰি পশ্চিমবংগ এছটিএফে বিহাৰত অভিযান চলাই ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।

SUVENDU ADHIKARI PA KILLED
শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কৰ হত্যাকাণ্ড (File/ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 3:27 PM IST

4 Min Read
Choose ETV Bharat

পাটনা: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ সহায়ক চন্দ্ৰনাথ ৰথৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা অভিযোগত পশ্চিমবংগ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে দেওবাৰে নিশা তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ৷ বিশেষ তদন্তকাৰী দলে অভিযান চলাই বিহাৰৰ বক্সাৰ জিলাৰ পৰা অভিযুক্তকেইটাক আটক কৰে ৷ বিশেষ তদন্তকাৰী দলে তেওঁলোকক বংগলৈ আনি বাৰাছত আদালতত হাজিৰ কৰা হয় আৰু আদালতে তিনিওকে তেৰ দিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ কৰিছে ৷

বিহাৰ আৰক্ষী বিষয়াসকলে জনোৱা মতে, চুবুৰীয়া ৰাজ্যখনৰ আৰক্ষী বিষয়াৰ এটা দলে মুফুছিল, নৱনগৰ আৰু ছিক্ৰাউল থানা এলেকাত অভিযান চলাই চাৰিজন লোকক আটক কৰে ৷ ইয়াৰে এজনক সোধা-পোছাৰ পাছত মুকলি কৰি দিয়াৰ বিপৰীতে আন তিনি অভিযুক্তক পশ্চিমবংগ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে নিজৰ লগত বংগলৈ লৈ যায় ৷ অভিযুক্ত তিনিটা ক্ৰমে বিশাল শ্ৰীবাস্তৱ, মায়ংক মিশ্ৰ আৰু বিকি মৌৰ্য বুলি চিনাক্ত কৰা হৈছে ৷ অৱশ্যে এতিয়ালৈকে তেওঁলোকক গ্ৰেপ্তাৰৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিতকৰণ কৰা হোৱা নাই ৷

বক্সাৰ আৰক্ষী অধীক্ষক শুভম আৰ্যই কয়, "পশ্চিমবংগ আৰক্ষীৰ এটা দল বক্সাৰত উপস্থিত হয় । অভিযানৰ সময়ত বিশাল শ্ৰীবাস্তৱ নামৰ এজন অভিযুক্তক আটক কৰি ৰখা হয় । আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত আৰক্ষীয়ে তেওঁক লগত লৈ যায় । এই গোচৰত স্থানীয় আৰক্ষীয়ে সহযোগিতা আগবঢ়াইছে ।"

বিশাল শ্ৰীবাস্তৱৰ বিৰুদ্ধে কেৱল বক্সাৰতে হত্যা, ডকাইতি, অপহৰণ, অবৈধ অস্ত্ৰ ৰখাকে ধৰি ২২টাতকৈও অধিক অপৰাধমূলক গোচৰ ৰুজু হৈছে ৷ বক্সাৰ জিলাৰ মুফুছিল থানা এলেকাৰ অন্তৰ্গত পাণ্ডেয়পট্টি গাঁৱৰ পৰা বংগ আৰক্ষীৰ এটা দলে তেওঁক আটক কৰে ৷

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বংগ আৰক্ষীয়ে উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডৰ বিভিন্ন প্ৰান্তৰ পৰা আন কেইবাজনো সন্দেহযুক্ত লোকক আটক কৰিছে ৷ তেওঁলোকে লগতে কয় যে কলকাতাৰ সমীপৰ বাল্লীৰ এটা টোল বুথত মায়ংকে কৰা ইউপিআই পেমেণ্টৰ তথ্য অনুসৰণ কৰি এই অভিযান চলোৱা হয় ৷ মোবাইল লোকেচন ডাটা আৰু চিচিটিভি ফুটেজৰ পৰাও সহায় লোৱা হয় ।

পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ মধ্যমগ্ৰামৰ দোহৰীয়া ক্ৰছিঙৰ সমীপত ৬ মে’ত ৰথক গুলীয়াই হত্যা কৰা হৈছিল ৷ ৰথে ঘৰলৈ আহি থকা অৱস্থাত নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এই ঘটনা ৷ ঘৰৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত থকা সময়তে তেওঁক গাড়ীৰ ভিতৰত গুলীয়াই হত্যা কৰা হয় ৷ এই আক্ৰমণত তেওঁৰ চালক বুদ্ধদেৱ বেৰাও গুৰুতৰভাৱে আহত হয় আৰু তেওঁ সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

ভাৰতীয় জনতা পাৰ্টীয়ে এই হত্যাকাণ্ডক ‘ৰাজনৈতিক হত্যাকাণ্ড’ বুলি অভিহিত কৰি তীব্ৰ গৰিহণা দিছে ৷ বায়ুসেনাৰ প্ৰাক্তন বিষয়া ৰথে বিগত দুটা দশক ধৰি শুভেন্দু অধিকাৰীৰ সৈতে ব্যক্তিগত সহায়ক হিচাপে কাম কৰি আহিছিল ৷ বিহাৰ বিশেষ টাস্ক ফ’ৰ্চৰ সঞ্চালক প্ৰধান কুণ্ডন কৃষ্ণনে ইটিভি ভাৰতক কয়, "পশ্চিমবংগ আৰক্ষীয়ে জিম্মাত লোৱা লোকসকলৰ ভিতৰত এজন হৈছে বিশাল ৷ তেওঁৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত তথ্য আছে, কিন্তু এই বিশেষ কাণ্ডত তেওঁৰ বিৰুদ্ধে কি প্ৰমাণ আছে আমি নাজানো ৷ এইটো এটা হাই-প্ৰফাইল গোচৰ আৰু আমি আৰু কোনো মন্তব্য নকৰো ৷"

ইফালে বিহাৰৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে বিশাল প্ৰথমতে অস্ত্ৰ সৰবৰাহত জড়িত আছিল আৰু পাছত ‘কণ্টেক্ট কিলাৰ’ হিচাপে কাম কৰিছিল ৷

লগতে পঢ়ক : এই হত্যা পূৰ্বপৰিকল্পিত ! ব্যক্তিগত সহায়কক হত্যাৰ পিছত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ দাবী

‘‘হঠাৎ গাড়ীখন ৰৈছিল...এজন মানুহে বাওঁফালে গুলীয়াইছিল...’’ চন্দ্ৰনাথ হত্যাৰ বিৱৰণ দিলে প্ৰত্যক্ষদৰ্শীয়ে

শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা, তৃণমূল কংগ্ৰেছলৈ সন্দেহৰ আঙুলি