ETV Bharat / politics

নিৰ্বাচনত পৰাজয় বৰণ কৰিছো যদিও মানসিকভাৱে হাৰ মনা নাই : গৌৰৱ গগৈ

বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত জিলাভিত্তিক পৰ্যবেক্ষকসকলৰ সৈতে এক আলোচনাত মিলিত হয় গৌৰৱ গগৈ ।

GAURAV GOGOI
পৰ্যালোচনা বৈঠকত গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 9, 2026 at 9:25 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ‘‘চৰকাৰে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণকাৰী স্বাধীনতা সংগ্ৰামী তথা শ্বহীদ ৰতন কছাৰীৰ নামত থকা পথৰ নাম সলনি কৰি শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত কৰাৰ সিদ্ধান্ত কৰিলে । যদি বিজেপি চৰকাৰে তেওঁলোকৰ নেতৃত্বক সন্মান দিব বিচাৰে, তেন্তে তেওঁলোকে নতুন পথৰ বা নতুন অনুষ্ঠানৰ নামত দিয়ক । কিন্তু কিয় তেওঁলোকে এজন দেশৰ স্বাধীনতা সংগ্ৰামী তথা শ্বহীদ ৰতন কছাৰীৰ নামত থকা পথৰ নাম সলনি কৰিবলৈ বিচাৰিছে ? ই অসমৰ বাবে ভাল ইংগিত নহয়’’ - শোণিতপুৰৰ ঢেকিয়াজুলিৰ এটা পথৰ নাম সলনি কৰাক লৈ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিৰোধী নেতা গৌৰৱ গগৈয়ে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত জিলাভিত্তিক পৰ্যবেক্ষকসকলৰ সৈতে এক আলোচনাত মিলিত হয় গৌৰৱ গগৈ । বৈঠকত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক মনোজ চৌহান, পৰ্যবেক্ষক তথা ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী বন্ধু তিৰ্কী আৰু প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা উপস্থিত আছিল ।

বিধানসভা নিৰ্বাচনৰ শোচনীয় পৰাজয়ৰ পাছত দলটোক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ লক্ষ্যৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰদেশ সভাপতি গৌৰৱ গগৈয়ে । সমান্তৰালকৈ নিৰ্বাচনী পৰাজয়ৰ কাৰণসমূহ বিশ্লেষণ কৰি সেইসমূহ দূৰ কৰি দলটোক ৰাইজৰ মাজলৈ নিয়াৰ বাবে বিভিন্ন পৰ্যালোচনা কৰি আহিছে । বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজয়ৰ কাৰণসমূহ চিনাক্ত কৰিবৰ বাবে আৰু অনাগত দিনত দলটোক পুনৰুজ্জীৱিত কৰিব পাৰি এই বিষয়ত জিলাই জিলাই ভ্ৰমণ কৰি এক প্ৰতিবেদন দিবৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে জিলাভিত্তিক পৰ্যবেক্ষক গঠন কৰি দিছিল ।

এই বৈঠকৰ পাছত সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, "আমি অসমবাসী ৰাইজক বিনম্ৰতাৰে ক'ব বিচাৰো যে আমি যদিও বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিছো, তথাপি আমি মানসিকভাৱে হাৰ মনা নাই । বিৰোধী দল হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য সূচাৰুৰূপে পালন কৰি যাম । ইতিমধ্যেই আমি এইবাৰৰ বিধানসভাৰ বাজেট অধিৱেশনত দেখিছো যে নিৰ্বাচনত জয়ী হোৱাৰ পাছত বিজেপি চৰকাৰ আৰু অহংকাৰী হৈ পৰিছে । অসমৰ ৰাইজৰ মাজত সন্দেহ আৰু শংকাৰ সষ্টি হৈছে যে আমি অসমীয়া হিচাপে জীয়াই থাকিবগৈ পাৰিম নে ? নে আমাৰ সংস্কৃতিয়েই সলনি হৈ যাব ?’’

লগতে পঢ়ক: ৩০ হাজাৰোধিক শিক্ষক নোহোৱাকৈ চলি আছে অসমৰ বিদ্যালয়সমূহ: বিধানসভাত শিক্ষামন্ত্ৰী