একালৰ দুই সহপাঠীৰ বাকযুদ্ধ: মন্ত্রী বিমল বড়া আৰু বিধায়ক অখিল গগৈৰ মাজত বাক-বিতণ্ডা
এজনে ক'লে- তই নাভবিবি যে অসমখনত জনা-বুজা শিক্ষিত লোকৰ অভাৱ হৈছে ৷ আনজনে কয়- সি মস্ত গাধা আছিল ৷

Published : November 1, 2025 at 8:52 PM IST
গুৱাহাটী: এইবাৰ একালৰ দুই সহপাঠী বন্ধুৰ মাজত চলিছে বাকযুদ্ধ । বৰ্তমান দুয়োজন ৰাজনৈতিক ক্ষেত্রৰ পৰিচিত নেতা । এজন বিজেপিৰ মন্ত্রী বিমল বড়া আৰু আনজন শিৱসাগৰৰ বিধায়ক অখিল গগৈ । প্ৰসংগ- প্ৰাণৰ শিল্পী জুবিন গাৰ্গ । জুবিন গাৰ্গৰ প্ৰসংগৰে শুকুৰবাৰে মন্ত্রী বিমল বড়াই সামাজিক মাধ্যমযোগে বিধায়ক অখিল গগৈক লক্ষ্য কৰি ব্যক্ত কৰিছিল প্ৰতিক্ৰিয়া । সামাজিক মাধ্যমত মন্ত্রী বিমল বড়াই দিয়া বিশেষ পোষ্টতো সন্দৰ্ভত আজি বিধায়ক অখিল গগৈয়ে সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
মন্ত্রী বিমল বড়া মন্ত্রী কেনেকৈ হ'ল : ক'লে সহপাঠী অখিল গগৈয়ে:
অখিল গগৈয়ে কয়,"আচলতে বিমল মোৰ লগৰ । জে বি কলেজত হায়াৰ ছেকেণ্ডৰী বিমল আৰু মই একেলগে পঢ়িছিলোঁ । সেই কাৰণে সি আৰু মই 'তই' বুলিয়ে মাতবোল কৰোঁ । ফেচবুক পোষ্টটো চালোঁ । বিমল আৰু বিমলৰ পাৰ্টী বহুত ডাঙৰ সংকটত পৰিছে । সাংস্কৃতিক মন্ত্রী বিমলৰ বিজেপি চৰকাৰে জুবিন দাক ন্যায় দিব নোৱাৰে আৰু ন্যায় দিয়াৰ বাবে কাম কৰা নাই । যি কৰিছে জুবিন দাৰ বিৰুদ্ধে কৰিছে । মই খবৰ লোৱা মতে মুখ্যমন্ত্রী মোৰ ওপৰত বহুত খঙত আছে । মুখ্যমন্ত্রী খঙত থকাৰ প্ৰতিফলনটো বিমলৰ ওপৰত পৰিছে ।"
তেওঁ লগতে কয়, "জুবিন দাৰ পক্ষত মাত মাতি থকাসকলক এজন এজনকৈ জে'লত দি আছে । প্ৰথমৰ পৰা মই মাত মাতি আছোঁ । যাৰ বাবে চৰকাৰখনে মোক বহুত বেয়া পাইছে । মুখ্যমন্ত্রীয়ে বেয়া পোৱা ভাৱটো প্ৰকাশ কৰিবৰ বাবে তথা মুখ্যমন্ত্রীক তেল মাৰিবৰ বাবে বিমলে এই চিঠিখন লিখিছে । যিটো কাম আচলতে বিজেপিৰ আই টি চেলটোৱে লিখিব লাগিছিল সেইটো কাম মন্ত্রী এজনে কৰিবলগীয়া পৰিস্থিতি হৈছে । প্ৰত্যেক দিনাই মই মুখ্যমন্ত্রীক আক্ৰমণ কৰি আছো বাবে এই কামটো কৰিবলগীয়া হৈছে । জুবিন গাৰ্গক ন্যায় দিয়াক লৈ মই সদায় মুখ্যমন্ত্রীক সমালোচনা কৰি আহিছোঁ । মুখ্যমন্ত্রীক ভাল লগাবৰ বাবে বিমলে এই চিঠিখন লিখিছে ।"
কংগ্ৰেছৰ পক্ষ লোৱা বুলি বিমল বড়াই কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি গগৈয়ে কয়,"বিমলে কৈছে যে মই কংগ্ৰেছৰ পক্ষ লৈছোঁ । মই এটা কথা কও যে ২০১৬ চনত কংগ্ৰেছক শাসনৰ পৰা খেদিবৰ বাবে আটাইতকৈ ডাঙৰ ভূমিকা মই আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লৈছিলোঁ । বিজেপিয়ে ভোটটো ল'লে কিন্তু আচলতে খেদিলোঁ আমি । বিমল মন্ত্রী হ'ল, কিন্তু বিমল মন্ত্রী হোৱাৰ যোগ্য নহয় । বিমল মোৰ লগত পঢ়িছিল আৰু মস্ত গাধা ল'ৰা আছিল । বিমলৰ একমাত্র কামটো আছিল আছুৰ নামত চান্দা তুলি খোৱা । সেই বিমল গৈ বিধায়ক হ'ল ।"
গগৈয়ে পুনৰ কয়,"একমাত্র সৰ্বানন্দ সোণোৱালৰ লগত সম্পৰ্ক ৰক্ষা কৰি বিধায়ক হ'ল । আছুৰ লগত সম্পৰ্ক ৰক্ষা কৰি পইচা-পাতি লৈ আছিল । তাৰ পাছত আছুৰ জৰিয়তে সৰ্বানন্দ সোণোৱালৰ লগত চিনাকি হৈ তেওঁ মন্ত্রী হ'ল । এইবাৰো তেওঁ সৰ্বানন্দ সোণোৱালৰ কোটাত মন্ত্রী হ'ল । এতিয়া তেওঁ সৰ্বানন্দ সোণোৱালক লাঠ মাৰি মাজে মাজে হিমন্ত বিশ্ব শৰ্মাৰ পক্ষও লয় ।"
তেওঁ কয়,"মই এটা কথা স্পষ্টভাৱে কওঁ যে কংগ্ৰেছ কোনো কাৰণতে মোৰ আপোন নহয়, হৃদয়ৰ নহয় । কংগ্ৰেছক আমি খেদাৰ পিছত কংগ্ৰেছতকৈ বেয়া শক্তি এটা আহি গ'ল আৰু সেইটো হৈছে বিজেপি । এই দলটোৱে কেৱল হিন্দু-মুছলমানৰ কাজিয়া লগায় । ই এনেকুৱা এটা দল যি সংবিধান নামানে, মানুহক এনকাউণ্টাৰ কৰে ।"
সামাজিক মাধ্যম যোগে অখিল গগৈক কি কৈছিল বিমল বড়াই:
আনহাতে, বিধায়ক অখিল গগৈক উদ্দেশি সামাজিক মাধ্যমযোগে মন্ত্রী বিমল বড়াই কয়, "অ’ই অখিল..(Akhil Gogoi মাননীয় বিধায়ক, শিৱসাগৰ বিধান সভা সমষ্টি) (মোৰ সহপাঠী বন্ধু) । অসমখনত বহুত জনা-বুজা লোক আছে । মই জেবি কলেজৰ সাধাৰণ সম্পাদক হৈ থাকোতে তই কটনৰ আলোচনী সম্পাদক হ’বলৈ আছুৰ সমৰ্থন পাবলৈ মোক খাটনি জুৰিছিলি..। তেতিয়া মোক কৈছিলি সমুজ্জ্বলদাক এবাৰ কৈ দে… মোক Support কৰি দিবলৈ…মই তেতিয়া কৈছিলো মোক কথা দে যে তই আছুক গাদ্দাৰী নকৰো বুলি…তই কথা দিছিলি ..। (কাৰণ সেই সময়ত যিয়েই আছুৰ সমৰ্থনত মহাবিদ্যালয়ৰ নিৰ্বাচনত জয়ী হয় …পৰৱৰ্তী সময়ত কংগ্ৰেছে টকাৰ বিনিময়ত ক্ৰয় কৰি লৈ যায়)।"
মন্ত্ৰী বড়াই লিখে,"মোৰ সহপাঠী হোৱাৰ সুবাদতে তোক সমৰ্থন দিবলৈ মই সমুজ্জ্বলদাক কাবৌ কোকালি কৰিছিলোঁ..। যদিও তই বাওঁপন্থীৰ শ্ৰুতলিপিত ইতিমধ্যেই চলা আৰম্ভ কৰিছিলি… কংগ্ৰেছক প্ৰতিহত কৰিবলৈকে তোক আছুয়ে কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সহায় কৰিছিল । কাৰণ আছুৱে তোক বাওঁপন্থী বুলি জনা নাছিল অথবা ময়ো তই বাওঁপন্থীৰ শিৱিৰত যোগ দিছিলি বুলি জনা নাছিলোঁ । পৰৱৰ্তী নিৰ্বাচনত আছুৰ সমৰ্থনত তই সাধাৰণ সম্পাদক হ’লি । আমাৰ (আছু) উদ্দেশ্য আছিল জাতিদ্ৰোহী কংগ্ৰেছক ছাত্ৰ ৰাজনীতিত প্ৰতিহত কৰা…। কিন্তু তই আজি কংগ্ৰেছৰ চুৱা চেলেকিবলৈ যেনেকে উদ্বাউল হৈ আছ..।"
মন্ত্রীগৰাকীয়ে কয়,"তোৰ এই কাৰ্যকলাপ দেখি তোৰ সহপাঠী হিচাপে আজীৱন কংগ্ৰেছ বিৰোধী স্থিতিত থকা মই নিজেই লজ্জ্বা অনুভৱ কৰিছোঁ । কাৰণ যি কংগ্ৰেছে ধৰ্মৰ নামত আমাৰ দেশ বিভাজন (১৯৪৭)কৰিলে…হিন্দুস্তান -পাকিস্তান । যি কংগ্ৰেছে চীনা আক্ৰমণৰ সময়ত (১৯৬২) অসমৰ জনসাধাৰণক ৰক্ষা কৰিব নোৱাৰি তেতিয়াৰ কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল My heart goes to the people of Assam…।"
সামাজিক মাধ্যমৰ প'ষ্টত লিখে,"যি কংগ্ৰেছে Grow More Food আঁচনিৰে তেতিয়াৰ পূৱ পাকিস্তান (বৰ্তমানৰ বাংলেদেশ)ৰ মৈমনসিঙিয়া মিয়া আনি অসমত সংস্থাপিত কৰিছিল । যি কংগ্ৰেছে মিয়াৰ আগ্ৰাসানৰ পৰা অসমক ৰক্ষা কৰিবলৈ অসমীয়া ৰাইজে কৰা ছবছৰীয়া অসম আন্দোলনত অংশ গ্ৰহণ কৰা ৮৫৫ লোকক হত্যা কৰিছিল…। হাজাৰ হাজাৰ অসমীয়া জীয়ৰী বোৱাৰীক যৌন নিৰ্যাতন চলাই ধৰ্ষিতা কৰাইছিল..। হাজাৰ হাজাৰ লোকক পংগুত্বৰ জীৱন আঁকোৱালি লবলৈ বাধ্য কৰাইছিল...।"
বড়াই পুনৰ লিখে,"যি কংগ্ৰেছে হাজাৰ হাজাৰ অসমীয়া যুৱকৰ গুপ্তহত্যা কৰিছিল । যি কংগ্ৰেছে ২০০১ চনৰ পৰা ২০১৫ চনলৈকে অসম শাসন কৰা সময়ছোৱাত সাধাৰণ এটা চৰকাৰী চাকৰি পাবলৈ শিক্ষিত যুৱক-যুৱতীক লাখ লাখ টকাৰ উপঢৌকন দিবলৈ বাধ্য কৰাইছিল…। APSC ৰ দৰে সংস্থাক ভূ-লুণ্ঠিত কৰিছিল...। যি কংগ্ৰেছে ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱক ভাৰত ৰত্ন প্ৰদানৰ সময়ত বিৰোধিতা কৰিছিল..। যি কংগ্ৰেছে অসমত Semiconductor স্থাপনৰ বিৰোধিতা কৰিছে..। সেই কংগ্ৰেছৰ দয়াৰ পাত্ৰ হ’বলৈ তই ব্যাকুল হৈ অস্থিৰতা প্ৰদৰ্শন কৰা কাৰ্যত মই আশ্চৰ্যবোধ কৰিছোঁ ।"
অখিল গগৈক সমালোচনা কৰি বিমল বড়াই কয়,"তই যেনেকুৱা আচৰণ প্ৰদৰ্শন কৰি আছ’…। তই নাভবিবি যে অসমখনত জনা-বুজা শিক্ষিত লোকৰ অভাৱ হৈছে...। অসমখনত বহুত জনা-বুজা লোক আছে…..। যদি অসমক ভাল পাৱ’ সঁচাকৈয়ে..। তোৰ এই মিয়া প্ৰীতি বন্ধ কৰ । জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুক লৈ কৰা খেলখন বন্ধ কৰ, কাৰণ তেওঁ Politics নকৰিবা বন্ধু বুলি গান এটাও লিখি থৈ গৈছে….।"

