ETV Bharat / politics

প্ৰসংগ অসম চুক্তি ৰূপায়ণ: সদনত অতুল বৰা-অখিল গগৈৰ তীব্ৰ বাকযুদ্ধ

অখিল গগৈক আনৰ প্ৰশ্নত অহেতুক হস্তক্ষেপ নকৰিবলৈ সৰ্তক কৰিলে অধ্যক্ষই ।

War of Words beteen Atul Bora and Akhil Gogoi regarding the Assam Accord in Assembly
অসম চুক্তিৰ প্ৰসংগত অখিল গগৈক সমালোচনা অতুল বৰাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 8, 2026 at 7:08 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে তৃতীয় দিনা সদনৰ প্ৰশ্নোত্তৰ কালত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হয় । অসম চুক্তিৰ ৬ নম্বৰ দফাক লৈ আলোচনা হয় সদনত ৷ কিন্তু সেই আলোচনাৰ মাজতে অসম চুক্তিৰ প্ৰসংগত অতুল বৰাৰে বিধায়ক অখিল গগৈৰ বাকযুদ্ধ হয় ।

অখিল গগৈৰ প্ৰশ্নক লৈ উত্তপ্ত হৈ পৰে সদন । সদনত বিধায়ক প্ৰকাশ দাসে অসমত বিদেশী কিমান আছে এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰীৰ পৰা জানিব বিচৰাত বিষয়টোক কেন্দ্ৰ কৰি অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী অতুল বৰা আৰু বিধায়ক অখিল গগৈৰ মাজত তীব্ৰ বাকযুদ্ধ হয় । কিছু সময় ধৰি তর্ক-বিতর্ক অব্যাহত থকাৰ মাজতে অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে অখিল গগৈক শেষ সকীয়নি দি আনৰ প্ৰশ্নত অহেতুক হস্তক্ষেপ নকৰিবলৈ সৰ্তক কৰি দিয়ে ।

অসম চুক্তিৰ প্ৰসংগত অখিল গগৈক সমালোচনা অতুল বৰাৰ (ETV Bharat Assam)

উল্লেখ্য যে মন্ত্রী অতুল বৰাই বক্তব্য দি থকাৰ মাজতে বিধায়ক অখিল গগৈয়ে 'কি উত্তৰ দি আছে' বুলি প্ৰশ্ন কৰে । লগে লগে সৰৱ হৈ পৰে মন্ত্রী অতুল বৰা আৰু শাসকীয় দলৰ কেইবাজনো বিধায়ক । অখিল গগৈয়ে কয়, "আপুনি সাধুকথা কৈ থাকিব আৰু মনে মনে শুনি থাকিব লাগিব । এনে হ'লে আমি শুই থাকিব লাগিব । লাগে মোক উলিয়াই দিয়ক ।" মন্ত্রী অতুল বৰাই কয়, "মই ভালদৰে উত্তৰ দিয়াৰ চেষ্টা কৰিছো; কিন্তু বাৰে বাৰে বাধা দি আছে ।" মন্ত্রীগৰাকীয়ে অখিল গগৈক উদ্দেশি খঙতে কয়, "আপুনি কিয় সদায় মাজতে মাত মাতে । আপুনি এনেকুৱা কৰি নাথাকিব ।" লক্ষণীয় বিষয় যে মন্ত্ৰী অতুল বৰা আৰু বিধায়ক অখিল গগৈৰ তীব্ৰ বাক-বিতণ্ডাৰ বাবে বহু সময় সদন স্থবিৰ হৈ পৰে ।

ইফালে, এই সন্দৰ্ভত সদনৰ বাহিৰত মন্ত্রী অতুল বৰাই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "অখিল গগৈয়ে সদনত উদ্ভণ্ডালিৰে ৰেকৰ্ড কৰিবলৈ গৈছে । সদনৰ মজিয়াত অখিল গগৈৰ আচৰণ গ্ৰহণযোগ্য নহয় । অসম চুক্তিৰ প্ৰসংগত গুৰুত্বপূৰ্ণ আলোচনা চলি আছিল; কিন্তু অখিল গগৈৰ স্বভাৱগত প্ৰবৃত্তি আজি প্ৰকাশ পালে । ইয়াৰ দ্বাৰা সামগ্ৰিকভাৱে আমাৰ সকলোৰে ক্ষতি হ'ব আৰু বিধানসভাৰ মৰ্যাদা হানি হ'ব । কিয় এনে কৰে মই নাজানো । সাধাৰণতে নৰ্মেল মানুহে এনে কৰিব নোৱাৰে । তেওঁ জানিব বিচৰাখিনি মই কৈছো । সদনৰ বাহিৰত আৰু ভিতৰত অখিল গগৈৰ ভূমিকা ঠিক কথা হোৱা নাই । এইটো এটা অশুভ পৰম্পৰা ।"

লগতে পঢ়ক:ছিণ্ডিকেট কোনে চলায় ? বিধানসভাত মন্ত্ৰী জয়ন্ত-বিধায়ক অখিলৰ মাজত তুমুল বাকযুদ্ধ

অসমত ড্ৰাগছৰ ভয়াৱহ ৰূপ: সদনত তথ্য দিলে মন্ত্রী পীযুষ হাজৰীকাই

অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ ১ লাখ কোটি হ'লেও বিপদসীমাৰ তলত: বিত্তমন্ত্ৰী