বৰাকৰ ৩ জিলাৰ ১৩ বিধানসভা সমষ্টিত ভোটগ্ৰহণ সুকলমে সম্পন্ন : ৮০ শতাংশৰ ওপৰত ভোটদান
নিৰ্বাচন আয়োগৰ তথ্য মতে, কাছাৰ জিলাত গড় ভোটদানৰ হাৰ ৮২.১৯ শতাংশ, শ্ৰীভূমি জিলাত ৮৩.৩৫ শতাংশ আৰু হাইলাকান্দিত ৭৮.৯০ শতাংশ ।

Published : April 9, 2026 at 8:44 PM IST
শিলচৰ : ষষ্ঠদশ অসম বিধানসভা নিৰ্বাচনৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণ পৰ্ব বৃহস্পতিবাৰে বিয়লি ৫ বজাত সমাপ্ত হয় । কাছাৰ জিলাৰ সাতটা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ পৰ্ব শান্তিপূৰ্ণভাৱে অন্ত পৰে। ভোটদানৰ বাবে নিৰ্ধাৰিত সময় বিয়লি ৫ বজালৈকে আছিল ।
নিৰ্বাচন আয়োগৰ তথ্যমতে, কাছাৰ জিলাৰ সাতটা বিধানসভা সমষ্টিৰ মুঠ গড় ভোটদানৰ হাৰ হৈছে ৮২.১৯ শতাংশ ।
বিধানসভাৰ সমষ্টি ভিত্তিত ভোটদানৰ হাৰ হৈছে :
- ১১৪ নং লক্ষীপুৰ বিধানসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ : ৮৩.৭০ শতাংশ
- ১১৫ নং উদাৰবন্দ বিধানসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ : ৮১.৬৯ শতাংশ
- ১১৬ নং কাটিগড়া বিধানসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ : ৮৬.৩৭ শতাংশ
- ১১৭ নং বৰখলা বিধানসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ হৈছে : ৮৩.৯৬ শতাংশ
- ১১৮ নং শিলচৰ বিধানসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ হৈছে : ৭৯.৯৭ শতাংশ
- ১১৯ নং সোণাই বিধানসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ হৈছে : ৮০.৯২ শতাংশ
- ১২০ নং ধলাই বিধানসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ হৈছে . ৭৮.৫৫ শতাংশ
কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত কাছাৰ জিলাৰ সাতটা বিধানসভা সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া । অৱশ্যে পুৱাৰে পৰা বতৰ অলপ বেয়া হ'লেও ৰাইজে স্বতঃস্ফূৰ্তভাৱে ভোটদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
এই প্ৰতিবেদন যুগুত কৰালৈকে বৰাক উপত্যকাৰ পৰা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ খবৰ পোৱা হোৱা নাই । ভোটগ্ৰহণ কৰ্মীসকলে ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা শিলচৰ ৰামনগৰৰ আই এছ বি টিলৈ ইভিএম লৈ ৰাওনা হৈছে । ইয়াতেই কাছাৰ জিলাৰ সাতটা বিধানসভা সমষ্টিৰ বাবে জিলা প্ৰশাসনে ষ্ট্ৰং ৰুমৰ ব্যৱস্থা কৰিছে ।
আনহাতে, শ্ৰীভূমি জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ মুঠ ভোটদানৰ গড় হাৰ হৈছে ৮৩.৩৫ শতাংশ ।
জিলাখনৰ বিধানসভা সমষ্টি ভিত্তিক ভোটদানৰ হাৰ হৈছে :
- ১২৩ নং উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ হৈছে : ৮৪.৫৭ শতাংশ
- ১২৪ নং দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ হৈছে : ৮১.৩৩ শতাংশ
- ১২৫ নং পাথাৰকান্দি বিধানসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ হৈছে : ৮৩.৩৯ শতাংশ
- ১২৬ নং ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ হৈছে : ৮৪.৫২ শতাংশ
আনহাতে, হাইলাকান্দি জিলাৰ দুটা বিধানসভা সমষ্টিৰ মুঠ গড় ভোটদানৰ হাৰ হৈছে ৭৮.৯০ শতাংশ ।
বিধানসভা ভিত্তিক ভোটদানৰ হাৰ হৈছে :
- ১২১ নং হাইলাকান্দি বিধানসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ হৈছে : ৭৮.৫১ শতাংশ
- ১২২ নং আলগাপুৰ-কাটলিছেড়া বিধানসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ হৈছে : ৭৯.২১ শতাংশ

