ETV Bharat / politics

দুসপ্তাহৰ ভিতৰত তামিলনাডুত চৰকাৰ গঠন কৰিব বিজয়ে

বিধায়িনী দলৰ নেতা নিৰ্বাচিত বিজয় ৷ ২৩৪ খন আসনৰ ভিতৰত ১০৮ আসন লাভৰে তামিলনাডুত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে টিভিকে ৷

VIJAY THALAPATHY
তামিলনাডুত বিজয়ৰ বিজয় হ'লেও চৰকাৰ গঠনক লৈ চিন্তিত (IANS)
author img

By ETV Bharat Assamese Team

Published : May 5, 2026 at 4:13 PM IST

2 Min Read
Choose ETV Bharat

চেন্নাই: চিনেমা জগতৰ পৰা সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিয়ে তামিলনাডুৰ ৰাজনীতিত পৰিৱৰ্তনৰ ধুমুহা আনিবলৈ সক্ষম হ'ল দক্ষিণ ভাৰতৰ চিনেমাৰ চুপাৰষ্টাৰ বিজয় থালাপতিয়ে ৷ নিৰ্বাচনলৈ ছটামাহ থকাৰ সময়তে তামিলাগা ভেট্ৰি কাজাগাম চুমকৈ টিভিকে নামেৰে ৰাজনৈতিক দল গঠন কৰি দেশবাসীৰ মাজত চৰ্চালৈ আহিছিল চুপাৰষ্টাৰ বিজয় থালাপতিয়ে ৷ তামিলনাডুবাসীৰ মন জয় কৰিবলৈ সক্ষম হোৱা বিজয় থালাপতিয়ে ২০২৬ৰ বিধানসভা নিৰ্বাচনত ২৩৪ খন আসনৰ ভিতৰত ১০৮ আসন লাভৰে তামিলনাডুত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে ৷

আনহাতে মঙলবাৰে তামিলনাডুৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰলেখাৰলৈ চৰকাৰ গঠনৰ বাবে সময় বিচাৰি পত্ৰ লিখিছে বিজয় থালাপতিয়ে ৷ ইফালে মঙলবাৰে চেন্নাইত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত টিভিকেৰ মুৰব্বী বিজয় থালাপতিক বিধানসভাৰ দলীয় নেতা হিচাপে নিৰ্বাচিত কৰা হয় ৷ উল্লেখ্য যে, সোমবাৰে তামিলনাডু বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি, টিভিকেই ৩৪.৯২ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে এমকে ষ্টেলিন নেতৃত্বাধীন ডিএমকেই ২৪.১৯ শতাংশ ভোট লাভেৰে ৫৯খন আসন, এআইএডিএমকেই ২১.২১ শতাংশ ভোট লাভ কৰি ৪৭খন আসন লাভ কৰে ৷

মঙলবাৰে চৰকাৰ গঠনৰ সন্দৰ্ভত টিভিকেৰ মুৰব্বী বিজয়ে ৰাজ্যপাল ৰাজেন্দ্ৰ আৰলেখাৰলৈ লিখা পত্ৰত উল্লেখ কৰিছে যে, চৰকাৰ গঠনৰ বাবে দুটা সপ্তাহৰ প্ৰয়োজন হ'ব ৷ আনহাতে, চৰকাৰ গঠন কৰিবলৈ বৰ্তমানো ১০ খন আসনৰ প্ৰয়োজন টিভিকেক ৷ উল্লেখ্য যে, চৰকাৰ গঠনৰ বাবে মেজিক নম্বৰ ১১৮ ৷ ইফালে বিজয়ে প্ৰতিদ্বন্দ্বিতা কৰা দুয়োটা সমষ্টিতে জয়লাভ কৰিছে যদিও ইয়াৰে এখন আসন তেওঁ এৰি দিব লাগিব ৷

উল্লেখ্য যে, তামিলনাডুত বিজয় থালাপতিয়েই প্ৰথম নহয় যি অভিনয় জগতৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰি সফলতা লাভ কৰিছে ৷ ইয়াৰ পূৰ্বে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জয়াললিতা, কমল হাছান অভিনয় জগতৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক:তামিনাডুত বিজয় চৰকাৰ ! প্ৰথম নিৰ্বাচনতে সৰ্বাধিক আসন লাভ কৰিও চৰকাৰ গঠনক লৈ চিন্তিত বিজয়