২০২৬ ত বিজেপিয়ে প্রচণ্ড বিজয় সাব্যস্ত কৰিব: বাজপেয়ী ভৱনত বিজয় উৎসৱত দিলীপ শইকীয়া
আবতৰীয়া দেৱালীত মুখৰ হৈ পৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয় । সকলোৱে মিঠাই খাই পৰস্পৰে পৰস্পৰক বিহাৰ নিৰ্বাচনৰ বিশাল জয়ৰ শুভেচ্ছা জ্ঞাপন কৰে ।

Published : November 14, 2025 at 10:30 PM IST
গুৱাহাটী: বিহাৰত এন ডি এৰ বিশাল বিজয়ৰ পাছতে গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজয় উৎসৱ উদযাপন কৰা হয় । বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সৈতে বিজয় উৎসৱত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই । আবতৰীয়া দেৱালীত মুখৰ হৈ পৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয় । সকলোৱে মিঠাই খাই পৰস্পৰে পৰস্পৰক বিহাৰ নিৰ্বাচনৰ বিশাল জয়ৰ শুভেচ্ছা জ্ঞাপন কৰে ।
এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে বাজপেয়ী ভৱনত । বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এৰ বিশাল বিজয়ৰ পিছতে ৰাজ্যিক সভাপতিগৰাকীয়ে বিজেপিৰ অসম প্ৰদেশৰ সকলো কাৰ্যকৰ্তাৰ হৈ বিহাৰবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।
দিলীপ শইকীয়াই কয়, ‘‘বিহাৰ নিৰ্বাচনৰ ঐতিহাসিক বিজয়ে বিজেপিৰ অসম প্ৰদেশৰ কাৰ্যকর্তা সকলোকো দুগুণ উৎসাহিত কৰি তুলিব আৰু ২০২৬ৰ অসমৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটে প্রচণ্ড বিজয় সাব্যস্ত কৰিব । কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে ২০১৪ চনৰ পৰা বিকশিত ভাৰতৰ লক্ষ্যৰে ভাৰতবৰ্ষৰ সকলো অঞ্চল সামৰি সম উন্নয়ন আৰু সম বিকাশৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম-কাজ কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নমূলক আঁচনি তথা বিহাৰৰ বিজেপি-জে ডি ইউ মিত্ৰজোঁটৰ চৰকাৰখনৰ 'এক বিহাৰ শ্ৰেষ্ঠ বিহাৰ' নিৰ্মাণৰ বাবে নিৰলস প্রচেষ্টাৰ ফলশ্ৰুতিত বিগত সময়ছোৱাত বিহাৰৰ সৰ্বস্তৰৰ উন্নয়ন সম্ভৱ হৈছে । যাৰ ফলত বিহাৰৰ জনসাধাৰণে এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপি-জে ডি ইউ মিত্রজোঁটক হিলদল ভাঙি ই ভি এমৰ জৰিয়তে আর্শীবাদ প্ৰদান কৰিছে ।’’

উল্লেখ্য যে শুকুৰবাৰে বিহাৰৰ নিৰ্বাচনী ফলাফলত নীতিশ কুমাৰৰ নেতৃত্বাধীন জে ডি ইউ আৰু ভাৰতীয় জনতা পাৰ্টী তথা মিত্ৰজোঁটৰ বৃহৎ বিজয়ে পুনৰবাৰ বিহাৰত ৰাষ্ট্ৰীয়তাবাদক প্রতিষ্ঠা কৰিলে বুলি মত প্ৰকাশ কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে বিহাৰৰ সমূহ জনগণক ভাৰতীয় জনতা পার্টী-জে ডি ইউ মিত্রজোঁটক আর্শীবাদ প্ৰদান কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ কয়, ‘‘জনসংঘৰ প্ৰতিষ্ঠাপক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ সৃষ্টি একাত্ম মানৱতাবাদৰ দৰ্শনক শিৰোগত কৰি নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি ইউ আৰু ভাৰতীয় জনতা পার্টী তথা মিত্ৰজোঁটৰ বিগত চৰকাৰখনে বিহাৰত সকলোৰে বাবে খোৱাপানী, বিজুলীবাতি, পকাঘৰ, স্ব-নিৰ্ভৰশীলতাৰ বিভিন্ন আঁচনিৰ জৰিয়তে মহিলা সবলীকৰণ, যুৱকসকলৰ বাবে নিবনুৱা ভাট্টা আদি আঁচনিয়ে দৰিদ্ৰজনৰ সকাহ দিয়াৰ লক্ষ্যৰে কাম-কাজ কৰিছিল । যাৰ ফলশ্ৰুতিত বিহাৰৰ জনসাধাৰণে এককভাৱে ভাৰতীয় জনতা পাৰ্টী আৰু জে ডি ইউ মিত্ৰজোঁটক ভোটদান কৰি বিৰোধীক ধূলিস্যাৎ কৰিলে । এই নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছৰ সংখ্যালঘু তুষ্টিকৰণ আৰু বিহাৰক জাতিভিত্তিক বিভাজনৰ ৰাজনীতিক জনসাধাৰণে নস্যাৎ কৰিলে ।’’

আনহাতে বিহাৰৰ নিৰ্বাচনী ফলাফলে অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনত প্রভাৱ পেলাব বুলি মন্তব্য কৰি তেওঁ কয়, ‘‘কংগ্ৰেছ দল বর্তমান এক দূৰন্ত সূৰ্য আৰু বিহাৰত এই কথা প্রমাণিত হ'ল । কংগ্ৰেছৰ লগত লালুপ্ৰসাদ যাদৱৰ আৰ জে ডি দলৰ দৰে শক্তিশালী ৰাজনৈতিক দলটোৱে মিত্রতা স্থাপন কৰি এইবাৰ নিৰ্বাচনত মুখ থেকেচা খাবলগা হ'ল । অনুৰূপ ধৰণেৰে অসম কংগ্ৰেছৰ লগত অসমৰ কেইটামান আঞ্চলিক ৰাজনৈতিক দলে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মিত্রতা স্থাপনৰ যি কুচকাৱাজ কৰিছে, তাৰ ফলাফল নিৰ্বাচনত সাৰ শূন্য হ'ব ।’’

তেওঁ কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ অৱস্থা আগন্তুক বিধানসভা নিৰ্বাচনত বিহাৰতকৈও বেয়া হ'ব বুলি ভৱিষ্যতবাণী কৰে ।
লগতে পঢ়ক: এই বিজয়ে আমাক ৰাজ্যখনক নতুন শিখৰলৈ লৈ যাবলৈ উৎসাহিত কৰিছে: প্ৰধানমন্ত্ৰী মোদী

