ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰামৰ জৰিয়তে অসমৰ ১৪০খন গাঁৱে লাভ কৰিব সা-সুবিধা : অমিত শ্বাহ
সমগ্ৰ দেশতে আৰম্ভ হ'ল ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰাম-২ । ইয়াৰ জৰিয়তে অনুপ্ৰৱেশ ৰোধ কৰাত সহায় কৰিব বুলি উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ।

By PTI
Published : February 20, 2026 at 7:51 PM IST
গুৱাহাটী: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে অসমৰ কাছাৰ জিলাৰ পৰা সমগ্ৰ দেশজুৰি ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰাম-২ কাৰ্যসূচী আৰম্ভ কৰে । এই প্ৰকল্পই সীমান্ত অঞ্চলৰ পৰা প্ৰব্ৰজন বন্ধ কৰাত সহায় কৰিব আৰু অনুপ্ৰৱেশ ৰোধ কৰাত সহায় কৰিব বুলি দৃঢ়তাৰে কয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ।
কাছাৰ জিলাৰ নাথানপুৰ গাঁৱত অনুষ্ঠিত সভাত ভাষণ প্ৰসংগত শ্বাহে কংগ্ৰেছে দেশৰ সীমান্ত খোলা ৰখাৰ অভিযোগ উত্থাপন কৰি অসমত অনুপ্ৰৱেশ ঘটায় বুলিও অভিযোগ উত্থাপন কৰে । লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত বিজেপি চৰকাৰে কাৰ্যকৰীভাৱে এই সমস্যাৰ সৈতে মোকাবিলা কৰা বুলি দাবী কৰে ।
তেওঁ অভিযোগ কৰে যে কংগ্ৰেছৰ শাসন কালত ৰাজ্যখনত কোনো উন্নয়নমূলক কাৰ্যসূচী আৰম্ভ কৰা নাছিল, কিন্তু এতিয়া দৈনিক ১৪ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে, যিটো দেশৰ ভিতৰতে সৰ্বোচ্চ ।
দেশৰ সীমান্তৱৰ্তী গাঁওসমূহৰ উন্নয়ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে অগ্ৰাধিকাৰ বুলি দৃঢ়তাৰে উল্লেখ কৰি শ্বাহে কয় যে দ্বিতীয় পৰ্যায়ৰ ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম (VVP)য়ে পাকিস্তান আৰু বাংলাদেশৰ সীমান্তৱৰ্তী ১৭খন ৰাজ্যৰ ৩৩৪টা ব্লকৰ অন্তৰ্গত ১৯৫৪খন গাঁও সামৰি ল’ব ।
শ্বাহে কয়, "সীমান্তৰ গাঁওসমূহৰ পৰা প্ৰব্ৰজন বন্ধ কৰাৰ লগতে এই আন্তঃৰ্জাতিক সীমাৰেখাৰ মাজেৰে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে ।" ইয়াৰ পূৰ্বে সীমান্তৱৰ্তী অঞ্চলসমূহক শেষ গাঁও বুলি গণ্য কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয়, "এইবোৰ কেৱল স্থানৰ ফালৰ পৰাই নহয়, উন্নয়ন, নিয়োগ, শিক্ষা, বিদ্যুৎ সংযোগ, পথ আৰু টেলিফোন সংযোগৰ ক্ষেত্ৰতো পিছপৰা ।"
গৃহমন্ত্ৰীয়ে কয়, "প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত লৈছিল যে সকলো সীমান্তৰ গাঁৱৰ উন্নয়ন কৰিব লাগিব আৰু সীমান্ত অঞ্চলত বাস কৰা লোকসকলক তেওঁলোকৰ জীৱিকা বৃদ্ধিৰ বাবে সকলো সা-সুবিধা প্ৰদান কৰিব লাগিব । তেওঁ কয় যে ৬৯০০ কোটি টকাৰ দেশজোৰা কাৰ্যসূচী (VVP-II)ৰ জৰিয়তে অসমৰ ৯খন জিলাৰ ২৬টা ব্লকৰ অন্তৰ্গত ১৪০খন গাঁৱকো সামৰি লোৱা হ’ব । অসমৰ ১৪০খন গাঁৱৰ আটাইকেইখনে দেশৰ বাকী অংশৰ দৰে সা-সুবিধা লাভ কৰিব ।"
নিৰাপত্তা, আঁচনিৰ পৰিপূৰকতা আৰু সংযোগৰ সৈতে জড়িত কেইবাটাও পৰিকল্পনা কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে বুলি শ্বাহে সদৰী কৰে । তেওঁ কয় যে বিজেপি চৰকাৰে অসমৰ বাবে এক লাভজনক ঔদ্যোগিক নীতিৰ সূচনা কৰিছে আৰু VVP-II ইয়াৰ এক গুৰুত্বপূৰ্ণ উপাদান । VVP-II-এ অত্যাৱশ্যকীয় আন্তঃগাঁথনি উন্নত কৰা, মৌলিক সেৱাৰ সুবিধা বৃদ্ধি কৰা আৰু বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰে, যাৰ ফলত 'বিকশিত ভাৰত ২০৪৭'ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সুৰক্ষিত, স্থিতিস্থাপক আৰু সমৃদ্ধিশালী কৰা হয় ।
এই গাঁওসমূহক শক্তিশালী কৰি এই কাৰ্যসূচীয়ে বাসিন্দাসকলক জাতিৰ চকু আৰু কাণ হিচাপে কাম কৰিবলৈও সক্ষম কৰে । যাৰ ফলত সীমান্ত সুৰক্ষা, সীমা অতিক্ৰম কৰা অপৰাধ প্ৰতিৰোধ আৰু আভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাত যথেষ্ট অৰিহণা যোগায় বুলি এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে । কংগ্ৰেছে দেশৰ সীমান্ত মুকলি কৰি থৈছিল, যাৰ ফলত অসমত অনুপ্ৰৱেশ ঘটিছিল । শাসন কালত দলটোৱে কোনো উন্নয়নমূলক কাৰ্যসূচী আৰম্ভ কৰা নাছিল । তেওঁ দাবী কৰে যে অসম চৰকাৰে ৰাজ্যত অনুপ্ৰৱেশ, হিংসা আৰু বিদ্ৰোহ বন্ধ কৰি দিছে । ইতিমধ্যে ৰাজ্যখনক বানপানীৰ পৰা মুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বিজেপি চৰকাৰে ।
২০০৪-২০১৪ চনলৈ কংগ্ৰেছে অসমৰ বাবে মাত্ৰ ১.২৮ লাখ কোটি টকাহে দিছিল, বিপৰীতে ৰাজ্যখনৰ উন্নয়নৰ বাবে বিগত ১০ বছৰত প্ৰধানমন্ত্ৰীয়ে ১৫ লাখ কোটি টকা বৃদ্ধি কৰিছে । ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে ৩০ হাজাৰ কোটি টকা, ৰে’লৱেৰ বাবে ৯৫ হাজাৰ কোটি, বিমানবন্দৰৰ বাবে ১০ হাজাৰ কোটি টকা প্ৰধানমন্ত্ৰীয়ে আবণ্টন দিছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ।
শ্বাহে দাবী কৰে যে অসমৰ উন্নয়ন শান্তি আৰু সুশাসনৰ বাবেই হৈছে আৰু অহা কেইবছৰমানৰ ভিতৰত ইয়াক উন্নত ৰাজ্য বুলি গণ্য কৰা হ’ব । যোৱা ১০ বছৰৰ ভিতৰত ৰাজ্যখন স্বাস্থ্যসেৱাৰ সুবিধাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু অসমতো ২৭ হাজাৰ কোটি টকাৰ অৰ্ধপৰিবাহী উদ্যোগ এটাও আহি পৰিছে বুলিও তেওঁ লগতে কয় ।
তেওঁ কয়, "বিজেপিয়ে যোৱা ১০ বছৰত অসমক সুৰক্ষিত আৰু উন্নত কৰি তুলিছে আৰু অহা পাঁচ বছৰত ৰাজ্যখনক বানমুক্ত কৰি তুলিব ।"

