
অৱশেষত বিজেপিৰে ৪০ বছৰীয়া সম্পৰ্ক ছেদ কৰি জাহাজত উঠিল ৰাজেন গোঁহাই
অসমবাসীৰ বাবে বিজেপি এটা ডাঙৰ শত্ৰু । অসমত হিটলাৰী শাসন চলাইছে বিজেপিয়ে । অজাপত যোগদান কৰিয়েই গোঁহাই সৰৱ বিজেপিৰ বিৰুদ্ধে ।

Published : November 5, 2025 at 6:27 PM IST
গুৱাহাটী : "বিজেপি ভুৱা হিন্দুত্ববাদৰ ওপৰত প্ৰতিষ্ঠিত । হিন্দুক ভয় খুৱাবলৈ মুছলমানৰ নাম ব্যৱহাৰ কৰে । নিজে কাজিয়া লগাই মুছলমানক বদনাম দিয়ে ৷" এই মন্তব্য বিজেপি এৰি আঞ্চলিক দল অসম জাতীয় পৰিষদত যোগদান কৰা ৰাজেন গোঁহাইৰ । অজাপত যোগদান কৰাৰ পাছতে ৰাজেন গোঁহায়ে এইদৰে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
উল্লেখ্য যে বুধবাৰে ৰাষ্ট্ৰীয় দল বিজেপি এৰি আঞ্চলিক দল অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ শিবিৰলৈ আহে প্ৰবীণ ৰাজনীতিক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, চাৰিবাৰৰ সাংসদ ৰাজেন গোঁহাই । বিগত মাহত বিজেপি ত্যাগ কৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোঁহায়ে বুধবাৰে আনুষ্ঠানিকভাৱে অজাপত যোগদান কৰে ।
গুৱাহাটীৰ দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ কনভেনচন চেণ্টাৰত আয়োজন কৰা এক অনুষ্ঠানত ৰাজেন গোঁহায়ে শতাধিক নেতা-কৰ্মীক লগত লৈ অজাপত যোগদান কৰে । অনুষ্ঠানত টাই আহোম জাতীয় পৰিষদৰ প্ৰাক্তন উপ-সভাপতি ৰাজকুমাৰ চেতিয়া, ডাঃ সিদ্ধাৰ্থ শৰ্মা, প্ৰাক্তন বিজেপি নেতা জ্যোতিপ্ৰসাদ নাথ, অভিযন্তা আব্দুল জলিলকে ধৰি শতাধিক নেতা-কৰ্মী আৰু ব্যক্তিবিশেষে অসম জাতীয় পৰিষদত যোগদান কৰে ।
অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাকে ধৰি দলীয় নেতৃত্বই যোগদান কৰাসকলক দললৈ আদৰণি জনায় । ইফালে অজাপত যোগদান কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী তথা প্ৰবীণ নেতা ৰাজেন গোঁহায়ে কয়, "মই সকলো কাম নিয়মানুৱৰ্তিতাৰে তথা অতি সততাৰে কৰোঁ । মই ফাংফুং কৰিব নোৱাৰোঁ । আজি এটা পবিত্ৰ দিন । এটা ভাল দিন বুলি ভাবি আজি যোগদান কৰিলোঁ । ৰাষ্ট্ৰীয় দলটোত মই ৪০ বছৰ দিছিলোঁ ।"

আনহাতে, অজাপত যোগদান সন্দৰ্ভত প্ৰাক্তন সাংসদগৰাকীয়ে কয়, "মই আজি ইয়ালৈ কিয় আহিলোঁ তেনে বহু প্ৰশ্ন আহিছে । মই চাৰিবাৰৰ সাংসদ কাৰোবাৰ আশীৰ্বাদত হোৱা নাছিলোঁ । নিজৰ বলত দল শক্তিশালী কৰি সাংসদ হৈছিলোঁ । মোৰ পোৱাটোত তেওঁলোকে বহুত দেখিছে । কিন্তু অন্যসকলৰ ফালে চালে দেখা যায় তেওঁলোকৰ ক্ষুধাৰ শেষেই নহয় । মই ক্ষুধা পূৰাবলৈ অহা নাই । মই কিবা বিচাৰি ইয়ালৈ অহা নাই । মই সেৱাৰ মনোভাবেৰে ইয়ালৈ আহিছো ।"
আনহাতে, বিজেপিৰ প্ৰসংগত তেওঁ কয়, "ৰাষ্ট্ৰীয় দলটোৰ মই বহু বিসংগতি দেখা পালোঁ । অসমক ৰক্ষা আৰু শক্তিশালী কৰিবলৈ হ’লে সকলো জাতি-জনগোষ্ঠীৰ, সকলো ভাষা-ভাষীৰ লোকক লগত লৈ আগবাঢ়ি যাব লাগিব । সকলো ভাষা-ভাষীৰ মাজত সমন্বয় হোৱাটো বিজেপিয়ে নিবিচাৰে । ৰাষ্ট্ৰীয় দল হ’লে আমি আমাৰ অসমখন দিল্লীৰ হাতত গতাই দিয়া হয় ।"
ইফালে ভাষণ প্ৰসংগত ৰাজেন গোঁহায়ে বিতৰ্কিত ব্যৱসায়ী আৰ এছ গান্ধী কিদৰে পীযুষ হাজৰীকাৰে সৈতে শিলৰ বেপাৰৰ অনুমতি ল’বলৈ আহিছিল সেই কথা উল্লেখ কৰে ।

বিজেপি চৰকাৰৰ প্ৰসংগত তেওঁ পুনৰ কয়, "এইখন চৰকাৰৰ মই ওচৰেই চাপিব নোৱাৰিলোঁ । আমাৰ কথাই নুশুনে তেওঁলোকে । তেওঁলোকে ৰাজতন্ত্ৰ চলাইছে, গণতন্ত্ৰ নহয় । অসমবাসী বিকল্পৰ সন্ধানত আছে । অসম গণ পৰিষদক ৰাইজে বিকল্প বুলি নাভাবে । আমাৰ হাতত সময় কম আছে ৷ দুটা মাহ আছে । দুমাহৰ ভিতৰত দলটো আমি বহু কষ্ট কৰি বহলাই লৈ যাব লাগিব ।"
মৃত্যুৰ আগমুহূৰ্তলৈ অসম জাতীয় পৰিষদত থাকিম বুলি সদৰী কৰি তেওঁ কয়, "মোৰ নিজৰ সত্তাটোৰ, মোৰ শৰীৰটোৰ, মোৰ চিন্তাৰ মালিক ময়েই । কোনোবাই মোৰ চিন্তা, সত্তাক লঠিয়াই দিব মই সহ্য নকৰোঁ । সেয়েহে মই ওলাই আহিলোঁ । বিজেপিৰ অৱহেলিত সকলো লোকক ওলাই আহিবলৈ মই আহ্বান জনাইছোঁ ।"
বিজেপিৰ হিন্দুত্বৰ ৰাজনীতি ভুৱা
অজাপত যোগদানৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজেন গোঁহায়ে কয়, "ৰাষ্ট্ৰীয় দল বিজেপিয়ে হিটলাৰী শাসন চলাইছে । সমাজ জীৱন ভাঙি চূড়মাৰ কৰি দিছে । সকলোৱে আজি অসুৰক্ষিত আৰু নিঃসহায় অনুভৱ কৰিছে । অসমবাসীৰ বাবে বিজেপি এটা ডাঙৰ শত্ৰু । হিটলাৰী শাসনৰ বাহিৰে একো দিয়া নাই । লুণ্ঠন চলাইছে । বিজেপিৰ হিন্দুত্বৰ ৰাজনীতি ভুৱা । এই ৰাজনীতি বেছিদিন নচলে ।"
বিজেপি-অগপ মিত্ৰতা সন্দৰ্ভত তেওঁ কয়, "মই অগপকো মূৰ জোকাৰি ওলাই আহিবলৈ আহ্বান জনাইছোঁ । জুবিন গাৰ্গে কোৱাৰ দৰে অসমৰ পথাৰ আৰু বজাৰ আমাৰ হাতলৈ আহিব লাগে । জুবিনৰ সেই আদৰ্শ লৈ আমি আগবাঢ়িম । পথাৰক এৰি কোনো জাতি আগবাঢ়িব নোৱাৰে ।"
কংগ্ৰেছৰ প্ৰসংগত তেওঁ কয়, "কংগ্ৰেছৰ সৈতে মোৰ মতবিৰোধ আছে । যিকোনো ৰাষ্ট্ৰীয় দলৰ প্ৰতি অনীহা আছে । কিন্তু সময়ৰ আহ্বানৰ প্ৰতি সন্মান জনাই কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিম । কংগ্ৰেছত সকলো মানুহ বেয়া নহয় । যিসকল মানুহে কংগ্ৰেছত বেয়া কাম কৰিছিল তেওঁলোকে এতিয়া বিজেপিৰ নেতৃত্ব লৈ আছে ।"

আনহাতে, পুত্র নৱাৰুণ গোঁহাইৰ প্ৰসংগত তেওঁ কয়, "বিজেপিয়ে তাক পদ দিছে দেউতাকক নিয়ন্ত্ৰণ কৰিব পাৰিম বুলি । পিতৃয়ে যিহেতু বেয়া পথত যোৱা নাই, সেয়ে পুত্ৰও বিজেপিৰ পৰা ওলাই আহিব লাগে ।"
অনুষ্ঠানত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "অসমৰ মাটিত অসমৰ মানুহে যাতে মেৰুদণ্ড পোন কৰি থিয় হৈ থাকিব পাৰে তাৰবাবে আজিৰ এই দিনটো আমাৰ বাবে গুৰুত্বপূৰ্ণ । অসমৰ মাটিত জাতীয়তাবাদৰ পুনৰুত্থান কৰিবৰ বাবে জাতীয় পৰিষদত যোগ দিবলৈ আহিছে ৰাজেন গোঁহাই । য’ত সংকট থাকিব, য’ত প্ৰত্যাহ্বান থাকিব, তাতে সম্ভাৱনা থাকিব । এতিয়া যুঁজাৰ সময়, ঐক্যবদ্ধ হোৱাৰ সময় ।"
ৰাজেন গোঁহাইৰ অজাপত যোগদান প্ৰসংগত তেওঁ কয়, "আজিৰ দিনটোৰ পৰা অসমৰ ৰাজনৈতিক দিনৰ পট পৰিৱৰ্তন হ’ব । জাতীয় দায়বদ্ধতাৰে কাম কৰি থাকিলে এদিন নহয় এদিন অসমত জাতীয়তাবাদৰ পতাকা উৰিবই উৰিব । আজিৰ যোগদান কাৰ্যসূচীয়ে এটা বিশেষ বাৰ্তা ৰাজ্যৰ সমাজ জীৱনলৈ যাব । কম দিনৰ ভিতৰত প্ৰান্তে প্ৰান্তে যোগদান কাৰ্যসূচী আৰম্ভ হ’ব । মানুহৰ মাজত শক্তি, সাহস আৰু জাতীয় চেতনা দিনে দিনে বৃদ্ধি পাইছে । অসমৰ জাতীয় জীৱনলৈ সুদিন অহাৰ বতৰা আমি পাইছোঁ । ৰাজেন গোঁহাইৰ অভিজ্ঞতাই আমাক যথেষ্ট সহায় কৰিব ।"
আনহাতে, অজাপৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, "সোঁতৰ বিপৰীতে আমি আগুৱাই গৈছোঁ । ক্ষমতাত থকা সত্ত্বেও অসমৰ স্বাৰ্থৰ বাবে ওলাই আহিছে । এজনো বিধায়ক নথকা সত্ত্বেও আমি যুঁজি আহিছোঁ । কোনো ওলাই যোৱা নাই । বিজেপিক প্ৰতিষ্ঠা কৰা ৰাজেন গোঁহাই আজি আমাৰ দললৈ আহিছে । প্ৰত্যাহ্বান জনাব পৰা শক্তি ৰাজেন গোঁহাই । আমাৰ বাবে নতুন প্ৰাপ্তি । দুই শাতধিক কৰ্মীক লৈ আজি তেওঁ আমাৰ দললৈ আহিছে । নতুন ধ্যান-ধাৰণাৰে আমি আগুৱাই যাম ।"
ৰাজেন গোঁহাইৰ যোগদান অনুষ্ঠানত অজাপৰ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে ।
উল্লেখ্য যে এসময়ত ৰাজ্যত বিজেপিৰ কোনো সংগঠন নথকাৰ সময়ত ৰাজ্যিক বিজেপিক সন্মুখৰ পৰা নেতৃত্ব দি সাংগাঠনিক তৎপৰতা বৃদ্ধি কৰাৰ লগতে নগাঁও সংসদীয় সমষ্টিৰ পৰা একেৰাহে চাৰিবাৰকৈ বিজয়ী হৈছিল ৰাজেন গোঁহাই । আনকি তেওঁ ২০১৪ চনত নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত ৰে’ল ৰাজ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত ৰাজেন গোঁহাইক কেবিনেট মৰ্যাদা দি খাদ্য আৰু অসামৰিক নিগমৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ।
কিন্তু একাদিক্ৰমে ২০১৯ আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত দলীয় টিকট লাভৰ পৰা বঞ্চিত হৈছিল ৰাজেন গোঁহাই । একেদৰে ৰাজ্যসভাৰ সদস্য পদৰ পৰাও বঞ্চিত হৈছিল । যাৰবাবে মনে মনে ক্ষোভিত হৈ থাকি সময়ে সময়ে দলৰ ভিতৰত থাকিও কেতবোৰ মন্তব্য দি দলৰ ৰোষত পৰি ক্ৰমাৎ দলৰ মজিয়াত একাষৰীয়া হৈ পৰিছিল ।
অৱশেষত ৰাজেন গোঁহায়ে চলিত বৰ্ষৰ ৯ অক্টোবৰত বিজেপিৰ সকলো দায়িত্বৰ পৰা পদত্যাগ কৰে । ৰাজেন গোঁহায়ে বিজেপিত থকা দীৰ্ঘকালীন সময়ছোৱাত ৰাজ্যিক বিজেপিৰ সভাপতিৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীৰো আসন অলংকৃত কৰিছিল । ৰাজেন গোহাঁয়ে ১৯৯১ চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । লগতে তেওঁ লোকসভাৰ সদস্য হিচাপে ৪টা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল । বিজেপি ত্যাগ কৰাৰ পিছত বুধবাৰে তেওঁ আনুষ্ঠানিকভাৱে অজাপত যোগদান কৰে ।

