ETV Bharat / politics

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ ভি ডি সতীশনৰ

কেৰালামৰ নিৰ্বাচনত ১৪০ জনীয়া বিধানসভাত ইউডিএফে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে অভিলেখ সৃষ্টি কৰি ৬৩ খন আসন লাভ কৰিছিল ।

KERALA CM OATH CEREMONY
কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ভি ডি সতীশনৰ শপতগ্ৰহণ (YT Screengrab/Rahul Gandhi)
author img

By ETV Bharat Assamese Team

Published : May 18, 2026 at 11:51 AM IST

4 Min Read
Choose ETV Bharat

তিৰুৱনন্তপুৰম (কেৰালাম) : কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভি ডি সতীশনে সোমবাৰে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । সতীশনৰ সৈতে আন ২০ জন বিধায়কেও তেওঁৰ কেবিনেটৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । ৰাজ্যপাল আৰ ভি আৰ্লেকাৰে আটাইকে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷ তিৰুৱনন্তপুৰমৰ চেন্ট্ৰেল ষ্টেডিয়ামত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠান ।

বিধানসভা নিৰ্বাচনত নিৰ্ণায়ক জয়ৰ পিছত কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টে কেৰালামত এক দশকৰ পাছত ক্ষমতালৈ ঘূৰি আহে আৰু চিপিআই (এম)ৰ প্ৰবীণ নেতা পিনাৰায় বিজয়নৰ দশকজোৰা শাসনৰ আনুষ্ঠানিকভাৱে অন্ত পেলায় ৷ শপতগ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, সাংসদ প্ৰিয়ংকা গান্ধী আৰু সাধাৰণ সম্পাদক কে চি বেণুগোপালে অংশগ্ৰহণ কৰে ।

ইয়াৰ উপৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুকে ধৰি কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে । কেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন, বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ এ এন শ্বামশ্বিৰ, কেৰালাম বিজেপিৰ সভাপতি ৰাজীৱ চন্দ্ৰশেখৰ আৰু চিপিআই নেতা বিনয় বিশ্বমেও অংশগ্ৰহণ কৰে ।

সতীশনৰ সৈতে কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা বিধায়কৰ ভিতৰত ১১ জনেই কংগ্ৰেছৰ বিধায়ক । তেওঁলোক হ’ল ক্ৰমে ৰমেশ চেনিথালা, ছানি জোচেফ, কে মুৰলীধৰণ, এ পি অনিল কুমাৰ, পি চি বিষ্ণুনাথ, ৰোজী এম জন, বিন্দু কৃষ্ণ, এম লিজু, টি ছিদ্দিক, কে এ তুলসী আৰু অ’ জে জনীশ ।

সতীশনে পূৰ্বে ঘোষণা কৰা মতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তিৰুৱঞ্চুৰ ৰাধাকৃষ্ণন বিধানসভাৰ অধ্যক্ষ হ’ব, আনহাতে ছানিমুল উছমান উপাধ্যক্ষ হ’ব । বিধায়ক আপ্পু জন জোচেফক চৰকাৰৰ মুখ্য হুইপ হিচাপে নিযুক্তি দিয়া হৈছে ।

শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে সতীশনে কয়, “পবিত্ৰ দায়িত্ববোধেৰে মই সৰ্বাংগীন শাসন ব্যৱস্থা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, সকলো সম্প্ৰদায়ক সন্মান জনোৱা আৰু কেৰালামৰ উন্নয়ন আৰু প্ৰগতিক অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।”

সতীশনে লগতে কয় যে, চৰকাৰ গঠন প্ৰক্ৰিয়াটো ২৪ ঘণ্টাৰো কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হ’ল ৷ এয়া কেৰালামৰ ইতিহাসত আটাইতকৈ দ্ৰুততম সিদ্ধান্ত; আঞ্চলিক আৰু সামাজিক জনগাঁথনিৰ প্ৰতিও লক্ষ্য কৰা হৈছিল । তেওঁ লগতে কয়, ‘‘আমি মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সৈতে আলোচনা কৰিলোঁ আৰু ২৪ ঘণ্টাৰ ভিতৰতে আমি সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিলোঁ ।’’

তেওঁ আৰু কয়, ‘‘আমি সামাজিক আৰু আঞ্চলিক ভাৰসাম্যতা আৰু মহিলা আৰু দলিতৰ প্ৰতিনিধিত্বৰ কথাও বিবেচনা কৰিবলগীয়া হৈছিল ৷ আমি অনুসূচিত জনজাতি সম্প্ৰদায়ৰ দুজন সদস্যক অন্তৰ্ভুক্ত কৰিছোঁ আৰু মহিলাৰ প্ৰতিনিধিত্বও নিশ্চিত কৰা হৈছে ।"

২০২৬ চনৰ বিধানসভা নিৰ্বাচনত পাৰাভুৰ সমষ্টিত জয়লাভ কৰি সতীশনে একেৰাহে ষষ্ঠবাৰৰ বাবে বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ চিপিআইৰ প্ৰাৰ্থী ইটি টাইছন মাষ্টাৰক ৭৮,৬৫৮টা ভোট পৰাস্ত কৰে । ২০০১ চনত প্ৰথমবাৰৰ বাবে এই আসনখন দখল কৰি ২৫ বছৰ ধৰি পাৰাভুৰ সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰি আহিছে ।

২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ১৪০ জনীয়া সদনৰ ১০২ খন আসনত জয়লাভ কৰে । কংগ্ৰেছে ৬৩খন আসনেৰে সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰাৰ বিপৰীতে আইইউএমএলে ২২খন আসন লাভ কৰে । এলডিএফ আসন ৩৫খনলৈ হ্ৰাস পোৱাৰ বিপৰীতে বিজেপিয়ে তিনিটা সমষ্টিত জয়লাভ কৰে ।

ভিডি সতীশনক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ভিডি সতীশনে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক শুভেচ্ছা জনায় ৷ সামাজিক মাধ্যম এক্সত প্ৰধানমন্ত্ৰীয়ে কয়, "ভিডি সতীশন ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন । তেখেতৰ কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ । জনসাধাৰণৰ আকাংক্ষা পূৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে নৱগঠিত কেৰালাম চৰকাৰক সম্ভৱপৰ সকলো সহযোগিতাৰ আশ্বাস দিয়ে ।"

লগতে পঢ়ক : ভিডি সতীশন হ'ব কেৰালামৰ নতুন মুখ্যমন্ত্ৰী

সন্ধিয়াৰ পৰা আৰম্ভ হ'ব কেৰালামৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনিৰ আলোচনা

চলিত সপ্তাহতে ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ সময়সূচী !