বিজেপিৰ ৰণনীতিত অকলশৰীয়া UPPL : বিধানসভা নিৰ্বাচনত অকলে যুঁজাৰ প্ৰস্তুতি, BTCৰ বাহিৰতো কৰিব প্ৰতিদ্বন্দ্বিতা
বি টি চিৰ পৰিষদীয় নির্বাচনৰ পৰাই বিজেপি আৰু মিত্রদল ইউ পি পি এলৰ মাজৰ মিত্ৰতাত দূৰত্ব সৃষ্টিৰ এক পৰিৱেশ গাঢ় হৈ পৰিছিল ৷

Published : November 16, 2025 at 6:22 PM IST
গুৱাহাটী : বি টি চিত ক্ষমতাহীন হোৱাৰ লগে লগে অকলশৰীয়া হৈ পৰিল ইউ পি পি এল দল ৷ নিৰ্বাচনত পৰাজিত হোৱাৰ লগে লগে একপ্ৰকাৰ সংগ এৰিলে মিত্রতাৰে বান্ধ খাই থকা বিজেপিয়ে ৷ বি টি চিৰ ক্ষমতা লাভ কৰাৰ লগে লগে বি পি এফ দল এতিয়া বিজেপিৰ বাবে অতি আপোন হৈ পৰিল ৷ মিত্রতা কৰি বিজেপিয়ে বি পি এফৰ বিধায়কক দিলে মন্ত্রী পদ ৷
এই বি পি এফ দল শাসনত থকা সময়ত ইউ পি পি এলৰ বিৰোধী আছিল ৷ সময়ৰ লগে লগে সকলো সলনি হৈ পৰিল ৷ মিত্রই মিত্রতা এৰি শত্ৰুৰ মিত্র হৈ পৰিল ৷ লক্ষণীয় বিষয় যে বি টি চিৰ পৰিষদীয় নির্বাচনৰ পৰাই বিজেপি আৰু মিত্রদল ইউ পি পি এলৰ মাজৰ মিত্ৰতাত দূৰত্ব সৃষ্টিৰ এক পৰিৱেশ গাঢ় হৈ পৰিছিল ৷
ইউ পি পি এলৰ প্ৰধান বিৰোধী বি পি এফৰ ৰাজ্যৰ শাসক দলটো অধিক কাষ চপাৰ ফলত সৃষ্টি হোৱা এই পৰিৱেশৰ পাছত ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনত দুই সহযোগী দলৰ মিত্ৰতা থাকিব নে নাথাকে তাকে লৈ চৰ্চা চলি আহিছে ৷ কাৰণ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে, "আগন্তুক বিধানসভা নিৰ্বাচনৰ ক্ষেত্রত মিত্রতা সন্দৰ্ভত আলোচনা কৰাৰ পাছতেহে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷" ইয়াৰ পৰা এটা কথা স্পষ্ট যে বি পি এফ দলৰে মিত্রতা কৰা বিজেপি দলৰে ইউ পি পি এল দলে মিত্রতা কৰাৰ অৱকাশ নাই ৷
আনহাতে বিজেপি দলেও ক্ষমতাহীন ইউ পি পি এক দলৰে মিত্রতাত থাকিব বিচৰা নাই ৷ অৱশ্যে ইউ পি পি এল দলৰ ইউ জি ব্ৰহ্ম এতিয়াও মন্ত্রী হৈ আছে ৷ সামগ্ৰিক প্ৰেক্ষাপটৰ সমগ্ৰ বিষয়টো অস্পষ্ট হৈ আছে যদিও ইউ পি পি এল দলে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি কুচকাৱাজ আৰম্ভ কৰিছে ৷ অসম চৰকাৰৰ মন্ত্ৰী তথা ইউ পি পি এলৰ জ্যেষ্ঠ নেতা উৰ্খাও গৌৰা ব্ৰহ্মই সমগ্ৰ প্ৰেক্ষাপট সন্দৰ্ভত তাৎপর্যপূর্ণ মন্তব্য কৰিছে ৷
ইটিভি ভাৰতৰে হোৱা টেলিফোনিক বাৰ্তালাপত মন্ত্রী ব্রহ্মই কয়, "প্রয়োজন অনুসাৰে আমি অকলশৰীয়াকৈ নিৰ্বাচনত থিয় দিবলৈ প্ৰস্তুতি চলাই আছো ৷ ইউ পি পি এলে অকল বি টি চিতে নহয় বি টি চিৰ বাহিৰতো নিৰ্বাচন খেলিবলৈ চিন্তা-চৰ্চা কৰি আছে ৷ বি টি চিৰ বাহিৰৰ শোণিতপুৰ, বিশ্বনাথ আৰু গহপুৰত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম ৷ আচলতে ৰাজনৈতিক সম্পর্ক বিলাক টিভি ছিৰিয়েলৰ নামৰ দৰে ৷ ‘য়ে ৰিস্তা ক্যা কেহলাতা হো' জাতীয়হে ৷ তেনে অৱস্থাই বৰ্তমান ইউ পি পি এলৰ হৈ আছে ৷ গতিকে আমি অকলশৰীয়াকৈ নিৰ্বাচনত থিয় দিবলৈয়ো প্রস্তুতি চলাই আছো ৷"
তেওঁ লগতে কয়, "উজনি অসমত এইবাৰ জনজাতিকৰণৰ বিষয়টোৱে নিৰ্বাচনত প্ৰভাৱ পেলাব ৷ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ইচ্ছা কৰিলে ৰাস্তা উলিয়াব পাৰে ৷”
উল্লেখ্য যে বিগত বিধানসভা নিৰ্বাচনত ইউ পি পি এল দল বি টি চিৰ ক্ষমতাত আছিল ৷ যাৰ বাবে শাসকীয় দল বিজেপিৰ অংশীদাৰ হৈছিল ইউ পি পি এল ৷ এলাগী হৈ পৰিছিল ক্ষমতাহীন হোৱা বি পি এফ দল ৷ এইবাৰ বি পি এফ দল বি টি চিৰ ক্ষমতালৈ আহিল ৷ লগে লগে বিজেপিয়ে মিত্রতাৰ হাত আগবঢ়ালে ৷ বি পি এফ মিত্র হৈ পৰাৰ লগে লগে ইউ পি পি এল দল বিজেপিৰ পৰা আঁতৰ হৈ পৰিল ৷ এইবাৰ বিজেপিয়ে বি পি এফ দলৰে মিত্রতা কৰি বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো প্ৰায় নিশ্চিত ৷ যাৰ বাবে ইউ পি পি এল দলে অকলে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ৷

