ইউপিপিএলৰ প্ৰাৰ্থী তালিকাৰ ঘোষণা; এনডিএৰ অংশীদাৰ হৈ থাকিবনে নাই তাক লৈ প্ৰশ্ন?
এন ডি এৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনা ব্য়ক্ত ইউপিপিএলৰ? সোমবাৰে বিয়লি প্ৰকাশ পাবলগীয়া প্ৰাৰ্থী তালিকাই স্পষ্ট কৰিব মিত্ৰতাৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ৷

Published : March 16, 2026 at 8:04 AM IST
কোকৰাঝাৰ: দেওবাৰে নিশা কোকৰাঝাৰৰ ইউ পি পি এল দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত দলটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে কয়, “২০২০ চনত প্ৰমোদ বড়োৰ নেতৃত্বত বি টি আৰ পৰিষদ গঠন হোৱাৰ পাছতে ইউ পি পি এল দল এন ডি এৰ সৈতে মিত্ৰতাত আছিল ৷ ২০২১ চনত বিধানসভাৰ নিৰ্বাচন, ২০২৪ চনত এন ডি এত থাকি লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৷ ইউ পি পি এল দলত বৰ্তমান সাতগৰাকী বিধায়ক আৰু তিনিজন সাংসদ আছে ৷"
২০২০ চনৰ পৰা এন ডি এ চৰকাৰত থকা ইউ পি পি এল দলৰ মিত্ৰতা এইবাৰ বিধানসভা নিৰ্বাচনত থাকিব নে নাই তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে ৷ দেওবাৰে পুৱতি নিশা পৰ্যন্ত এই সম্পৰ্কে ইউ পি পি এলৰ উচ্চস্তৰীয় এখন বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত মিত্ৰতা, প্ৰাৰ্থিত্ব প্ৰদান লগতে ভিন্ন দিশসমূহ আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ৷
তেওঁ লগতে কয়,"১০ মাৰ্চত ইউ পি পি এল দলৰ ক’ৰ সমিতিৰ সভাত বিজেপি দলৰ সভাপতি দিলীপ শইকীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল ৷ য'ত বিজেপিৰ ৰাজ্যিক সভাপতিক ইউ পি পি এল দলৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত ১২ মাৰ্চত ভিতৰত স্পষ্ট কৰিবলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু বিজেপিৰ সভাপতিগৰাকীৰ পৰা ইয়াৰ কোনো সহাঁৰি নাপালো ৷ সেয়ে পুনৰ ক’ৰ কমিটীৰ সভাত এই পত্ৰখন ৰাজহুৱা কৰাৰ বাবে আৰু দলীয়ভাৱে কি কৰিব নকৰিব এক সিদ্ধান্ত লোৱা হয় ৷ লগতে ১৩ মাৰ্চৰ দিনা প্ৰধানমন্ত্ৰী অহাৰ বাবে এই সন্দৰ্ভতো ৰাজহুৱা নকৰিলে ৷"
ৰাজু কুমাৰ নাৰ্জাৰীয়ে কয়,"ইউ পি পি এল দলে লোৱা সিদ্ধান্ত সোমবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব ৷ সোমবাৰে বিয়লি ৩ বজাত কোকৰাঝাৰৰ কেন্দ্ৰীয় কাৰ্যালয়তে ইউ পি পি এল দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হ’ব ৷ আজি গোটেই নিশা শীৰ্ষ নেতাসকলোৰে উপস্থিতিত দলৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে ৷ উক্ত বৈঠকতে প্ৰাৰ্থী নিৰ্বাচন, এন ডি এত থকা নথকাৰ সিদ্ধান্ত, দলৰ পৰৱৰ্তী বিষয় সম্পৰ্কে সিদ্ধান্তৰ ওপৰত আলোচনা কৰা হৈছে ৷ সোমবাৰে আনুষ্ঠানিকভাবে সকলো ঘোষণা কৰা হ’ব ৷"
এন ডি এত থকা সময়ৰ কথা উল্লেখ কৰি নাৰ্জাৰীয়ে কয়,"২০২০ চনৰ পৰা এন ডি এত আছো ৷ ২০২১ চনৰ পৰা ৰাজ্য চৰকাৰৰ লগত এন ডি এত আছো ৷ ৰাইজৰ আশা আকাংক্ষা, ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ চেষ্টা কৰিলো ৷ বি টি আৰ চুক্তি ৰূপায়ণ কৰা এটা ডাঙৰ প্ৰত্যাহ্বান আছিল ৷ বি টি আৰ চুক্তি ৰূপায়ণ কৰিবলৈ গৈ বড়ো কছাৰী কল্যাণ স্বায়ত্ত্ব পৰিষদ অৰ্থাৎ বিকেডব্লিউওৱাইচি নামৰ নতুন এখন কাউন্সিল গঠন কৰা হ’ল ৷ গহপুৰলৈকে ৮১ খন গাওঁ অন্তৰ্ভুত কৰি বি টি আৰৰ চাৰিসীমা বৃদ্ধি কৰা হ’ল ৷"
তেওঁ পনুৰ কয়, "বডোফাৰ জন্ম দিৱস ছাত্ৰ দিৱস হিচাপে উদযাপন কৰিবলৈ সক্ষম হ’লো, দিল্লীত বডোফাৰ প্ৰতিমূৰ্তি স্থাপনৰ লগতে পথৰ নামকৰণ কৰিবলৈ সক্ষম হ’লো ৷ তামুলপুৰত মেডিকেল কলেজ , কোকৰাঝাৰ বিশ্ববিদ্যালয়কে ধৰি কেইবাটাও দফা ২০২৬ চনলৈকে অসম চৰকাৰৰ অংশীদাৰ হিচাপে থাকি ৰূপায়ণ কৰিবলৈ সক্ষম হৈছো ৷ ইয়াৰবাবে সকলো ৰাইজক ধন্যবাদ ৷"
আনফালে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম দল ত্যাগ কৰাৰ সন্দৰ্ভত তেওঁ কয়,“ তেখেত আমাৰ দললৈ আহিছিল আমি সন্মান জনাইছো ৷ কাম কৰাৰ সুযোগ দিছিলো ৷ সামাজিক মাধ্যমযোগে চন্দন ব্ৰহ্ম পদত্যাগ কৰা বুলি দেখিবলৈ পাইছো ৷ তেখেতৰ ৰাজনৈতিক জীৱন উজ্জ্বল হওক তাকেই কামনা কৰিলোঁ ৷"

