সমাগত বিধানসভা নিৰ্বাচন : ৭৪ টা সমষ্টিত পুৰুষক অতিক্ৰম কৰিলে মহিলা ভোটাৰৰ সংখ্যাই
বিধানসভা নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ১০ ফেব্ৰুৱাৰীত । প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি এইবাৰৰ নিৰ্বাচনত মহিলাসকলৰ শক্তি বেছি ।

Published : January 8, 2026 at 6:30 PM IST
গুৱাহাটী: বিধানসভা নিৰ্বাচন সমাগত । সাজু হৈছে সকলো ৰাজনৈতিক দল । আনহাতে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে ।
শেহতীয়াকৈ প্ৰকাশ কৰিছে খচৰা ভোটাৰ তালিকা । বিধানসভা নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ১০ ফেব্ৰুৱাৰীত । প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি এইবাৰৰ নিৰ্বাচনত মহিলাসকলৰ শক্তি বেছি । অৰ্থাৎ পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা বেছি । যাৰ বাবে ৰাজ্যৰ ৰাজনীতিত মহিলা শক্তিৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে ।
ইফালে নিৰ্বাচনত মহিলাসকল নির্ণায়ক হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজ্যৰ মহিলাসকলক আকৰ্ষিত কৰিব পৰাকৈ নতুন নতুন আঁচনি ৰূপায়ণ কৰিছে । সদ্য প্রকাশিত বিশেষ সংশোধিত ভোটাৰ তালিকাত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত ৭৪ টা সমষ্টিত অর্থাৎ ৫৮ শতাংশ সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ।

উল্লেখ্য যে ২০২৪ চনৰ ২৯ অক্টোবৰত প্ৰকাশিত খচৰা ভোটাৰ তালিকাত ৬৯ টা সমষ্টিত মহিলা ভোটাৰ সংখ্যাগৰিষ্ঠ আছিল । ২০২৫ চনৰ ২৭ ডিচেম্বৰত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাত মহিলা ভোটাৰ সংখ্যাগৰিষ্ঠ
হোৱা সমষ্টিৰ সংখ্যা যোৱা বছৰতকৈ আৰু ৫ টা বৃদ্ধি পাইছে । প্রকাশিত খচৰাত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৫২,০১,৬২৪ গৰাকী । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ১,২৫,৭২,৫৮৩ জন হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে ১,২৬,২৮,৬৬২ গৰাকী । সেই অনুসৰি ৰাজ্যত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা ৫৬,০৭৯ গৰাকী অধিক ।
ৰাজ্যৰ সংখ্যালঘু ভোটাৰৰ প্রাধান্য থকা সমষ্টিসমূহৰ তুলনাত খিলঞ্জীয়া লোকৰ বসতিপ্রধান উজনি অসম আৰু পাৰ্বত্য জিলাৰ সমষ্টিসমূহত পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক হোৱাৰ তথ্য খচৰা ভোটাৰ তালিকাত প্ৰতিফলিত হৈছে ।
পুৰুষতকৈ মহিলা ভোটাৰ থকা সমষ্টিসমূহ হৈছে ক্ৰমে - কোকৰাঝাৰ জিলাত দোতমা, কোকৰাঝাৰ আৰু বাওখুংগ্ৰী, ধুবুৰীৰ জিলাৰ বিলাসীপাৰা, গোৱালপাৰা জিলাৰ গোৱালপাৰা(পশ্চিম) আৰু দুধনৈ, চিৰাং জিলাৰ চিদলী-চিৰাং, কামৰূপৰ বকো-ছয়গাঁও, পলাশবাৰী, হাজো-শুৱালকুছি আৰু কমলপুৰ ।
কামৰূপ মহানগৰ জিলাৰ ৫টা সমষ্টিতে অর্থাৎ দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী সমষ্টিত পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্য বেছি । বাক্সা জিলাৰ বাক্সা সমষ্টি, তামুলপুৰ জিলাৰ গোৰেশ্বৰ, ওদালগুৰিৰ চাৰিওটা সমষ্টি ক্ৰমে ভেৰগাঁও, ওদালগুৰি, মাজবাট আৰু টংলাত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা বেছি । মৰিগাঁও জিলাৰ জাগীৰোড আৰু মৰিগাঁও সমষ্টি, নগাঁও জিলাৰ বঢ়মপুৰ, নগাঁও-বটদ্ৰৱা আৰু ৰহা, শোণিতপুৰৰ বৰছলা, তেজপুৰ, ৰঙাপৰা আৰু নদুৱাৰ, বিশ্বনাথ জিলাৰ বিশ্বনাথ, বিহালী আৰু গহপুৰ, লখিমপুৰ জিলাৰ বিহপুৰীয়া, ৰঙানদী আৰু লখিমপুৰ সমষ্টিতো পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা বেছি ।

উজনি অসম আৰু পাৰ্বত্য জিলাৰ দুই-এটা সমষ্টিৰ বাদে অধিক সংখ্যক সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা অধিক । সেইদৰে ধেমাজি জিলাৰ ধেমাজি, জোনাই, তিনিচুকীয়া জিলাৰ ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম আৰু তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ আটাইকেইটা সমষ্টি ক্ৰমে চাবুৱা, লাহোৱাল, ডিব্ৰুগড়, খোৱাং, দুলীয়াজান, টিংখং আৰু নাহৰকটীয়া, চৰাইদেউৰ দুয়োটা সমষ্টি ক্ৰমে সোণাৰি আৰু মাহমৰা, শিৱসাগৰ জিলাৰ ডিমৌ, শিৱসাগৰ আৰু নাজিৰা, যোৰহাটৰ আটাইকেইটা সমষ্টি টীয়ক, যোৰহাট, মৰিয়নি, তিতাবৰ, গোলাঘাট জিলাৰ কেউটা সমষ্টি ক্ৰমে দেৰগাঁও, গোলাঘাট, বোকাখাত, খুমটাই আৰু সৰুপথাৰ, কাৰ্বি আংলঙৰ তিনিওটা সমষ্টি বোকাজান, হাওৰাঘাট আৰু ডিফু পশ্চিমত পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা বেছি ।
কাৰ্বি আংলঙৰ আমৰি, ডিমা হাছাওৰ হাফলং, কাছাৰ জিলাৰ লক্ষীপুৰ, উদাৰবন্দ, বৰখলা আৰু ঢলাই সমষ্টিত পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক ।
লক্ষণীয় বিষয় যে প্ৰতিবছৰে পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি হৈ ৰাজ্যৰ ৰাজনীতিত মহিলা ভোটাৰসকল নির্ণায়ক শক্তি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে মহিলাসকলক আকৰ্ষিত কৰিব পৰাকৈ এখনৰ পাছত আন এখন নতুন আঁচনি ৰূপায়ণত গুৰুত্ব দি আহিছে । সেই আঁচনিসমূহৰ ভিতৰত অন্যতম অৰুণোদয় । এই আঁচনিৰ যোগেদি ৰাজ্যৰ ৩৮ লাখ মহিলালৈ প্ৰতি মাহে ১২৫০ টকাৰ সাহায্য আগবঢ়োৱা হয় । ইফালে নিৰ্বাচনৰ আগে আগে ফেব্ৰুৱাৰী মাহত চাৰিমাহৰ 'অৰুণোদয়'ৰ ধনৰ লগত তিনি হাজাৰ টকা অতিৰিক্তভাৱে যোগ দি মুঠ ৮ হাজাৰ টকা প্ৰদান কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ।
আনহাতে, বিধানসভা সমষ্টিয়ে সমষ্টিয়ে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ ৩৯ লাখ মহিলালৈ স্বাৱলম্বিতাৰ লক্ষ্যৰে ১০ হাজাৰ টকাকৈ দিয়াৰ প্ৰক্ৰিয়া অব্যাহত আছে । মুখ্যমন্ত্রীয়ে নিজে এই আঁচনিৰ ধন বিতৰণৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰি আহিছে । সেইদৰে ৰাজ্যৰ ৭০ লাখ মহিলাৰ নামত খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন কাৰ্ডত বিনামূলীয়া চাউলৰ লগতে এশ টকাত এক কেজিকৈ মচুৰ দাইল, নিমখ আৰু চেনিৰ যোগান ধৰা হৈছে ।
এক কথাত মহিলাসকলক সন্তুষ্ট কৰাৰ ক্ষেত্রত অলপো কৃপণালি কৰা নাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । অৱশ্যে সন্মুখত নিৰ্বাচন আছে যেতিয়া মহিলাসকলক লক্ষ্য কৰি আঁচনিৰ চমক দিয়াটো অস্বাভাৱিক নহয় । এইক্ষেত্রত অনাগত দিনত হয়টো আৰু চমক দিব বিজেপি চৰকাৰে ।
লগতে পঢ়ক: বিধানসভা বৃত্তান্ত : জানো আহক নৱগঠিক চেণ্ট্ৰেল গুৱাহাটী সমষ্টিক

